32.1 C
New Delhi
Saturday, May 9, 2026
spot_img
Homeঅসমশ্ৰেণী কক্ষত কণমানি ছাত্ৰৰ শোকাৱহ মৃত্যু: ঘটনাত গোটেই বৰাক উপত্যকা শোকাহত

শ্ৰেণী কক্ষত কণমানি ছাত্ৰৰ শোকাৱহ মৃত্যু: ঘটনাত গোটেই বৰাক উপত্যকা শোকাহত

শ্ৰেণী কক্ষত কণমানি ছাত্ৰৰ শোকাৱহ মৃত্যু: ঘটনাত গোটেই বৰাক উপত্যকা শোকাহত

শিলচৰ পিএনচি ৮ মে: কাছাৰ জিলাৰ কাটিগৰাত ঘটি গ’ল এটা মৰ্মান্তিক ঘটনা৷ ক্লাচ ৰুমৰ ভিতৰতে প্ৰাণ হেৰুৱালে কেজি ওয়ানৰ ৫ বছৰীয়া এজন ছাত্ৰ ই৷ ঘটনাটোৱে কাটিগৰাকে ধৰি গোটেই বৰাক উপত্যকাক শোকাহত কৰিছে৷
ঘটনাটো কাটিগৰাৰ হোলি ফ্লাওয়াৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ৷ বৃহস্পতিবাৰে যথাৰীতি স্কুল আৰম্ভ হ’লে অঘটন ঘটে ১১টা মান বজাত৷ স্কুলটোৰ কেজি ওয়ানৰ ছাত্ৰ সাকিব আহমদ আছিল তেতিয়া পঢ়া-শুনাত ব্যস্ত৷ এই খিনিতে লগত সহপাঠী এজনৰ পৰা টিফিন খায় আৰু ইয়াৰ পিছত বেঞ্চৰ তলত লুটিয়াই পৰে৷ বিষয়টো অইন সহপাঠীৱে শিক্ষিকাক জনালে শিক্ষিকাই ছাত্ৰ জনৰ অচৈতন্য দেহ উদ্ধাৰ কৰে৷ পিছলৈ শিশুটিক কাটিগৰা মডেল হাস্পতালত লৈ যোৱা হ’লে চিকিৎসক সকলে শিশুটিক মৃত বুলি ঘোষণা কৰে৷ এই ঘটনাৰ খবৰ পাই কাটিগৰাৰ চক্ৰ বিষয়া যাত্ৰা কান্ত সৰকাৰ চিকিৎসালয়লৈ উপস্থিত হয় আৰু প্ৰাথমিক তদন্তৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ আৰক্ষী সূত্ৰই কয় যে মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃত্যুৰ কাৰণ নিৰ্দ্ধাৰণ কৰা সম্ভৱ হ’ব৷

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
58 %
5.1kmh
20 %
Sat
37 °
Sun
39 °
Mon
41 °
Tue
43 °
Wed
41 °

Most Popular