32.1 C
New Delhi
Saturday, May 9, 2026
spot_img
Homeঅসমজ্যেষ্ঠ সাংবাদিক দিলীপ কলিতাৰ ঘৰত অজগৰ সাপ উদ্ধাৰঃ সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ...

জ্যেষ্ঠ সাংবাদিক দিলীপ কলিতাৰ ঘৰত অজগৰ সাপ উদ্ধাৰঃ সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ অভিযান*

জ্যেষ্ঠ সাংবাদিক দিলীপ কলিতাৰ ঘৰত অজগৰ সাপ উদ্ধাৰঃ সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ অভিযান*

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৮ মেঃ শোণিতপুৰ জিলাৰ চান্দমাৰীত আজি সৰ্প বিশেষজ্ঞ অধ্যাপক সৌৰভ বৰকটকীয়ে এডাল অজগৰ সাপ উদ্ধাৰ কৰে৷ উদ্ধাৰৰ পিছতেই তেওঁ সৰ্প বিষয়ক সজাগতাৰ বাৰ্তাৰে বন বিভাগক সাপডাল জমা দিয়ে৷ উল্লেখ্য যে কালি নিশা ১২ বজাৰ পিছত জ্যেষ্ঠ সাংবাদিক দিলীপ কলিতাৰ ঘৰত অজগৰ সাপটো উলাইছিল৷ ইয়াৰ পিছতেই সাংবাদিক গৰাকীয়ে সাপটো উদ্ধাৰৰ বাবে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীক খবৰ দিয়ে৷ উক্ত ঘটনাৰ পম খেদি বৰকটকীয়ে সেই স্থানত উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰিছিল৷ ​উদ্ধাৰৰ পিছতেই বৰকটকীয়ে অজগৰৰ বিষয়ে কয় যে অজগৰ এটা অ-বিষাক্ত সাপ (Python Non-Venomous)৷ এই সাপ বিধৰ গড় দৈৰ্ঘ্য্য ৩.৭ মিটাৰৰ পৰা সৰ্বাধিক ১০ মিটাৰ পৰ্যন্ত হয়৷ বিশেষকৈ চৰাই, স্তন্যপায়ী প্ৰাণী আৰু পোহনীয়া পশুপক্ষী ইহঁতৰ প্ৰধান খাদ্য৷ অজগৰ ইমানেই শক্তিশালী যে ছাগলী, গৰুৰ পোৱালি, পহু আনকি বাঘকো আক্ৰমণ কৰি গিলি পেলাব পাৰে৷ অজগৰে চিকাৰ দেখা পালে ক্ষিপ্ৰগতিৰে আক্ৰমণ কৰি কুণ্ডলী মাৰি ধৰে আৰু ইয়াৰ শক্তিশালী পেশীৰ কুণ্ডলীৰ পৰা ওলোৱাটো সম্ভৱ নহয়৷ ইয়াৰ পিছত লাহে লাহে চিকাৰটো গোটে গোটে গিলি পেলায়৷ ​অজগৰ সাপ সাঁতোৰা আৰু আৰোহণ কৰাৰ লগতে গছত উঠাত অত্যন্ত নিপুন৷ ইহঁত গভীৰ অৰণ্য, বনাঞ্চল তথা আৰ্দ্ৰভূমিৰ বিল, জলাশয় আৰু পিটনি হোলাত থাকি ভাল পায়৷ কেতিয়াবা পোহনীয়া পশু-পক্ষী খাবলৈ অহাৰ বাবে মানুহৰ আৱাসৰ ওচৰতো ইয়াক দেখা পোৱা যায়৷ এজনী মাইকী অজগৰে প্ৰায় ষাঠিৰ পৰা আশী বা তাতকৈ অধিক কণী পাৰি উমনিত বহে আৰু পোৱালি নজগালৈকে মাক কণীৰ ওচৰতেই থাকে৷ অজগৰৰ দাঁতত বিষ নাথাকে যদিও বহুতো সৰু সৰু তীক্ষ্ণ দাঁত থাকে যিবোৰ ভিতৰলৈ বেঁকা হৈ থাকে৷ এই দাঁতবোৰে চিকাৰ ধৰিবলৈ আৰু গিলি খাবলৈ সহায় কৰে৷ ​অজগৰ সাপক বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ প্ৰথম তফছিলৰ অধীনত সুৰক্ষিত কৰা হৈছে৷ এই শ্ৰেণীবিভাজনৰ অৰ্থ হ’ল এই প্ৰজাতিয়ে সৰ্বোচ্চ সুৰক্ষা লাভ কৰে আৰু ইয়াক অনিষ্ট কৰিলে সৰ্বোচ্চ শাস্তি প্ৰদান কৰা হয়৷ পৰিৱেশৰ বাবে উপকাৰী এই প্ৰাণীবিধ জনাঞ্চলত দেখা পালে আতংকিত নহৈ সৰ্প বিশেষজ্ঞ বা বন বিভাগক খবৰ দিবলৈ সৌৰভ বৰকটকীয়ে আহ্বান জনায়৷

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
58 %
5.1kmh
20 %
Sat
37 °
Sun
39 °
Mon
41 °
Tue
43 °
Wed
41 °

Most Popular