লালাত লায়ন্স ক্লাবৰ ব্যতিক্ৰমী মাদাৰ্ছ ডে উদযাপন*
সংগ্ৰামী মাতৃসকলক সম্বৰ্ধনা, মাতৃৰ নামত বৃক্ষৰোপণ আৰু সহায় সামগ্ৰী বিতৰণ
প্ৰীতম দাস হাইলাকান্দি ১০ মে : মাতৃত্বৰ প্ৰতি শ্ৰদ্ধা সমাজৰ সংগ্ৰামী নাৰীসকলৰ প্ৰতি সন্মান আৰু পৰিৱেশ সজাগতাৰ বাৰ্তা এই তিনিটা উদ্দেশ্যক আগত ৰাখি লায়ন্স ক্লাব অৱ লালাই ব্যতিক্ৰমীভাৱে মাদাৰ্ছ ডে উদযাপন কৰে। দেওবাৰে দিনজুৰি বিভিন্ন মানৱীয় আৰু সমাজসেৱামূলক কাৰ্যসূচীৰ জৰিয়তে দিনটো বিশেষ তাৎপৰ্যপূৰ্ণ কৰি তোলে সংগঠনটোৱে। লায়ন্স ক্লাব অৱ লালাৰ সভাপতি নুৰুল মজুমদাৰৰ নেতৃত্বত আয়োজিত এই কাৰ্যসূচীত ক্লাবৰ সদস্যসকলে লালা অঞ্চলৰ বিভিন্ন ঠাইত গৈ এনে বহু মাতৃৰ সৈতে সাক্ষাৎ কৰে, যিসকলে দীৰ্ঘদিন ধৰি অসীম ত্যাগ ধৈৰ্য আৰু সংগ্ৰামৰ মাজেৰে নিজৰ পৰিয়াল আৰু সন্তানক আগবঢ়াই লৈ আহিছে। বিশেষকৈ যিসকল মাতৃয়ে এককভাৱে বিশেষ চাহিদাসম্পন্ন অথবা শাৰীৰিকভাৱে অক্ষম সন্তানৰ লালন-পালন কৰি আহিছে, তেনে মাতৃসকলৰ ঘৰলৈ গৈ তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়।এই মাতৃসকলৰ হাতত সম্বৰ্ধনা স্মাৰক প্ৰদান কৰাৰ লগতে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰে লায়ন্স ক্লাবৰ সদস্যসকলে। বহু মাতৃৰ জীৱনসংগ্ৰামৰ কাহিনী শুনি অনুষ্ঠানত এক আৱেগঘন পৰিৱেশৰো সৃষ্টি হয়। সংগঠনটোৰ পক্ষৰ পৰা জানিবলৈ দিয়া হয় যে সমাজৰ এই “নিৰৱ যোদ্ধা” মাতৃসকলৰ আত্মত্যাগ আৰু দায়িত্ববোধক সমাজৰ সন্মুখলৈ অনাৰ উদ্দেশ্যেৰেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।ইয়াৰ উপৰিও আৰ্থিকভাৱে দুৰ্বল আৰু অসহায় মাতৃসকলৰ মাজত খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সহায় সামগ্ৰী বিতৰণ কৰা হয়। ক্লাবৰ সদস্যসকলে কয় যে কেৱল আনুষ্ঠানিকভাৱে মাদাৰ্ছ ডে পালন কৰাটোৱেই যথেষ্ট নহয়, বৰং সমাজৰ প্ৰান্তীয় আৰু দৰিদ্ৰ লোকসকলৰ কাষত থিয় দিয়াৰ মাজেৰেহে এই দিৱসৰ প্ৰকৃত তাৎপৰ্য প্ৰকাশ পায়।মাদাৰ্ছ ডে উদযাপনৰ অন্যতম আকৰ্ষণ আছিল “মাতৃৰ নামত এটা গছ” কাৰ্যসূচী। পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা বৃদ্ধিৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সেউজীয়া আৰু সুস্থ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে বিভিন্ন স্থানত বৃক্ষৰোপণ কৰা হয়।আয়োজকসকলে জনায় যে প্ৰতিটো গছ মাতৃৰ প্ৰতি মৰম সন্মান আৰু শ্ৰদ্ধাৰ প্ৰতীক হিচাপে ৰোপণ কৰা হৈছে।অনুষ্ঠানত লায়ন নচিকেতা নাথ, মৃণাল কান্তি নাথ মজুমদাৰ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মনিষা নাথ পুৰকায়স্থ, মংগলা নাথ, সুৰেশ বৰদিয়া আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উপস্থিত বক্তাসকলে কয় যে বৰ্তমান সমাজত মানৱীয় মূল্যবোধ আৰু সামাজিক দায়বদ্ধতা ক্ৰমাৎ হ্ৰাস পাই আহিছে। এনে সময়ত লায়ন্স ক্লাব অৱ লালাৰ এই উদ্যোগে সমাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।বক্তাসকলে আৰু কয় যে সমাজত এনে বহু মাতৃ আছে যিসকলৰ ত্যাগ আৰু সংগ্ৰামৰ কাহিনী কেতিয়াও সন্মুখলৈ নাহে। তেনে মাতৃসকলক সন্মান জনাই লায়ন্স ক্লাব অৱ লালাই এক অনুপ্ৰেৰণামূলক উদাহৰণ দাঙি ধৰিছে যি আন সামাজিক সংগঠনসমূহৰ বাবেও প্ৰেৰণাৰ উৎস হৈ থাকিব।দিনজোৰা এই কাৰ্যসূচীক কেন্দ্ৰ কৰি স্থানীয় লোকসকলৰ মাজতো ব্যাপক উৎসাহ আৰু প্ৰশংসা লক্ষ্য কৰা যায়। বহু লোকে লায়ন্স ক্লাব অৱ লালাৰ এই মানৱীয় পদক্ষেপক সমাজৰ বাবে অত্যন্ত প্ৰয়োজনীয় বুলি অভিহিত কৰি ভৱিষ্যততো এনে জনমুখী কাৰ্যসূচী অব্যাহত ৰখাৰ আহ্বান জনায়।
লালাত লায়ন্স ক্লাবৰ ব্যতিক্ৰমী মাদাৰ্ছ ডে উদযাপন*সংগ্ৰামী মাতৃসকলক সম্বৰ্ধনা, মাতৃৰ নামত বৃক্ষৰোপণ আৰু সহায় সামগ্ৰী বিতৰণ
Lucknow
overcast clouds
32.2
°
C
32.2
°
32.2
°
57 %
6.7kmh
100 %
Thu
32
°
Fri
33
°
Sat
36
°
Sun
32
°
Mon
30
°

