39.7 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমডিব্ৰুগড়ত মঞ্চৰূপাৰ উদ্যোগত গীতে মাতে 'বসন্ত উৎসৱ' উদযাপন

ডিব্ৰুগড়ত মঞ্চৰূপাৰ উদ্যোগত গীতে মাতে ‘বসন্ত উৎসৱ’ উদযাপন

ডিব্ৰুগড়ত মঞ্চৰূপাৰ উদ্যোগত গীতে মাতে ‘বসন্ত উৎসৱ’ উদযাপন

দুৰ্নীতিৰ দৰ্পণ,প্ৰশান্ত শইকীয়া, ডিব্ৰুগড়,১৭ মে’: ডিব্ৰুগড়ৰ অগ্ৰনী সাংস্কৃতিক অনুষ্ঠান “মঞ্চৰূপা”ৰ উদ্যোগত ১৫ মে’ত জীৱন ফুকন নগৰস্থিত পেঞ্চনাৰ ভৱনত গীত,নৃত্যৰ সমাহাৰেৰে বসন্ত উৎসৱ উদযাপন কৰা হয়। কাৰ্য্যকৰী সভানেত্ৰী জোনালী খাউন্ডে আঁতধৰা অনুষ্ঠানৰ আৰম্ভনিতে হিয়াৰ আমঁঠু জুবিনগাৰ্গলৈ শ্ৰদ্ধাঞ্জলী জনাই বন্তি প্ৰজ্বলন কৰে মঞ্চৰূপাৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী সংগীতা বৰুৱাই। ভাৰপ্ৰাপ্ত সম্পাদক অৰুণ চেতিয়াৰ তত্বাৱধানত সকলো সদস্য সদস্যাই হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত”গীতটি পৰিৱেশন কৰি অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে। কাৰ্য্যসূচী অনুযায়ী সহঃসম্পাদিকা জুলী দিহিঙ্গীয়াই অনুষ্ঠানটি পৰিচালনা কৰে।এই অনুষ্ঠানতে”মঞ্চৰূপাৰ” তৰফৰ পৰা পেঞ্চনাৰ ভৱনৰ সভাপতি তথা ডিব্ৰুগড় জিলাৰ সাংস্কৃতিক মহাসভাৰ সভাপতি দিলীপ দাসক ,পেঞ্চনাৰ ভৱনৰ সম্পাদক মৃদুল শৰ্মা ,অসম বেংগলী ফেডাৰচনৰ সম্পাদক তাপস দাসৰ লগতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অঁনাতাৰ শিল্পী মিৰ্জা নিয়ামুদ্দিনক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।এই অনুষ্ঠানটি গীতে-মাতে সজীৱ কৰি তোলে কুমুদ ৰঞ্জন দাস, অৰুণ চেতিয়া, জুলী দিহিঙ্গীয়া, ৰঞ্জন হাজৰিকা, মল্লিকা দাস,লক্ষী বৰা,আশীষ কুমাৰ ধৰ, ছাঁয়া ভূঁঞা, টুনুমনি বৰুৱা, মঞ্জু গগৈ, অনুপম দত্ত, অঁনাতাৰ শিল্পী মিৰ্জা নিয়ামুদ্দিন আহমেদ, মৌচুমী ভট্টাচাৰ্যী আদিয়ে । অনুষ্ঠানত অংশগ্ৰহনকাৰী সকলৰ লগত বাদ্যযন্ত্ৰত সহযোগ কৰে ৰোহিনী গগৈ(কি-বৰ্ড), কুঞ্জন বৰপাত্ৰ গোহাঁই(তবলা), দেৱজিত গগৈয়ে(মেণ্ডলিন)। স্ব-ৰচিত কবিতা পাঠ কৰে সংগীতা বৰুৱাই । নৃত্য পৰিবেশন কৰে তৰুলতা নেওগ, উত্তৰা শেনচোৱা, জিতুমনি গগৈয়ে। আৰু মৌচুমী ভট্টাচাৰ্যীয়ে। নৃত্যত দলীয় অংশগ্ৰহণকাৰী সকল হৈছে প্ৰানৱী পূজাৰী, নিৰ্বী অভিক কৌশিক,আনৱি শ্যাম, সম্ভৱী ভট্টাচাৰ্য্যী, প্ৰিয়াঞ্চি গোঁহাই, অদ্ৰিকা ভগত আৰু কুমকুম চেতিয়া। অনুষ্ঠানত কণমানী ৰিয়াঞ্চি দেৱীৰ বিহু নৃত্যই সকলোকে মোহিত কৰে। । শলাগৰ শৰাই আগবঢ়ায় “মঞ্চৰূপা”ৰ কাৰ্য্যকৰী সভানেত্ৰী জোনালী খাউণ্ডে।

RELATED ARTICLES
Lucknow
broken clouds
36.9 ° C
36.9 °
36.9 °
24 %
5.4kmh
59 %
Wed
39 °
Thu
43 °
Fri
43 °
Sat
43 °
Sun
44 °

Most Popular