34.3 C
New Delhi
Thursday, July 30, 2026
spot_img
Homeঅসমশৈক্ষিক নৱ জাগৰণ মঞ্চ,বেছিমাৰীৰ উদ্যোগত কৃতি ২৩০ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

শৈক্ষিক নৱ জাগৰণ মঞ্চ,বেছিমাৰীৰ উদ্যোগত কৃতি ২৩০ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

দৰং,১০ মে:শিক্ষাই জীৱন গঢ়াৰ মাইলখুটি ।আজিৰ ছাত্ৰ -ছাত্ৰী কাইলৈ দেশৰ ভৱিষ্যত৷এইবেলি সদ্য ঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক শৈক্ষিক নৱ জাগৰণ মঞ্চ,বেছিমাৰীৰ উদ্যোগত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানৰ সফল সমাপন৷ আজি দিনজোৰা কাৰ্য্যসূচীৰে বেছিমাৰী গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বেছিমাৰী পৰীক্ষা কেন্দ্ৰ,দৈপাম পৰীক্ষা কেন্দ্ৰ,১/২ নং বৰুৱাঝাৰ পৰিক্ষা কেন্দ্ৰ আৰু বকুলতলা পৰীক্ষা কেন্দ্ৰৰ সৰ্বনিম্ন ৭৫ শতাংশ নম্বৰৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ নম্বৰ লৈকে লাভ কৰা সৰ্বমুঠ ২৩০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় শৈক্ষিক নৱজাগৰণ মঞ্চই৷ তাৰে ভিতৰত উচ্চ মাধ্যমিকৰ ৪০ গৰাকী ছাত্ৰছাত্ৰী আৰু উচ্চতৰ মাধ্যমিকৰ ১৯০ গৰকী ছাত্ৰছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷বৃহত্তৰ বেছিমাৰী অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী সকল আহি অংশগ্ৰহণ কৰে আজিৰ অনুষ্ঠানত৷আজিৰ অনুষ্ঠানত চৰকাৰী-বে-চৰকাৰী বিদ্যালয়ৰ ভালেই সংখ্যক শিক্ষিক ,শিক্ষয়িত্ৰী সকল উপস্থিত থকে৷আজিৰ অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰী সকলক একু এখনকৈ ফুলাম গামোছা,মানপত্ৰ,মমেন্টোৰে সম্বৰ্ধনা জনোৱা হয়৷শৈক্ষিক নৱ জাগৰণ মঞ্চ,বেছিমাৰীৰ সম্বৰ্ধনা সমিতিৰ সভাপতি আলহাজ আব্দুল হক,সাধাৰণ সম্পাদকদ্বয় মজিবুৰ ৰহমান আৰু আলহাজ ৰহমত আলীৰ নেতৃত্বত উক্ত অনুষ্ঠানটি সফল ৰূপায়ন হয় ।মঞ্চৰ উদ্যোক্তা হাবেজ উদ্দিন আহমেদে আত ধৰা অনুষ্ঠানটোত শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে আৰ্থিক ভাৱে হাজী ৰৈছুদ্দিন দৰিদ্ৰ পুঁজিৰ শিতানৰ পৰা প্ৰত্যেক বছৰে ২ লাখ ৫০ হাজাৰ টকা প্ৰদান কৰি আহিছিল যদিও এইবেলি সেই পুঁজি বৃদ্ধি কৰি সৰ্বমুঠ ৩ লাখ টকা প্ৰতি বছৰে আৰ্থিক অনুদান আগবঢ়োৱা বেছিমাৰীৰ বিশিষ্ট যুৱ ব্যৱসায়ী আব্দুল হামিদক বিশেষ সম্বৰ্ধনা জনোৱা হয়৷সমান্তৰালভাৱে সৰ্বোচ্চ নম্বৰ পোৱা ৫ গৰাকী ছাত্ৰছাত্ৰীক তমিজ উদ্দীন সোঁৱৰণী বঁটা ২০২৫/২৬ প্ৰদান কৰে মঞ্চটোৱে৷লগতে আজিৰ এই অনুষ্ঠানৰ যোগেদি উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক আৰ্থিক অনুদান আগবঢ়োৱা হয় ।আজিৰ এই সভাৰ জৰিয়তে সমাজত চলি থকা শৈক্ষিক ক্ষেত্ৰৰ লগতে বিভিন্ন বিষয়ত আলোকপাত কৰে বেছিমাৰী সচেতন নাগৰিক মঞ্চৰ সভাপতি আলহাজ ৰহমত আলীৰ লগতে বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী তথা সমাজ সেৱিকা নুৰনেহাৰ বেগমৰ লগতে গণ্যমান্য ব্যক্তি
সকলে৷শৈক্ষিক নৱ জাগৰণ মঞ্চ,বেছিমাৰীয়ে হাতত লোৱা এনে যোগাত্মক পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে৷

RELATED ARTICLES
Lucknow
overcast clouds
32.2 ° C
32.2 °
32.2 °
57 %
6.7kmh
100 %
Thu
32 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular