31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমমানকাচৰৰ পানকাটা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত জন বাগীদাৰী সবছে দুৰ সবছে পেহেলে সজাগতা...

মানকাচৰৰ পানকাটা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত জন বাগীদাৰী সবছে দুৰ সবছে পেহেলে সজাগতা সভা

মানকাচৰৰ পানকাটা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত জন বাগীদাৰী সবছে দুৰ সবছে পেহেলে সজাগতা সভা

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত মানকাচৰ সমষ্টিৰ পানকাটা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত জন ভাগীদাৰ সবছে দুৰ সবছে পেহেলে শীৰ্ষক সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সজাগতা সভাত জনজাতীয় লোকসকলৰ বিভিন্ন সমস্যা আৰু সমাধান কৰিবলৈ জিলা প্ৰশাসনে ৬ দিনীয়াকৈ এখন সজাগতা কেম্প অনুষ্ঠিত কৰে। উক্ত সজাগতা কেম্পত অঞ্চলটোৰ জনজাতীয় লোকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে জিলা প্ৰশাসনে অৱগত হ’ব পৰাকৈ আৰু সমস্যা সমাধান কৰিবলৈ জিলা প্ৰশাসনে পৰ্যায়ক্ৰমে চেষ্টা কৰিব বুলি উল্লেখ কৰে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই । পানকাটা গাওঁ পঞ্চায়তৰ বিভিন্ন অঞ্চলৰ পৰা অহা জনজাতীয় লোকসকলে ৰেচন কাৰ্ডৰ সমস্যা, আধাৰ কাৰ্ডৰ সমস্যা, অৰুণোদয় নোপোৱা, আদি বিভিন্ন সমস্যাৰ বিষয়ে জিলা আয়ুক্তক অৱগত কৰে।
এই সজাগতা সভাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ চিকিৎসা, সমাজ কল্যাণ, কৃষি, পশুপালন, শিক্ষা , ক্ষুদ্ৰ উদ্যোগ, কৌশল বিকাশ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকি চৰকাৰী বিভিন্ন আঁচনিৰ বিষয়ে জনজাতীয় লোকসকলক অৱগত কৰে।
চৰকাৰী বিভিন্ন আঁচনিৰ বিষয়ে অৱগত নহয় জনজাতীয় লোকসকল আৰু বিভিন্ন আচঁনিৰ পৰা বঞ্চিত হ’ব লগা হৈছে মানকাচৰৰ জনজাতীয় লোকসকলে । জনজাতীয় লোকসকলক সজাগ আৰু সচেতন কৰিবলৈ জিলা প্ৰশাসনে এনে সজাগতা সভা অনুষ্ঠিত কৰে।
এই সজাগতা সভাত উপস্থিত থাকে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আয়ুক্ত পাপ্পু গগৈ, সহকাৰী আয়ুক্ত সন্দিৱ সৰকাৰ মানকাচৰ খণ্ড উন্নয়ন বিষয়া ৰৌশনুৰ ৰহমান আহমেদ পানকাটা গাওঁ পঞ্চায়তৰ সভানেত্ৰী শাৰমিন উল্ল্যাৰ লগতে চৰকাৰী বিষয়া কৰ্মচাৰী সকল ।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular