33.4 C
New Delhi
Monday, July 27, 2026
spot_img
Homeঅসমজুবিন গাৰ্গক অসমে কায়িক ভাৱে হেৰুৱাইছে, মানসিক ভাৱে হেৰুৱা নাই, জুবিন সকলোতে...

জুবিন গাৰ্গক অসমে কায়িক ভাৱে হেৰুৱাইছে, মানসিক ভাৱে হেৰুৱা নাই, জুবিন সকলোতে আছেঃ জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ*

জুবিন গাৰ্গক অসমে কায়িক ভাৱে হেৰুৱাইছে, মানসিক ভাৱে হেৰুৱা নাই, জুবিন সকলোতে আছেঃ জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ*

​শিৱসাগৰত তিনিদিনীয়া কাৰ্যসূচীৰে ২৯ সংখ্যক সন্মিলিত ৰঙালী বিহু সন্মিলনৰ বৰ্ণিল আৰম্ভণি

​ দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ,৯ মেঃ* “জুবিন গাৰ্গক অসমীয়াই হেৰুৱাইছো, কায়িক ভাৱে হেৰুৱাইছো, কিন্তু মানসিক ভাৱে হেৰুৱা নাই। জুবিন আমাৰ মাজত সদায় জীয়াই থাকিব।”— এই মন্তব্য জ্যেষ্ঠ সাংবাদিক তথা জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰৰ। আজিৰে পৰা শিৱসাগৰ চহৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত আৰম্ভ হোৱা ২৯ সংখ্যক সন্মিলিত ৰঙালী বিহু সন্মিলনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পৱিত্ৰ সোঁৱৰণত জনোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি শোকত ভাগি পৰে খুৰাক মনোজ বৰঠাকুৰ। তেওঁ কয় যে জুবিন গাৰ্গ সকলোতে আছে আৰু তেওঁ অসমৰ প্ৰতিগৰাকী লোকৰ অন্তৰত আমনি কৰি আছে।জুবিনৰ মৃত্যুত শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোৱে কান্দোনত ভাগৰি পৰিছিল। অসমীয়া গীতত এটা নতুন সোৱাদ দিয়া জুবিনে নতুন প্ৰজন্মক অসমীয়া গীত শুনিবলৈ বাধ্য কৰাইছিল। বিগত ত্ৰিশটা বছৰে জুবিনে কেৱল গীত আৰু চিনেমা আদিৰ জৰিয়তে অসমক এক নতুনত্ব দি থৈ গৈছে আৰু তেওঁৰ এই সৃষ্টিৰাজিক নতুন প্ৰজন্মই ধৰি ৰাখিব লাগিব বুলিও বৰঠাকুৰে মন্তব্য কৰে।​উল্লেখ্য যে বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা সন্মিলিত ৰঙালী বিহু সন্মিলনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ ভিতৰত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰদীপ কান্তি দাসে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ অনুষ্ঠানটো শুভাৰম্ভ কৰে কাৰ্যকৰী সভাপতি জয়ন্ত দত্তই। একেটা অনুষ্ঠানতেই শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে সন্মিলনৰ প্ৰধান সম্পাদক তথা সন্মিলনৰ লাইখুটা স্বৰূপ শৰৎ হাজৰিকাই। দিনৰ ১১ বজাত শিৱসাগৰ তথা অসমৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষ ২৯ গৰাকী পুৰুধা ব্যক্তিক বিহুৰ ওলগ আৰু বিশেষ সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত ব্যক্তিসকল হ’ল— অনন্ত শইকীয়া, প্ৰমোদ কাকতী, সৰ্বানন্দ কলিতা, প্ৰবীণ শইকীয়া, প্ৰাঞ্জল ৰাজগুৰু, সুশীল বৰুৱা, ৰাণা খান, শংকৰলাল আগৰৱালা, মোহন চন্দ্ৰ দত্ত, ফণিধৰ গগৈ, অমৃত মহন্ত, কাৰ্তিক দত্ত, অশোক জৈন, অৰুণ উদয় ঘোষ, নিউটন বেনেট, দেৱবালা গগৈ, ৰাধিকা বৰা দাস, আতিকুৰ ৰহমান, পিংকু চেতিয়া, বিজুলী বাছফৰ, শ্যাম সুন্দৰ চাহু, জ্ঞান টায়ে, দিলীপ কুমাৰ চাংমাই, বিপিন পাংগিং, নিত্যা নাৰায়ণ বৰগোঁহাই, সীমা বৰুৱা, জ্ঞানী প্ৰতাপ সিং, প্ৰেম গগৈ আৰু ডিম্বেশ্বৰ গোঁহাই।​ইয়াৰ পিছতেই আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতাখন উদ্বোধন কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° সমীৰণ বৰাই। বিয়লি ৫ বজাৰ পৰা সদৌ অসম ভিত্তিত মৌ-কুঁৱৰী প্ৰতিযোগিতা আৰু তাৰ পাছতেই সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতা সমূহত প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।​অহা ১০ মে’ৰ দিনৰ ১১ বজাত সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা, ১২:৩০ বজাত আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতা, বিয়লি ৪ বজাত সদৌ অসম ভিত্তিত জেং বিহু প্ৰতিযোগিতা আৰু সন্ধিয়া ৬ বজাৰ পৰা বৰ বিহুৱতী প্ৰতিযোগিতা তথা আমন্ত্ৰিত হুঁচৰি দলৰ বিহু প্ৰদৰ্শন অনুষ্ঠিত হ’ব।সন্মিলনৰ অন্তিম দিনা অৰ্থাৎ ১১ মে’ত চিত্ৰাংকণ প্ৰতিযোগিতা, অন্তৰংগ আলাপ আৰু সন্ধিয়া বঁটা বিতৰণী তথা স্মৃতিগ্ৰন্থ ‘বৰ্হম্‌থুৰি’ উন্মোচন কৰা হ’ব। উক্ত অনুষ্ঠানত জিলা আয়ুক্ত মৃদুল যাদৱ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া আৰু অ’এনজিচিৰ সম্পদ প্ৰৱন্ধক অমৃত কুমাৰ মুখোপাধ্যায় উপস্থিত থাকিব। স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই। সন্ধিয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিব প্ৰশান্ত প্ৰতীম কাঠকটীয়াই।সাংস্কৃতিক সন্ধিয়াত লোক সংস্কৃতিৰ সাধক দ্বীজেন গগৈক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে জনপ্ৰিয় শিল্পী নীল আকাশে গীত পৰিৱেশন কৰিব। সম্পাদকত্ৰয় জ্যোতিপ্ৰসাদ কলিতা, সুৰজিত বৰুৱা আৰু ময়ুৰ বৰাই সন্মিলনৰ আটাইকেইটা দিনতে সমূহ ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
32.1 ° C
32.1 °
32.1 °
58 %
1.7kmh
99 %
Mon
37 °
Tue
37 °
Wed
35 °
Thu
35 °
Fri
35 °

Most Popular