40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যাৰ্থী বিজ্ঞান মন্থন (ভি ভি এম) পৰীক্ষাত জিলিকিল ডিব্ৰুগড়ৰ ছাত্ৰ...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যাৰ্থী বিজ্ঞান মন্থন (ভি ভি এম) পৰীক্ষাত জিলিকিল ডিব্ৰুগড়ৰ ছাত্ৰ গীতাৰ্থ প্ৰতীম ভূঞা—

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যাৰ্থী বিজ্ঞান মন্থন (ভি ভি এম) পৰীক্ষাত জিলিকিল ডিব্ৰুগড়ৰ ছাত্ৰ গীতাৰ্থ প্ৰতীম ভূঞা—
দুৰ্নীতিৰ দৰ্পণ,ডিব্ৰুগড়,২২ মে’: ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যাৰ্থী বিজ্ঞান মন্থন পৰীক্ষাত কৃতকাৰ্য লাভ কৰি সৰ্বভাৰতীয় ক্ষেত্ৰত ডিব্ৰুগড়ৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰ গীতাৰ্থ প্ৰতীম ভূঞাই। গুজৰাটৰ গান্ধীনগৰ আই আই টি ত ১৬ আৰু ১৭ মে,২০২৬ ত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আৰু পৰীক্ষাত উত্তীৰ্ণ হৈ গীতাৰ্থ ই ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা প্ৰতিষ্ঠান IISER, ISRO, IISC আদিত Internship
কৰিবলৈ সুবিধা লাভ কৰে। বিদ্যাৰ্থী বিজ্ঞান মন্থন হ’ল বিজ্ঞান ভাৰতী (VIBHA) য়ে NCERT, ভাৰত চৰকাৰৰ শিক্ষা বিভাগ (Ministry of Education, Government of India) আৰু NCSM (National Council of Science Musium) ৰ সহযোগত পৰিচালনা কৰা এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আৰু পৰীক্ষা। স্কুল, জিলা, ৰাজ্যিক, মণ্ডল আৰু শেষত ৰাষ্ট্ৰীয় পৰ্যায়ত এই পৰীক্ষা অনুষ্ঠিত হয়। ৰাজ্যিক আৰু মণ্ডল পৰ্যায়ৰ কৰ্মশালা আৰু পৰীক্ষাত উত্তীৰ্ণ হোৱা দুই জনকৈ শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আৰু পৰীক্ষাত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। গীতাৰ্থ ই গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ পৰা নিৰ্বাচিত হৈ গুজৰাটৰ গান্ধীনগৰ আই আই টি ত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আৰু পৰীক্ষাত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আৰু পৰীক্ষাতো কৃতকাৰ্য লাভ কৰিবলৈ সক্ষম হৈ গীতাৰ্থ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠে আৰু SRIJAN Internship লাভ কৰিবলৈ সক্ষম হয়। এই Internship ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO), IISC বাঙ্গালোৰ, IISER অথবা IIT সমূহত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে গীতাৰ্থ প্ৰতীম ভূঞাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক স্কুলৰ পৰা ৯৭ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে। গীতাৰ্থ টেঙাখাত মহাবিদ্যালয় সহযোগী অধ্যাপক ডঃ প্ৰাঞ্জল ভূঞা আৰু আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা তত্ব বিভাগৰ সহযোগী অধ্যাপিকা ডঃ মুন কলিতাৰ একমাত্ৰ পুত্ৰ।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular