39.7 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমগাহৰিচোৱাবাৰীত মৃত নাহৰফুটুকী বাঘ উদ্ধাৰঃ

গাহৰিচোৱাবাৰীত মৃত নাহৰফুটুকী বাঘ উদ্ধাৰঃ

গাহৰিচোৱাবাৰীত মৃত নাহৰফুটুকী বাঘ উদ্ধাৰঃ

দুৰ্নীতি দৰ্পণ সেৱা আমগুৰি 26মে: শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ নামতি দৌল গাঁও পঞ্চায়তৰ অন্তৰ্গত গাহৰিচোৱাবাৰীৰ এখন হাবিৰ কাষত ২৫ মে এটা মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ হয়। মাছ ধৰিবলৈ যোৱা এজন লোকে প্ৰথমে প্ৰত্যক্ষ কৰে নাহৰফুটুকীটো। জীৱিত বুলি ভাবি ভয়তে পলাই গৈ তেওঁ স্থানীয় ৰাইজক লৈ পুনৰ সেই স্থানত উপস্থিত হোৱাৰ পিছতহে নাহৰফুটুকীটো মৃত বুলি ঠাৱৰ কৰিব পাৰে। প্ৰত্যক্ষদৰ্শীয়ে নাহৰফুটুকীটোৰ অৱস্থা দেখি বাঘটো কেইবাদিনো পুৰ্ব্বেই মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। পৰৱৰ্তী সময়ত মৃত নাহৰফুটুকীটো উদ্ধাৰ হোৱাৰ বিষয়ে হালোৱাটিং আৰক্ষী থানাক অৱগত কৰা হয়। বাতৰি লিখা পৰলৈকে
বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

RELATED ARTICLES
Lucknow
broken clouds
36.9 ° C
36.9 °
36.9 °
24 %
5.4kmh
59 %
Wed
39 °
Thu
43 °
Fri
43 °
Sat
43 °
Sun
44 °

Most Popular