33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমআমগুৰিত পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

আমগুৰিত পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

আমগুৰিত পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিষ্যৰ দৰে হিমন্ত বিশ্ব শৰ্মাই অসমত বেপাৰ আৰম্ভ কৰিছে
কৃষক মুক্তিৰ ঋতুমনি হাজৰিকা

দুৰ্নীতিৰ দৰ্পণ সেৱা আমগুৰি পৰা বুলবুল আলী 23 মে: শিৱসাগৰ জিলাৰ আমগুৰিত আজি পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, ঔষধৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদত বহু সংখ্যক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি মূল্যবৃদ্ধি ৰোধ কৰিব লাগিবই, নৰেন্দ্ৰ মোদীয়ে বেপাৰ বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, যোগান বিভাগ হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই আদি শ্লোগানেৰে আমগুৰি নগৰ চাৰি আলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদ স্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ঋতুমনি হাজৰিকা উপস্থিত থাকি অভিযোগ কৰে যে, নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ ফলত সাধাৰণ ৰাইজ, কৃষক, ছাত্ৰ-ছাত্ৰী আৰু মধ্যবিত্ত পৰিয়ালসমূহ অধিক আৰ্থিক চাপত পৰিছে। পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিবহণ খণ্ডৰ লগতে দৈনন্দিন বজাৰৰ সামগ্ৰীৰ ওপৰতো পৰিছে বুলি মন্তব্য কৰে।বেপাৰী প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি আপোন শিষ্যৰ দৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণৰ মূৰত মাধমাৰ মাৰি জনতাৰ ওপৰত বেপাৰ আৰম্ভ কৰিছে। নিৰ্বাচনৰ আগত পুঁজিপতিৰ পৰা আগধন কৈ জনসাধাৰণৰ মাজত ভোট কিনাৰ স্বাৰ্থত ব্যৱহাৰ কৰি এতিয়া জনতাৰ পৰা লুণ্ঠন কৰিব আৰম্ভ কৰিছে। হিতাধিকাৰী সকলক মাহে ১২৫০ টকা দি সপ্তাহত হিতাধিকাৰী সকলৰ পৰা উচল কৰি আছে। ঋতুমনি হাজৰিকাই দল সংগঠন নিৰ্বিশেষে মূল্য বৃদ্ধিৰ বিৰুদ্ধে ঐক্যব্ধভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় কয় দুৰ্নীতি গ্ৰস্ত, জনতাক জীয়াতু ভোগোৱা বিজেপি চৰকাৰক জনতায়হে নাকি লগাব পাৰিব বুলি কয়। প্ৰতিবাদস্থলীত ছাত্ৰ মুক্তিৰ উপসভাপতি ৰবীন হাজৰিকা, জিলা সভাপতি পল্লৱ শইকীয়া, যুৱ নেতা অভিস্পিত শইকীয়া,মাখণ বৰুৱা উপস্থিত থাকি চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনায়। লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সাধাৰণ ৰাইজৰ ক্ৰয়ক্ষমতাৰ ভিতৰত ৰাখিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক তৎকালীন ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। আমগুৰিৰ ৰাজপথত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠন দুটাই মূল্য বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন অধিক তীব্ৰ কৰাৰ ইংগিত দিয়ে।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular