হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৫৭ ছাত্ৰ ছাত্ৰী অভিনন্দন
সাপেখাতী পৰা আজিজুল হকৰ ৰিপৰ্ট , দুৰ্নীতি দৰ্পণ : অসম কুৰ্মি সমাজ, চৰাইদেউ জিলা সমিতি,অসম কুৰ্মি যুৱ ছাত্ৰ পৰিষদ,অসম কুৰ্মি মহিলা সমাজ, চৰাইদেউ জিলা সমিতি উদ্যোগত আৰু নাফুক গাঁও সভাৰ সহযোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৫৭ ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠান নাফুক চাহ বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।সেই উপলক্ষে জিলা সমিতিৰ সভাপতি ৰতন কুৰ্মিৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত অসম কুৰ্মি সমাজৰ ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰবীণ কুৰ্মি,সোণাৰি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সুশীল চুড়ী,শিক্ষক,লেখক ৰমাকান্ত ভক্ত,অসম কুৰ্মি যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ কুৰ্মি,আটছা চৰাইদেউ জিলাৰ সভাপতি অজিত উৰাং,সম্পাদক গৌতম গোৱালা,অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ শিক্ষা ও সাহিত্য সম্পাদক নবীন কুৰ্মি,টাই আহোম যুৱ পৰিষদ (টাইপা)ৰ যুটীয়া সম্পাদক, টিপ চাকি খ্যাত ইন্দ্ৰ কোঁৱৰ,অসম কুৰ্মি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, ডিব্ৰুগড় জিলা কুৰ্মি সমাজৰ সভাপতি জগত কুৰ্মি, ডিব্ৰুগড় জিলা কুৰ্মি সমাজৰ উপ সভাপতি তিলেশ্বৰ কুৰ্মি,অসম কুৰ্মি মহিলা পৰিষদৰ সহকাৰী সম্পাদিকা নোমলী কুৰ্মি,সদস্যা মালতী কুৰ্মি,শিৱসাগৰ জিলা সমিতিৰ সম্পাদক পাৰ্থ কুৰ্মি,অসম কুৰ্মি যুৱ ছাত্ৰ পৰিষদৰ উপসভাপতি কিৰণ কুৰ্মি, সাংস্কৃতিক কৰ্মী,নাট্যকাৰ শ্ৰীকান্ত মাহত্ব,অসম কুৰ্মি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি,অসম কুৰ্মি সমাজৰ শিক্ষা সম্পাদক চেনীৰাম কুৰ্মি,অসম পাতৰ সমাজ, চৰাইদেউ জিলাৰ প্ৰাক্তন সম্পাদক ৰঞ্জন পাতৰ,সমাজ কৰ্মী দিলীপ কুৰ্মি,প্ৰাক্তন শিক্ষক মাখন কুৰ্মি,শিক্ষক জিতু কুৰ্মি, সমাজ কৰ্মী ভোগেশ্বৰ কুৰ্মি, প্ৰাক্তন শিক্ষয়িত্ৰী চনামণি কুৰ্মি,অসম চাহ মজদুৰ সংঘ সোণাৰি শাখাৰ সংগঠক ৰাজেন তেলী, শিল্পী লেখক গনেশ কুৰ্মি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ ৫৭ জন ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা ডা: মিতালী কুৰ্মিক বিশেষ ভাৱে অভিনন্দন জনোৱা হয়। অভিনন্দন অনুষ্ঠানটোৰ আঁত ধৰে জিলা সমিতিৰ সম্পাদক ৰঞ্জন কুৰ্মি,শিক্ষা সম্পাদক মণিৰাম কুৰ্মিয়ে।

