30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমচেলেংহাটৰ অসম-নাগালেণ্ড সীমান্তত ৫১ কাৰ্টুন অবৈধ সুৰাসহ বাহন জব্দ স্থানীয় ৰাইজৰঃ গাড়ীৰ...

চেলেংহাটৰ অসম-নাগালেণ্ড সীমান্তত ৫১ কাৰ্টুন অবৈধ সুৰাসহ বাহন জব্দ স্থানীয় ৰাইজৰঃ গাড়ীৰ পৰাই ৰহস্যজনকভাৱে ২৯ কাৰ্টুন অন্তৰ্ধানঃ সীমান্ত চকীৰ ভূমিকা সন্দেহৰ আৱৰ্ততঃ

চেলেংহাটৰ অসম-নাগালেণ্ড সীমান্তত ৫১ কাৰ্টুন অবৈধ সুৰাসহ বাহন জব্দ স্থানীয় ৰাইজৰঃ গাড়ীৰ পৰাই ৰহস্যজনকভাৱে ২৯ কাৰ্টুন অন্তৰ্ধানঃ সীমান্ত চকীৰ ভূমিকা সন্দেহৰ আৱৰ্ততঃ

দুৰ্নীতিৰ দৰ্পণ, মৰিয়নি, ২২ মে’ঃ যোৰহাট জিলাৰ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ ৰজাবাৰীত এখন সুৰাৰ্ভৰ্ত্তী টাটা চাফাৰী বাহন ৰাইজে জদ্ধ কৰি স্থানীয় এটা সীমান্ত নীৰিক্ষণ চকীত চমজাই দিয়ে। জানিবপৰা মতে যোৱা ২০ মে’ তাৰিখে এএছ ০৪ এজে ৫৩১২ নম্বৰৰ বগা ৰঙৰ এখন টাটা চাফাৰী বাহনত সুৰাৰ কাৰ্টুন প্ৰত্যক্ষ কৰি ৰজাবাৰী নৈৰ সমীপত স্থানীয় একাংশ লোকে গাড়ীখন ৰবলৈ ইংগিত দিয়াত গাড়ীখনৰ চালকসহ এজন ব্যক্তিয়ে গাড়ীখন ৰখাই পলায়ন কৰে। পিছত স্থানীয় ৰাইজে লাওজান সীমান্ত নীৰিক্ষণ চকীত সুৰাভৰ্ত্তী বাহনখন চমজায় দিয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে টাটা চাফাৰী বাহনখনত ৫১টা সুৰাৰ কাৰ্টুন আছিল যদিও বি অ পি টোৰপৰাই ২৯টা কাৰ্টুন বাহনখনৰপৰা অন্তৰ্ধ্যান হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। চেলেংহাট আৰক্ষী চকীৰ আৰক্ষীয়ে গাড়ীখন জদ্ধ কৰাৰ লগতে ২২টা সুৰাৰ কাৰ্টুন জদ্ধ কৰে। উল্লেখ্য যে টাটা চাফাৰী বাহনখন শিৱসাগৰৰ জনৈক আলি উপাধিৰ এজন ব্যক্তিৰ বুলি জানিবপৰা গৈছে। প্ৰাপ্ত তথ্য মতে উক্ত গাড়ীখনত হালোৱাটিঙৰ এটা অবৈধ সুৰা ব্যৱসায়ীয়ে চেলেংহাটৰ ৰণখাম হৈ নাগালেণ্ডৰ ইয়াচাঙ চি বস্তীলৈ সুৰা সমূহ কঢ়িয়াই নিছিল। ৰহস্যজনকভাৱে সীমান্ত নীৰিক্ষণ চকীটোৰ পৰা ২৯ টাকৈ সুৰাৰ কাৰ্টুন কেনেদৰে অন্তৰ্ধ্যান হল সেয়া আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব। মনকৰিবলগীয়া যে চেলেংহাটৰ ৰণখাম ৰজাবাৰী পথেদি নিতৌ অবৈধ সুৰা, ড্ৰাগছ তথা চুৰি গৰুৰ বাহন অবাধে চুবুৰীয়া নাগালেণ্ডলৈ সৰবৰাহ হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular