30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমডিমৌত "জন ভাগীদাৰী অভিযান- সবছে দূৰ, সবছে পেহলে" শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

ডিমৌত “জন ভাগীদাৰী অভিযান- সবছে দূৰ, সবছে পেহলে” শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

ডিমৌত “জন ভাগীদাৰী অভিযান- সবছে দূৰ, সবছে পেহলে” শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

​ দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ২২ মেঃ* ভাৰতৰ জনজাতীয় পৰিক্ৰমা বিভাগৰ উদ্যোগত বিগত ১৮ তাৰিখৰ পৰা “জনজাতীয় গৰিমা উৎসৱ-২০২৬” উদযাপনৰ অংশস্বৰূপে দেশজুৰি জনজাতীয় বসতিপ্ৰধান গ্ৰাম্যাঞ্চলসমূহত বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে “জন ভাগীদাৰী অভিযান- সবছে দূৰ, সবছে পেহলে”। এই “জনজাতীয় গৰিমা উৎসৱ-২০২৬”ৰ অন্তৰ্গত অব্যাহত থকা সপ্তাহজোৰা “জন ভাগীদাৰী অভিযান- সবছে দূৰ, সবছে পেহলে”ৰ অধীনত কালি ২১ তাৰিখে শিৱসাগৰ জিলাৰ ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত তৃতীয় দিনাৰ কাৰ্যসূচী হিচাপে মহাৰাণী গাঁও পঞ্চায়তৰ অধীনস্থ বৰগুৰি গাঁও আৰু গোহাঁইপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত লাইবিল, ভেকুৰী চাপৰি আৰু মিৰিপথাৰ গাঁও সামৰি ক্ৰমে বৰগুৰি ৰঙ্গমঞ্চ আৰু মিৰিপথাৰ ৰঙ্গমঞ্চত জনজাতীয় লোকসকলৰ কল্যাণৰ অৰ্থে সজাগতামূলক আৰু জনহিতকৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।​এই অনুষ্ঠানত মুখ্যতঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কৃষি, শিক্ষা, স্বাস্থ্য, পশুপালন আৰু পশু চিকিৎসা, মীন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি বিজ্ঞান কেন্দ্ৰ, মহিলা আৰু শিশু উন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ বিষয়াসকলে বিভাগীয়ভাবে ৰূপায়ণ হৈ থকা জনকল্যাণকামী আঁচনি আৰু কাম-কাজৰ বিষয়ে বিস্তৃতভাবে অবগত কৰাৰ লগতে জনসচেতনতা বৃদ্ধি কৰে।উল্লেখনীয় যে, এই অভিযানত স্থানীয় ৰাইজৰ অভূতপূৰ্ব উৎসাহপূৰ্ণ অংশগ্ৰহণ আৰু ব্যাপক সঁহাৰি পৰিলক্ষিত হয়।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular