30.2 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমঅসমত বিজেপিৰ ধুমুহাঃনাজিৰা-ডিমৌত বিজেপিৰ ঐতিহাসিক জয়, শিৱসাগৰত অখিল গগৈৰ দুৰ্গ ৰক্ষাঃ

অসমত বিজেপিৰ ধুমুহাঃনাজিৰা-ডিমৌত বিজেপিৰ ঐতিহাসিক জয়, শিৱসাগৰত অখিল গগৈৰ দুৰ্গ ৰক্ষাঃ

উজনি অসমত বিজেপিৰ ধুমুহাৰ মাজতো বিৰোধীৰ ঐক্যৰ কথমপিহে ৰাজনৈতিক সন্মান ৰক্ষা!

*অসমত বিজেপিৰ ধুমুহাঃনাজিৰা-ডিমৌত বিজেপিৰ ঐতিহাসিক জয়, শিৱসাগৰত অখিল গগৈৰ দুৰ্গ ৰক্ষাঃ

​ দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৪ মে’:* অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ আজি ঘোষিত ফলাফলত উজনি অসমৰ ৰাজনৈতিক দৃশ্যপটত এক ব্যাপক পৰিৱৰ্তন পৰিলক্ষিত হৈছে।বিশেষকৈ শিৱসাগৰ জিলাৰ তিনিটা গুৰুত্বপূৰ্ণ সমষ্টিত ভোটাৰৰ ৰায়ে শাসকীয় পক্ষৰ ভেটি অধিক শক্তিশালী কৰাৰ লগতে জনপ্ৰিয়তাৰ নতুন মাপকাঠি নিৰ্ধাৰণ কৰিছে। জিলাখনৰ ১৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হোৱা এই নিৰ্বাচনত বিজেপি দলৰ জয়জয়কাৰ আৰু অখিল গগৈৰ ব্যক্তিগত জনপ্ৰিয়তাই বিৰোধী শিবিৰৰ অস্তিত্ব প্ৰায় ম্লান কৰি পেলাইছে। ​বিজেপিৰ বাবে আটাইতকৈ উল্লেখনীয় সফলতা আহিছে ৯৭ নং নাজিৰা সমষ্টিৰ পৰা। দীৰ্ঘদিন ধৰি এক বিশেষ ৰাজনৈতিক প্ৰয়াত দক্ষ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখলত থকা এই সমষ্টিটোত বিজেপিৰ ময়ূৰ বৰগোহাঁইয়ে এক অভূতপূৰ্ব বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিছে। তৃণমূল পৰ্যায়ৰ পৰা উঠি অহা ময়ূৰ বৰগোহাঁইয়ে মুঠ ৯৮,১৯৮ টা ভোট লাভ কৰি বিৰোধী প্ৰাৰ্থী দেৱব্ৰত শইকীয়াক ৪৬,৭০১ টা ভোটৰ এক বিশাল ব্যৱধানত ধৰাশায়ী কৰে। শইকীয়াই মাত্ৰ ৫১,৪৯৭ টা ভোটতে সন্তুষ্ট থাকিবলগীয়া হোৱা এই ফলাফলে নাজিৰাত এক নতুন ৰাজনৈতিক যুগৰ সূচনা কৰিছে। ৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱা নাজিৰাত ১,৭৩৫ গৰাকী ভোটাৰে ন’টা ব্যৱহাৰ কৰাৰ বিপৰীতে আন প্ৰাৰ্থীসকলৰ প্ৰভাৱ একেবাৰেই নগণ্য আছিল। ​একেদৰে ৯৫ নং ডিমৌ সমষ্টিত বিজেপিৰ প্ৰভাৱশালী নেতা সুশান্ত বৰগোহাঁইয়ে নিজৰ বিজয়ৰ ধাৰা অব্যাহত ৰাখি সমষ্টিটোত নিজৰ অজেয় স্থিতি পুনৰ প্ৰমাণ কৰিলে। মাত্ৰ ৩ গৰাকী প্ৰাৰ্থীৰ মাজত হোৱা যুঁজত সুশান্ত বৰগোহাঁইয়ে পষ্টাল বেলটসহ মুঠ ৮৯,৩৫৭ টা ভোট লাভ কৰি ৩৩,৩৬৬ টা ভোটৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। তেওঁৰ বিৰুদ্ধে থকা কংগ্ৰেছৰ অজয় কুমাৰ গগৈয়ে ৫৫,৯৯১ টা ভোট লাভ কৰিবলৈ সক্ষম হয় যদিও বৰগোহাঁইৰ উন্নয়নমুখী ৰাজনীতিৰ ওচৰত বিৰোধী পক্ষ অসহায় হৈ পৰা পৰিলক্ষিত হ’ল। ১,৭০৬ গৰাকী ভোটাৰে নটা ব্যৱহাৰ কৰি কোনো প্ৰাৰ্থীৰ ওপৰত আস্থা প্ৰদৰ্শন নকৰিলে। ​আনহাতে, সমগ্ৰ অসমৰ দৃষ্টি নিৱদ্ধ থকা ৯৬ নং শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে নিজৰ অজেয় দুৰ্গ সুৰক্ষিত ৰাখিবলৈ সক্ষম হৈছে। বিধানসভাত বিশেষভাৱে চৰ্চাত থকা গগৈয়ে পষ্টেল বেলটসহ মুঠ ৮৬,২৫১ টা ভোট লাভ কৰি বিজয়ী হয়। তেওঁৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰতিদ্বন্দ্বী বিজেপিৰ কুশল দুৱৰীয়ে ৬৯,২৪৯ টা ভোট লাভ কৰি তীব্ৰ প্ৰত্যাহ্বান জনায় যদিও গগৈয়ে ১৭,০০২ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। উল্লেখযোগ্য যে, ৮ গৰাকী প্ৰাৰ্থীৰ মাজত হোৱা এই নিৰ্বাচনত এন ডি এৰ সহযোগী দল অগপৰ প্ৰদীপ হাজৰিকাই মাত্ৰ ১৪,৭৫৭ টা ভোট লাভ কৰি তৃতীয় স্থানত থমকি ৰ’বলগীয়া হয়।সামগ্ৰিকভাৱে, আজিৰ এই ফলাফলে জিলাখনত বিজেপিৰ সাংগঠনিক শক্তি আৰু উন্নয়নৰ ৰাজনীতিক ৰাইজে মুকলিকৈ আদৰি লোৱাটোকে প্ৰতিপন্ন কৰিছে। একে সময়তে শিৱসাগৰ সমষ্টিৰ ভোটাৰে অখিল গগৈক দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত কৰি জনপ্ৰতিনিধি হিচাপে বিধানসভালৈ নিৰ্বাচিত কৰিছে। জিলাখনৰ এই ফলাফলসমূহে বিৰোধী পক্ষৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান জনাই আৰু শাসকীয় পক্ষৰ বাবে এক নতুন প্ৰেৰণা হিচাপে বিবেচিত হৈছে।

RELATED ARTICLES
Lucknow
overcast clouds
30.4 ° C
30.4 °
30.4 °
64 %
5.8kmh
100 %
Thu
30 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular