গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান, নিষিদ্ধ গাঞ্জা জব্দ
দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ৩ জুন-গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰত আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত নিষিদ্ধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া মণ্টুৰাম বৰাৰ নেতৃত্বত চলোৱা এই অভিযানত এখন ১৬ চকীয়া ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা প্ৰায় ৫ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হয়।আৰক্ষীৰ সূত্ৰ অনুসৰি, ট্ৰাকখনৰ নম্বৰ TN-52-AD-8586। অভিযানকালত ট্ৰাকখনৰ চালক আৰু সহ-চালকক আটক কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হয়।গ্ৰেপ্তাৰ হোৱা দুয়োজনৰ পৰিচয় ক্ৰমে কেৰেলাৰ বাসিন্দা মাণিক আৰু মহেশ বুলি জানিব পৰা গৈছে।ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সৈতে জড়িত অধিক তথ্য উদ্ঘাটনৰ লক্ষ্যৰে তদন্ত অব্যাহত ৰাখিছে।

