39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমনগাঁৱৰ কঠীয়াতলী উন্নয়ন খণ্ডত জনজাতীয় গৰিমা উৎসৱ উদযাপন ,২০০ লোকক চিকিৎসা প্ৰদান

নগাঁৱৰ কঠীয়াতলী উন্নয়ন খণ্ডত জনজাতীয় গৰিমা উৎসৱ উদযাপন ,২০০ লোকক চিকিৎসা প্ৰদান

নগাঁৱৰ কঠীয়াতলী উন্নয়ন খণ্ডত জনজাতীয় গৰিমা উৎসৱ উদযাপন ,২০০ লোকক চিকিৎসা প্ৰদান

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২১ মে’: কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী অভিযানৰ অংশ হিচাপে বুধবাৰে নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তগত কঠীয়াতলী আৰু দক্ষিণ ননৈ পঞ্চায়তত জনজাতীয় গৰিমা উৎসৱ, ২০২৬ পালন কৰা হয় । জন ভাগিদাৰী অভিযানৰ অন্তৰ্গত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত প্ৰায় দুই শতাধিক ৰোগীক চকুকে ধৰি বিভিন্ন ৰোগৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ঔষধ যোগান ধৰা হয় । এই কাৰ্যসূচীত বিশেষজ্ঞ চিকিৎসক ডাঃ দীপাংকৰ বৰাৰ নেতৃত্বত এটি স্বাস্থ্যকৰ্মীৰ দলে প্ৰায় ডেৰ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে । ননৈ গাঁও পঞ্চায়তৰ সচিব গীতাঞ্জলি মুদৈয়ে এই সম্পৰ্কত কয়, “আজি এটা ভাল দিন আমাৰ কাৰণে । দক্ষিণ ননৈ পঞ্চায়তৰ আমাৰ এখন গাঁও আছে ছোট কন্দলি গ্ৰাণ্ট । সেইখন গাঁৱে ইয়াত অংশগ্ৰহণ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ৰ পৰামৰ্শক্ৰমে আয়োজিত এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য হৈছে চাহ জনজাতীয় মানুহখিনিক চৰকাৰী সা-সুবিধা সমূহৰ প্ৰতি সচেতন কৰা ।” তেওঁ লগতে কয়, “তেওঁলোকে আধাৰ লিংকক লৈ বহু সমস্যাত পৰে; সেই ব্যৱস্থাও ইয়াত কৰিবলৈ যত্ন কৰিছোঁ । তেওঁলোকৰ কৃষি ক্ষেত্ৰত সমস্যা আছে । যত্ন কৰিছোঁ ইয়াত এটা কেম্প কৰি একেলগে সুবিধা কৰি দিব পাৰোঁ নেকি । মানুহখিনিৰ লগতো কথা-বতৰা হৈছোঁ । যিখিন ৰাইজ আহিছে তেওঁলোক যথেষ্টখিনি উপকৃত হৈছে । তেওঁলোকৰ লগত কথাপাতি তেওঁলোক উপকৃত হোৱা বুলি জানি বহুতেই ভাল লাগিছে আৰু এয়া অসম চৰকাৰ তথা আমাৰ বিভাগৰ যথেষ্ট ভাল পদক্ষেপ বুলিব পাৰি । এই মানুহখিনি এনেকুৱা শ্ৰেণীৰ মানুহ, তেওঁলোক নিজেই ওলাই গৈ সা-সুবিধাবোৰ ল’ব নাজানে। এনেধৰণে সচেতন কৰিব পাৰিলে যথেষ্ট আগবাঢ়ি যাব । তেওঁলোক আগবাঢ়িলে আমাৰ সমাজখন আগবাঢ়িব । কঠীয়াতলী পঞ্চায়তৰ সভানেত্ৰী অঞ্জনা ভূঞাই কয় যে, এই আঁচনিৰ অধীনত আমাৰ গাঁওখন নিৰ্বাচিত হৈছে । ইয়াত বহু পিছপৰা শ্ৰেণীৰ লোক আছে । আঁচনিখনৰ জৰিয়তে বহু লোক উপকৃত হ’ব বুলি ভাবিছোঁ । চৰকাৰক বহুত ধন্যবাদ দিছোঁ ।” ইফালে কঠিয়াতলী পঞ্চায়তৰ সচিব ৰাজীৱ দেৱগোস্বামীয়ে কয়, “আমাৰ কঠীয়াতলী পঞ্চায়তৰ অধীনৰ নামবৰ লালুংগাঁও জনজাতীয় গৌৰৱ দিৱসত নিৰ্বাচিত হৈছিল । আমাৰ কঠীয়াতলী পঞ্চায়তৰ পৰা দুখন পঞ্চায়তৰ দুখন গাঁও নিৰ্বাচিত হৈছিল । কঠীয়াতলী পঞ্চায়তৰ নামবৰ লালুংগাঁও আৰু দক্ষিণ ননৈ গাঁও পঞ্চায়তৰ ছোট কন্দলী গ্ৰাণ্ট গাঁও । দুয়োটা পঞ্চায়তত শিবিৰবোৰ চলাই আছোঁ । জনজাতীয় গৌৰৱ দিৱসৰ জৰিয়তে আমি আদিবাসী লোকসকলক স্বাস্থ্য পৰীক্ষা হওক, চকু পৰীক্ষা হওক বিভিন্ন শিতানত আমি যিমানখিনি কৰিব পাৰোঁ উপলব্ধ কৰোৱা হৈছে । ৰাইজৰ লগতো বিভিন্ন বাৰ্তালাপ কৰিছোঁ । তেওঁলোক উপকৃত হৈছে বুলি আমাক জনাইছে । যোৱা বছৰো এই শিবিৰ আমি অনুষ্ঠিত কৰিছিলোঁ । এইবাৰো চৰকাৰী নিদেৰ্শ অনুসৰি চলাই আছোঁ । জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে জিলাখনৰ অন্যান্য প্ৰান্ততো যোৱা ১৮ মে’ ৰ পৰা অহা ২৫ মে’লৈকে এই অভিযান চলিব ।

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular