31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমনগাঁওৰ ধিঙত জিলা আয়ুক্ত‌ই স্থাপন কৰিলে সমূহীয়া ভৱনৰ আধাৰশিলা

নগাঁওৰ ধিঙত জিলা আয়ুক্ত‌ই স্থাপন কৰিলে সমূহীয়া ভৱনৰ আধাৰশিলা

নগাঁওৰ ধিঙত জিলা আয়ুক্ত‌ই স্থাপন কৰিলে সমূহীয়া ভৱনৰ আধাৰশিলা

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২২ মে’: নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত কান্ধুলীমাৰী মহখুটি ছিৰাতুন নবী হাফিজীয়া মাদ্ৰাছাত নগাঁও লোকসভা সমষ্টিৰ সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ধনেৰে নিৰ্মাণ হ’বলগীয়া এটি সমূহীয়া ভৱনৰ আধাৰশিলা যোৱা ১৯ মে’ আনুষ্ঠানিকভাৱে স্থাপন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। এই উপলক্ষে জিলা আয়ুক্ত‌ই দিয়া ভাষণত আশা প্ৰকাশ কৰে যে, নিৰ্মাণ হ’বলগীয়া এই প্ৰেক্ষাগৃহটোৱে আগন্তুক দিনত অঞ্চলটোৰ সামাজিক, শিক্ষামূলক তথা ধৰ্মীয় বিভিন্ন কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অনুষ্ঠানত নিজ ধিং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিখা গগৈ, ধিং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাহুল ডেকা প্ৰমুখ্যে অঞ্চলটোৰ কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিৰ লগতে মাদ্ৰাছাখনৰ শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular