ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী দিকচুৰ যুৱক নিত্যানন্দ কাকতি
নামতিৰ পৰা ৰাতুল শৰ্মা – শিৱসাগৰ জিলাৰ দিকচুৰ এজন উদ্যমী যুৱক নিত্যানন্দ কাকতিয়ে ভোট জলকীয়াৰ খেতিৰে গঢ়ি তুলিছে আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল দৃষ্টান্ত। বিগত প্ৰায় দহ বছৰ ধৰি কৃষিকাৰ্যত আত্মনিয়োগ কৰি অহা যুৱকজনে আজিৰ দিনত অঞ্চলটোৰ বহু যুৱকৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।
ভোট জলকীয়াৰ লগতে চাহ খেতি আৰু আন আন শস্যৰ খেতিৰে নিজকে স্বাৱলম্বী কৰি তোলা নিত্যানন্দ কাকতিয়ে পৰিশ্ৰম, অধ্যৱসায় আৰু কৃষিৰ প্ৰতি আগ্ৰহৰ জৰিয়তে সফলতাৰ শিখৰত উপনীত হ’বলৈ সক্ষম হৈছে। বিশেষকৈ অসমৰ বিশ্ববিখ্যাত ভোট জলকীয়াৰ খেতিত তেওঁ লাভ কৰিছে বিশেষ সফলতা। প্ৰকৃতিৰ লগত তাল মিলাই আধুনিক পদ্ধতিৰে খেতি কৰা নিত্যানন্দ কাকতিয়ে নিজৰ খেতিৰ বাবে প্ৰয়োজনীয় কেচুসাৰো নিজেই প্ৰস্তুত কৰে। কেৱল নিজৰ খেতিত ব্যৱহাৰ কৰাতেই সীমাবদ্ধ নাথাকি তেওঁ আন বহু খেতিয়ককো এই জৈৱিক সাৰ যোগান ধৰি আহিছে। ফলত অঞ্চলটোৰ বহু কৃষকে জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ উৎসাহ লাভ কৰিছে। নিত্যানন্দ কাকতিৰ মতে, কৃষিকাৰ্য যদি বিজ্ঞানসন্মত পদ্ধতিৰে আৰু মনোযোগ সহকাৰে কৰা যায়, তেন্তে কৃষিৰ জৰিয়তেই এজন যুৱকে স্বাৱলম্বী হ’ব পাৰে। ভোট জলকীয়াৰ খেতিৰ পৰা তেওঁ বছৰি প্ৰায় দুই লাখৰ পৰা আঢ়ৈ লাখ টকালৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে। বৰ্তমান তেওঁৰ বাৰীত লহপহকৈ বাঢ়ি উঠিছে ভোট জলকীয়াৰ গছ। এই বছৰৰো বজাৰত ভোট জলকীয়াৰ চাহিদা পূৰণ কৰিবলৈ ব্যস্ত হৈ পৰিছে উদ্যমী যুৱকজন। খেতিপথাৰত দিনে-নিশাই ব্যস্ত নিত্যানন্দ কাকতিৰ এই সফলতা নিঃসন্দেহে গ্ৰাম্য অৰ্থনীতিৰ বাবে এক ইতিবাচক দিশ।
আজি যেতিয়া বহু যুৱক চাকৰিৰ সন্ধানত ব্যস্ত, তেতিয়া নিত্যানন্দ কাকতিয়ে কৃষিকাৰ্যৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বিতাৰ এক নতুন পথ। তেওঁৰ এই প্ৰচেষ্টা আৰু সফলতাই অঞ্চলটোৰ বহু নিবনুৱা যুৱকক কৃষিৰ প্ৰতি আকৃষ্ট কৰি তুলিছে।
ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী দিকচুৰ যুৱক নিত্যানন্দ কাকতি
Lucknow
overcast clouds
28.2
°
C
28.2
°
28.2
°
76 %
2.1kmh
97 %
Tue
36
°
Wed
36
°
Thu
35
°
Fri
34
°
Sat
34
°

