31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমহাইলাকান্দিত ২০ মে ঔষধৰ দোকান বন্ধৰ আহ্বানজৰুৰী সেৱাৰ স্বাৰ্থত জিলাত খোলা থাকিব...

হাইলাকান্দিত ২০ মে ঔষধৰ দোকান বন্ধৰ আহ্বানজৰুৰী সেৱাৰ স্বাৰ্থত জিলাত খোলা থাকিব ৭খন নিৰ্দিষ্ট ফাৰ্মেচী

হাইলাকান্দিত ২০ মে ঔষধৰ দোকান বন্ধৰ আহ্বান
জৰুৰী সেৱাৰ স্বাৰ্থত জিলাত খোলা থাকিব ৭খন নিৰ্দিষ্ট ফাৰ্মেচী
প্ৰীতম দাস হাইলাকান্দি ১৮ মে : আগন্তুক ২০ মে দেশজুৰি আহ্বান কৰা এদিনীয়া ঔষধ ব্যৱসায়ী ধৰ্মঘটৰ প্ৰভাৱ হাইলাকান্দি জিলাতো পৰিবলৈ গৈ আছে। হাইলাকান্দি জিলা কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’চিয়েশ্যনৰ পক্ষৰ পৰা জনোৱা হৈছে যে উক্ত দিনা জিলাৰ অধিকাংশ ঔষধৰ দোকান বন্ধ ৰখা হ’ব। ইতিমধ্যে সংগঠনটোৰ প্ৰতিনিধিসকলে জিলা প্ৰশাসনৰ ওচৰত এখন স্মাৰকলিপি দাখিল কৰি ধৰ্মঘটৰ বিষয়টো আনুষ্ঠানিকভাৱে অৱগত কৰিছে।সংগঠনটোৰ দাবী অনুসৰি বৰ্তমান সময়ত অবৈধ ই-ফাৰ্মেচীৰ দ্ৰুত বিস্তাৰ আৰু বৃহৎ অনলাইন প্ৰতিষ্ঠানসমূহৰ অত্যাধিক ৰেহাইৰ ফলত জিলাৰ ক্ষুদ্ৰ আৰু মধ্যমীয়া ঔষধ ব্যৱসায়ীসকল ভয়ংকৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে। দীঘলীয়া সময় ধৰি স্থানীয় ঔষধ ব্যৱসায়ীসকলে এই সমস্যাৰ সন্মুখীন হৈ আহিলেও কার্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁলোকৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছে। সেইবাবেই দেশজোৰা আন্দোলনৰ অংশ হিচাপে এই ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সংগঠনটোৰ পক্ষৰ পৰা আৰু অভিযোগ উত্থাপন কৰা হৈছে যে বৰ্তমান বিভিন্ন অনলাইন প্লেটফৰ্মত চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন অবিহনে ঔষধ বিক্ৰী কৰা হৈছে, যি জনস্বাস্থ্যৰ বাবে অতি বিপজ্জনক ৰূপ ধাৰণ কৰিছে। বিশেষকৈ এণ্টিবায়টিক ঔষধৰ অবাধ ব্যৱহাৰে ভৱিষ্যতে বৃহৎ স্বাস্থ্যজনিত সংকটৰ সৃষ্টি কৰিব পাৰে বুলি ব্যৱসায়ীসকলে আশংকা প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও নকল ঔষধৰ বজাৰ বৃদ্ধি ভুৱা প্ৰেছক্ৰিপশ্যনৰ জৰিয়তে ঔষধ সংগ্ৰহ আৰু নিয়ন্ত্ৰণহীন অনলাইন বিক্ৰীৰ ফলত সাধাৰণ ৰাইজ প্ৰতাৰিত হোৱাৰ ঘটনাও ক্ৰমাৎ বৃদ্ধি পাইছে বুলি সংগঠনটোৱে দাবী কৰিছে। এই পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ কিছুমান নীতিগত বিজ্ঞপ্তি প্ৰত্যাহাৰৰ দাবীও স্মাৰকলিপিৰ জৰিয়তে উত্থাপন কৰা হৈছে। সংগঠনটোৰ মতে ঔষধ বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নিয়ন্ত্ৰণ আৰু লাইচেঞ্চপ্ৰাপ্ত ব্যৱসায়ীসকলৰ স্বাৰ্থ সুৰক্ষাৰ বাবে অতি শীঘ্ৰে কার্যকৰী পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী।স্মাৰকলিপি দাখিলৰ সময়ত উপস্থিত আছিল হাইলাকান্দি জিলা কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’চিয়েশ্যনৰ সভাপতি সমীৰণ পাল, সহ-সভাপতি ইকবাল হোছেইন বড়ভূঞা, সাধাৰণ সম্পাদক অজয় কুমাৰ দে, যুগ্ম সম্পাদক ইকবাল বাহাৰ মজুমদাৰ আৰু কার্যনিৰ্বাহী সদস্য সুদীপ মজুমদাৰ, অৰিজিৎ ভট্টাচাৰ্য, প্ৰজ্বল দাস আদি।তথাপিও ধৰ্মঘটৰ দিনা সাধাৰণ ৰাইজৰ জৰুৰী চিকিৎসা সেৱা যাতে ব্যাহত নহয় সেই বিষয়টোত সংগঠনটোৱে বিশেষ গুৰুত্ব আৰোপ কৰিছে। সেই উদ্দেশ্যে জিলাৰ ৭খন নিৰ্দিষ্ট ফাৰ্মেচী খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সংগঠনটোৰ পক্ষৰ পৰা জনোৱা হৈছে যে জৰুৰী ঔষধৰ প্ৰয়োজনত ৰাইজ যাতে অসুবিধাৰ সন্মুখীন নহয়, সেয়া নিশ্চিত কৰাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।ধৰ্মঘটৰ দিনা খোলা থাকিবলগীয়া ফাৰ্মেচীসমূহ হ’ল কাটলিছড়া বজাৰ বাছষ্টেণ্ডস্থিত ৰাধাশ্যাম মেডিকেল ষ্ট’ৰ্ছ, কালীনগৰ PHC-ৰ সন্মুখৰ জয় বাবা লোকনাথ মেডিকেল হল, এছ. কে. ৰয় চিভিল হাস্পতালৰ নিকটৱৰ্তী আছাম মেডিকেল ষ্ট’ৰ্ছ, আলগাপুৰ মডেল হাস্পতালৰ সন্মুখৰ ডি.এন মেডিকেল, ঘৰমুড়া বাছষ্টেণ্ডৰ ভাৰত হেল্থ কেয়াৰ, লালা টাউনৰ বড়ভূঞা মেডিকেল ষ্ট’ৰ্ছ আৰু মণিপুৰ বজাৰ বাছষ্টেণ্ডস্থিত শ্ৰীমা মেডিকেল ষ্ট’ৰ্ছ।সংগঠনটোৰ নেতৃবৃন্দই জনোৱা মতে, এই ধৰ্মঘট কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে নহয়; বৰঞ্চ ঔষধ ব্যৱসায়ৰ স্বচ্ছতা বজাই ৰখা আৰু সাধাৰণ ৰাইজৰ বাবে সুৰক্ষিত চিকিৎসা সেৱা নিশ্চিত কৰাৰ দাবীতেই এই আন্দোলন। লগতে সমস্যাসমূহৰ শীঘ্ৰ সমাধানৰ বাবে প্ৰশাসনৰ ওচৰত কার্যকৰী পদক্ষেপ গ্ৰহণৰ আবেদনো জনোৱা হৈছে।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular