39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমদিবিকাত আদৰণীয় পদক্ষেপ: হিন্দু ধৰ্মৰ ৰীতি-নীতিৰে একেলগে ১৬ যোৰা দৰা-কইনাৰ শুভ বিবাহ...

দিবিকাত আদৰণীয় পদক্ষেপ: হিন্দু ধৰ্মৰ ৰীতি-নীতিৰে একেলগে ১৬ যোৰা দৰা-কইনাৰ শুভ বিবাহ সম্পন্ন

দিবিকাত আদৰণীয় পদক্ষেপ: হিন্দু ধৰ্মৰ ৰীতি-নীতিৰে একেলগে ১৬ যোৰা দৰা-কইনাৰ শুভ বিবাহ সম্পন্ন

দুৰ্নীতিৰ দৰ্পন, মকিবুদ্দিন আহমেদ, মৰিগাওঁ ৯ মে’: মৰিগাঁও জিলাৰ দিবিকা অঞ্চলত আজি এক ব্যতিক্ৰমী আৰু পবিত্ৰ সামাজিক অনুষ্ঠান সম্পন্ন হৈ যায়। সমাজৰ বৰ্ধিত ব্যয়বহুল বিবাহৰ পৰম্পৰাক প্ৰত্যাহ্বান জনাই আৰু একতাৰ নিদৰ্শন দাঙি ধৰি অঞ্চলটোত এক সামূহিক বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই বিশেষ কাৰ্যসূচীত একেলগে ১৬ যোৰা দৰা-কইনাই পবিত্ৰ বিবাহ পাশত আৱদ্ধ হয়।সম্পূৰ্ণ হিন্দু ধৰ্মৰ ধৰ্মীয় ৰীতি-নীতি আৰু শাস্ত্ৰীয় পদ্ধতিৰে এই বিবাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পবিত্ৰ হোমৰ জুইক সাক্ষী কৰি নতুন জীৱনৰ পাতনি মেলা এই অনুষ্ঠানত দিবিকাৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ শতাধিক ৰাইজে উৎসাহেৰে অংশগ্ৰহণ কৰে , উপস্থিত ৰাইজে জনোৱা মতে, এনে ধৰণৰ সামূহিক বিবাহে সমাজত আৰ্থিক বোজা হ্ৰাস কৰাৰ লগতে পাৰস্পৰিক সদ্ভাৱ বৃদ্ধি কৰে। মঙলধ্বনি আৰু উৰুলিৰ শব্দৰে মুখৰিত হৈ পৰা বিবাহ মণ্ডপত গঞা ৰাইজে ন-দৰা-কইনা সকলক যুগ্ম জীৱনৰ আশীৰ্বাদ প্ৰদান কৰে। স্থানীয় ৰাইজৰ প্ৰচেষ্টাত অতি সুকলমে আৰু শৃংখলাবদ্ধভাৱে সম্পন্ন হোৱা এই আদৰণীয় পদক্ষেপে এতিয়া সমগ্ৰ জিলাখনতে এক বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular