আকাশবাণীৰ নব্বৈবছৰ উপলক্ষে ৱাকথন
দুৰ্নীতিৰ দৰ্পণ, প্ৰশান্ত শইকীয়া, ডিব্ৰুগড় ৮ মে’: আকাশবাণীৰ অনুষ্ঠান সম্প্ৰচাৰৰ নব্বৈ বছৰ পূৰ্তি উপলক্ষে আজি সমগ্ৰ দেশৰ লগতে আয়োজন কৰা ‘ৱাকথন’ কাৰ্যসূচীৰ অংশ স্বৰূপে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ উদ্যোগতো আজি ডিব্ৰুগড় নিৰ্মলীগাঁও ছোৱালী হাইস্কুল খেলপথাৰৰ পৰা আকাশবাণী ডিব্ৰুগড়ৰ চৌহদলৈকে চাৰে তিনিকিলোমিটাৰ জোৰা এক ৱাকথন কাৰ্যসূচী সম্পন্ন কৰা হয়৷ ৱাকথনৰ ফ্লেগ অফ কৰে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰই৷ আকাশবাণীৰ বিষয়া-কৰ্মচাৰী, শিল্পী, নৈমিত্তক ঘোষক-ঘোষিকা, স্থানীয় নাগৰিক, ছাত্ৰ-ছাত্ৰীকে ধৰি দুই শতাধিক লোকে অংশ গ্ৰহণ কৰা ৱাকথন কাৰ্যসূচীত উপস্থিত থাকি ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড়ৰ প্ৰসাৰণ কাৰ্যবাহী পৰশা কোঁৱৰে ৱাকথনৰ প্ৰাকমুহূৰ্তত অংশগ্ৰহণকাৰীক উদ্দেশি বক্তব্য আগবঢ়ায়৷ ৱাকথন সম্পূৰ্ণ কৰা প্ৰথম তিনিগৰাকী পুৰুষ আৰু তিনিগৰাকী মহিলা অংশগ্ৰহণকাৰীক মেডেল আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়৷ তদুপৰি যিসকলে অংশ গ্ৰহণ কৰিছে তেওঁলোককো আকাশবাণীৰ তৰফৰ পৰা অংশ গ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ বিগত নব্বৈ বছৰত অসমীয়া সংস্কৃতি, সংগীত আৰু জনসজাগতাৰ ক্ষেত্ৰত আকাশবাণীয়ে আগবঢ়োৱা অৱদানৰ প্ৰেক্ষাপটত এই ৱাকথনে এক বিশেষ মাত্ৰা বহন কৰিছে বুলিব পাৰি৷ এই ৱাকথনৰ মূলমন্ত্ৰ হৈছে–‘ৱাক ফৰ দা ভয়চ অৱ ইণ্ডিয়া– চিলেব্ৰেটিং নাইণ্টি য়েৰ্ছ অৱ কানেকটিং হাৰ্টছ এণ্ড হ’মছ৷ ’
আকাশবাণীৰ নব্বৈবছৰ উপলক্ষে ৱাকথন
Lucknow
haze
29
°
C
29
°
29
°
58 %
5.1kmh
20 %
Sat
37
°
Sun
39
°
Mon
41
°
Tue
43
°
Wed
41
°

