শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনত কুইজ প্ৰতিযোগিতাঃ সোণাৰী জাতীয় বিদ্যালয়ৰ বৰ্ণিল আৰু শিৱম শ্ৰেষ্ঠ*
দুৰ্নীতিৰ দৰ্পণ ,ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ , ৯ মেঃ শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰত কালিৰে পৰা আৰম্ভ হোৱা ২৯ সংখ্যক সন্মিলিত ৰঙালী বিহুৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ ভিতৰত দিনৰ ভাগত অনুষ্ঠিত কৰা ‘অসম আৰু অসমৰ লোক-সংস্কৃতি’ শীৰ্ষক সদৌ অসম ভিত্তিত প্ৰাইজমানি কুইজ প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল হিচাপে সোণাৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰ বৰ্ণিল গগৈ আৰু শিৱমজ্যোতি ওৰাং বিবেচিত হয়। আনহাতে, কুইজ প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান যুটীয়াভাৱে লাভ কৰে প্ৰজ্ঞা একাডেমীৰ আকাঙ্ক্ষ দত্ত আৰু এক্সিলিয়াৰ ছিনিয়ৰ চেকেণ্ডেৰীৰ শৰ্মিষ্ঠা দাসে।প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ নৰেন্দ্ৰ শইকীয়া আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কৌস্তৱ বৰগোঁহাইৰ দলে। মুঠ ২১টা দলে অংশগ্ৰহণ কৰা এই কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে কুইজ মাষ্টাৰ নৱনীত হাজৰিকা আৰু ৰুমীন বৰুৱাই।ইয়াৰ পাছতেই দুপৰীয়াৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা সন্মিলিত ৰঙালী বিহু সন্মিলনৰ বাকৰিত প্ৰাইজমানি অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত আন্তঃমহাবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত মুঠ ২৯টা দলে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি সদৌ অসম ভিত্তিত প্ৰাইজমানি জেং বিহু আৰু বৰবিহুৱতী প্ৰতিযোগিতাৰ লগতে আমন্ত্ৰিত হুঁচৰি দলৰ বিহু প্ৰদৰ্শন কাৰ্যসূচীও ৰূপায়িত কৰা হ’ব। বাতৰি যুগুতোৱা পৰলৈকে সন্মিলনৰ বাকৰিত বিভিন্ন প্ৰতিযোগিতা অব্যাহত আছে।সন্মিলিত ৰঙালী বিহু সন্মিলনৰ কাইলৈ অৰ্থাৎ অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ১০.৩০ বজাত শিৱসাগৰ জিলা ভিত্তিত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু ১১.৩০ বজাত অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ’ব। সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া বঁটা বিতৰণী আৰু স্মৃতিগ্ৰন্থ ‘বৰ্হম্থুৰি’ উন্মোচন অনুষ্ঠানত মুখ্য অতিথি হিচাপে জিলা আয়ুক্ত মৃদুল যাদৱ, বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া আৰু অ’এনজিচি নাজিৰাৰ সম্পদ প্ৰৱন্ধক অমৃত কুমাৰ মুখোপাধ্যায় উপস্থিত থাকিব। গডগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি ড° সব্যসাচী মহন্তই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব। নিশা ৮.৩০ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিব প্ৰশান্ত প্ৰতীম কাঠকটীয়াই। উক্ত অনুষ্ঠানতে লোক-সংস্কৃতিৰ সাধক দ্বীজেন গগৈক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব। সন্মিলনৰ অন্তিম নিশাৰ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় শিল্পী নীল আকাশে গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আমোদ দিব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে।

