ড্ৰাগছ বিৰোধী অভিযানত হাজো আৰক্ষীৰ বৃহৎ সাফল্য: পুনৰ গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰফিক আলী।
দুৰ্নীতিৰ দৰ্পণ হাজো,২৫ মে, হাজো ৰাজহ চক্ৰৰ অধীনস্থ বৰ্ণিত হাজো আৰক্ষীয়ে এক সফল অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধনসহ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনক হাজো থানাৰ অন্তৰ্গত বৰ্ণি গাঁও পঞ্চায়তৰ ৰফিক আলী (৩৫) বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, ধৃত ৰফিক আলী পূৰ্বেও হাজো থানাৰ এন.ডি.পি.এছ. (NDPS) এক্টৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল।হাজো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (OC) পৰিদৰ্শক ৰূপম হাজৰিকাৰ নেতৃত্বত লাভ কৰা এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে বৰ্ণি গাঁৱৰ ৰফিক আলীৰ বাসগৃহত এক অতৰ্কিতে তলাচী অভিযান চলায়। এই অভিযানত ৰফিক আলীৰ ঘৰৰ পৰা ১৩.২২ গ্ৰাম ওজনৰ (টেমাসহ) ১১ টা প্লাষ্টিকৰ টেমা ভৰ্তি সন্দেহযুক্ত নিষিদ্ধ ড্ৰাগছ, ২২ টা খালি কন্টেইনাৰ আৰু নগদ ৪৭,৩০০/- টকা জব্দ কৰা হয়। জব্দকৃত ড্ৰাগছ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৯০,০০০/- (নব্বৈ হাজাৰ) টকা হ’ব বুলি জানিব পৰা গৈছে।স্থানীয় স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত এখন আনুষ্ঠানিক জব্দ নামাৰ জৰিয়তে সামগ্ৰীসমূহ জব্দ কৰি অভিযুক্ত ৰফিক আলীক হাজো আৰক্ষী থানালৈ অনা হৈছে। এই সন্দৰ্ভত এন.ডি.পি.এছ. এক্টৰ অধীনত এটা নিয়মীয়া গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

