লক্ষ্মীৰবন্দ বাইপাছত আৰক্ষীৰ বৃহৎ অভিযান
গোপন চেম্বাৰ ফাদিল কৰি উদ্ধাৰ প্ৰায় ৫০ লাখ টকাৰ অবৈধ সুৰা, আন্তঃৰাজ্য সৰবৰাহ চক্ৰৰ সন্ধানত তীব্ৰ তদন্ত
প্ৰীতম দাস হাইলাকান্দি ২১ মে : আন্তঃৰাজ্য অবৈধ সুৰা সৰবৰাহৰ বিৰুদ্ধে ডাঙৰ সফলতা লাভ কৰিছে হাইলাকান্দি আৰক্ষীয়ে। জিলাৰ লক্ষ্মীৰবন্দ বাইপাছ অঞ্চলত বিশেষ অভিযান চলাই এখন মালবাহী ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা বিপুল পৰিমাণ বিদেশী আৰু দেশী সুৰা উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা সুৰাৰ আনুমানিক বজাৰমূল্য প্ৰায় ৫০ লাখ টকা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এজন ট্ৰাক চালকক গ্ৰেপ্তাৰ কৰা হৈছে।আৰক্ষীয়ে জনোৱা মতে গোপন সূত্ৰৰ জৰিয়তে খবৰ লাভ কৰা হৈছিল যে মেঘালয়ৰ পৰা মিজোৰাম অভিমুখে এখন ট্ৰাকত বৃহৎ পৰিমাণৰ অবৈধ সুৰা সৰবৰাহ কৰা হৈছে। খবৰ লাভ কৰাৰ পাছতে হাইলাকান্দি আৰক্ষীৰ এটা বিশেষ দলে লক্ষ্মীৰবন্দ বাইপাছ অঞ্চলত তীব্ৰ নজৰদাৰী আৰম্ভ কৰে। পাছত সন্দেহযুক্ত এএছ ০১ এনচি ৬৪২৬ নম্বৰৰ ট্ৰাকখন আটক কৰি তালাচী চলোৱা হয়।তালাচীৰ সময়ত প্ৰথম অৱস্থাত ট্ৰাকখনত সন্দেহজনক কোনো বস্তু চকুত নপৰিলেও পিছত আৰক্ষীয়ে গাড়ীখনৰ ভিতৰত অতি কৌশলেৰে নিৰ্মাণ কৰা এটা গোপন চেম্বাৰৰ সন্ধান লাভ কৰে। সেই চেম্বাৰ খোলাৰ লগে লগে এটাৰ পাছত এটাকৈ সুৰাৰ কাৰ্টুন উদ্ধাৰ হয়। দীঘলীয়া সময় ধৰি চলা তালাচীত বিপুল পৰিমাণ বিদেশী আৰু দেশী সুৰাৰ বটল উদ্ধাৰ কৰা হয়।ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ট্ৰাক চালক জাকিৰ হুছেইন চৌধুৰীক ঘটনাস্থলীৰ পৰাই আটক কৰি পাছত গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে যে প্ৰাথমিক জেৰাত ধৃত চালকে গুৰুত্বপূৰ্ণ কেইবাটাও তথ্য প্ৰকাশ কৰিছে। আৰক্ষীৰ সন্দেহ বহুদিন ধৰি এটা সংঘবদ্ধ আন্তঃৰাজ্য সৰবৰাহ চক্ৰই এই পথ ব্যৱহাৰ কৰি অবৈধ সুৰা সৰবৰাহৰ কাম চলাই আহিছিল।
আৰক্ষী সূত্ৰে আৰু জনোৱা মতে সাম্প্ৰতিক সময়ত অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহ ব্যৱহাৰ কৰি মিজোৰামলৈ অবৈধ সুৰা সৰবৰাহৰ প্ৰৱণতা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। সেইবাবে সীমান্তৱৰ্তী অঞ্চলসমূহত নাকা চেকিং আৰু বিশেষ নজৰদাৰী অধিক জোৰদাৰ কৰা হৈছে।উদ্ধাৰ হোৱা সকলো সুৰা জব্দ কৰাৰ লগতে ট্ৰাকখনো আৰক্ষীয়ে জব্দ কৰিছে। সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে আৰু সৰবৰাহ চক্ৰৰ মূল চক্ৰান্তকাৰীসকলক বিচাৰি উলিয়াবলৈ বিভিন্ন ঠাইত অভিযান চলোৱা হ’ব পাৰে বুলিও আৰক্ষী সূত্ৰে ইঙ্গিত দিছে।এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ হাইলাকান্দি জিলাজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ এই সফলতাক সাধুবাদ জনাইছে সাধাৰণ ৰাইজে।
লক্ষ্মীৰবন্দ বাইপাছত আৰক্ষীৰ বৃহৎ অভিযানগোপন চেম্বাৰ ফাদিল কৰি উদ্ধাৰ প্ৰায় ৫০ লাখ টকাৰ অবৈধ সুৰা, আন্তঃৰাজ্য সৰবৰাহ চক্ৰৰ সন্ধানত তীব্ৰ তদন্ত
Lucknow
few clouds
39.1
°
C
39.1
°
39.1
°
24 %
2.1kmh
11 %
Sat
42
°
Sun
43
°
Mon
44
°
Tue
45
°
Wed
44
°

