ধুবুৰীৰ গৌৰীপুৰত পুনৰ অবৈধ গো মাংস জব্দ
দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, জিলা প্ৰতিনিধিঃ ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জৰ এটা মাংসৰ দোকানত আজি সন্ধিয়াৰ ভাগত গৌৰীপুৰ আৰক্ষীয়ে এক গোপন তথ্য ভিক্তিত হঠাৎ অভিযান চলাই প্ৰায় ১১ কেজি অবৈধ গো মাংস জব্দ কৰে। উল্লেখ্য যোৱা কালি সন্দিয়াৰ ভাগত গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিভূতি থাপাৰ নেতৃত্বত চলে এই হঠাৎ অভিযান। আৰু অভিযান কালিন সময়ত হাতেলোটে ধৰা পৰে আবু বক্কৰ ছিদ্দিকৰ পুত্ৰ আমিন আহমেদ (২০) বুলি জানিবলৈ পোৱা গৈছে। আৰু অবৈধ গো মাংসৰ বেহা কৰা আমিন আহমেদৰ ঘৰ ধুবুৰীৰ আদাবাৰী গাওঁত বুলি খৱৰ পোৱা গৈছে।
আৰু ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহতি ৰাখিছে।

