29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমধুবুৰীত অবৈধভাবে মাছ ধৰাৰ বিৰুদ্ধে মৎস্য বিভাগৰ অভিযান।

ধুবুৰীত অবৈধভাবে মাছ ধৰাৰ বিৰুদ্ধে মৎস্য বিভাগৰ অভিযান।

ধুবুৰীত অবৈধভাবে মাছ ধৰাৰ বিৰুদ্ধে মৎস্য বিভাগৰ অভিযান।

দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ২৪ মে ২৬ঃ ধুবুৰীত অবৈধ মাছ ধৰাৰ বিৰুদ্ধে মৎস্য বিভাগে যোৱা কালি এক বিশেষ অভিযান চলায়। ১ এপ্ৰিলৰ পৰা প্ৰজনন বতৰত স্থানীয় জলজ পৰিৱেশ তন্ত্ৰক সুৰক্ষা প্ৰদানৰ বাবে এক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি আজি ধুবুৰীৰ মীন বিভাগে ধুবুৰী আৰু গৌৰীপুৰৰ কিছু স্থানত আৰু দহৰজোৰা বিলত এক ব্যাপক সজাগতা লগতে বলবৎকাৰী অভিযান চলায়। উক্ত অঞ্চলটোৰ কেইবাটাও বিল (হ্ৰদ) সামৰি জিলা মীন উন্নয়ন বিষয়া শ্ৰী প্ৰতুল ডেকাৰ নেতৃত্বত আৰু
মীন উন্নয়ন বিষয়া-হবিবা ইছমিন, মাধুৰ্য শৰ্মা, বিজিত বণিয়া, ভাগ্যশ্ৰী দাস আৰু বিশাল দাস সহযোগত এই অভিযান চলে। তাৰ লগতে মীন বিক্ষোভকাৰী শইখুল ইছলাম আহমেদৰ এটা দলো উপস্থিত থাকে বুলি জানিব পৰা গৈছে। বিভাগীয় কতৃপক্ষই জানিবলৈ দিয়া মতে আজিৰ ৰাতিপুৱাৰ এই হঠাৎ অভিযানৰ প্ৰধান উদ্দেশ্য আছিল যে, স্থানীয় মাছমৰীয়া জনগোষ্ঠীসমূহক অসম মাছ বীজ আইন, ২০০৫ ৰ বিষয়ে অৱগত কৰা উদ্দেশ্যে। উল্লেখ্য যে ২০০৫ ৰ আইন অনুশৰী ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ চলি থকা বাধ্যতামূলক মাছ ধৰা নিষেধাজ্ঞাৰ সময়ছোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিষয়াসকলে এই সজাগতাৰ লগতে এক অভিযান আৰম্ভ কৰে।
নিয়ম অনুসৰি জানিবলৈ পোৱা মতে ১০৫ দিনৰ সময়ছোৱাত মাছৰ জনসংখ্যা স্বাভাৱিকভাৱে পুনৰ বৃদ্ধি পোৱাৰ নিশ্চিত কৰিবলৈ, আৰু পূৰ্ণবয়স্ক মাছ আৰু সৰু আকাৰৰ কিশোৰ মাছ ধৰাটো কঠোৰভাৱে নিষিদ্ধ।
আৰু আজি এই অবৈধ ভাবে মাছ ধৰা মাছমৰীয়া সকলক এই সময়চোৱাত মাছ ধৰাত নিষিদ্ধ কৰাৰ লগতে, এই সময়ত মাছ ধৰা জালো ব্যৱহাৰৰ বিৰুদ্ধেও সকীয়াই দিয়ে অভিযানকাৰী দলটোৱে।
লগতে মাছমৰীয়া কেইজনক অৱগত কৰাই যে জালৰ ভিতৰত বিশেষকৈ বেৰজাল, ৰিং জাল, মহ জাল, আৰু ফাচি জাল ইত্যাদি ব্যৱহাৰৰ নিষেধ আছে। আৰু এই সময়ত এইবোৰ জাল ব্যৱহাৰ কৰিলে এই জালত সকলো আকাৰৰ মাছক আৱদ্ধ কৰি প্ৰজনন চক্ৰত ব্যাঘাত জন্মায় বুলি জানিবলৈ দি লগতে এই সময়ত এইবোৰ জাল ব্যৱহাৰত বাধা আৰোপ কৰে। আৰু ইফালে আজিৰ অভিযান কালিন সময়ত গৌৰীপুৰ আৰক্ষীক তৎক্ষণাত দিয়ে আৰু গৌৰীপুৰ আৰক্ষীয়ে ঘটনাস্থিলত তৎক্ষণাত উপস্থিত হয়। আজি অবৈধ ভাবে মাছ মৰা সকলক মীন বিভাগে উল্লেখ কৰি কয় যে জুলাই মাহৰ মাজভাগত আনুষ্ঠানিকভাৱে নিষেধাজ্ঞা প্ৰত্যাহাৰ নোহোৱালৈকে সমগ্ৰ ধুবুৰী জিলাতে একেধৰণৰ হঠাৎ পৰিদৰ্শন আৰু সজাগতা অভিযান অব্যাহত থাকিব।
আৰু এই সময়চোৱাত মাছ ধৰাটো আইনীভাবে দণ্ডনীয়। গতিকে এই আইন বিৰোধী কামৰ পৰা সকলোবে দূৰত থাকিব লাগে বুলি উল্লেখ কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular