39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমগোসাঁইগাঁৱৰ কচুগাঁৱত বন বিভাগৰ এক সফল অভিযান

গোসাঁইগাঁৱৰ কচুগাঁৱত বন বিভাগৰ এক সফল অভিযান

গোসাঁইগাঁৱৰ কচুগাঁৱত বন বিভাগৰ এক সফল অভিযান

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ২১মঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত অভিযান চলাই অস্ত্ৰসহ এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বন বিভাগ। উদ্ধাৰ কৰা হৈছে দুটা হস্ত নিৰ্মিত বন্দুক।কচুগাঁও বন সংমণ্ডলৰ অধীনস্থ চানফান ৰেঞ্জৰ বন বিভাগৰ দলে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ পৰা এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ব্যক্তি কচুগাঁও থানাৰ অন্তৰ্গত ব্ৰহ্মপুৰ গাঁৱৰ হেটো নাৰ্জাৰী বুলি জানিব পৰা গৈছে।বন বিভাগৰ তথ্য অনুসৰি, অভিযুক্তজনৰ পৰা দুটা হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ কৰা হয়। প্ৰাথমিক জেৰাত অভিযুক্তই উদ্ধাৰ হোৱা বন্দুকৰ এটা ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত হৰিণ চিকাৰৰ বাবে একাধিক বাৰ ব্যৱহাৰ কৰাৰ কথা স্বীকাৰ কৰিছে বুলি বন বিভাগে জানিবলৈ দিয়ে।ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। বন বিভাগে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু চোৰাং চিকাৰৰ সৈতে জড়িত আন লোকৰ সন্ধানত অভিযান চলাইছে।

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular