30.2 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমনলবাৰীত তিনিওটা সমষ্টিত জয়লাভ বিজেপিৰ , ৰাইজ,বিজেপি কাৰ্য-কৰ্তা সকলক ধন্যবাদ জ্ঞাপন জয়ী...

নলবাৰীত তিনিওটা সমষ্টিত জয়লাভ বিজেপিৰ , ৰাইজ,বিজেপি কাৰ্য-কৰ্তা সকলক ধন্যবাদ জ্ঞাপন জয়ী প্ৰাৰ্থীৰ

নলবাৰীত তিনিওটা সমষ্টিত জয়লাভ বিজেপিৰ , ৰাইজ,বিজেপি কাৰ্য-কৰ্তা সকলক ধন্যবাদ জ্ঞাপন জয়ী প্ৰাৰ্থীৰ

ষ্টাফ ৰিপোৰ্টাৰ , নলবাৰী , ৪ মেঃ- ৪ মে’ত ৰাজ্যত ঘোষণা কৰা হয় অসম বিধান সভা নিৰ্বাচনৰ ফলাফল।।ফলাফল ঘোষণাৰ পিছতে আনন্দ-উল্লাস দেখিবলৈ পোৱা যায় বিজেপি তথা এন ডি এ প্ৰাৰ্থীৰ মাজত। কিয়নো , ৰাজ্যত পুনৰ বাৰ চৰকাৰ গঠণৰ দিশে বিজেপি তথা এন ডি এ।ব্যতিক্ৰম নহয় নলবাৰীও। নলবাৰীতো তিনিওটা সমষ্টিত বিজেপি তথি এন ডি এ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ। নলবাৰী জিলাখনত থকা তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৩৮ নং বৰক্ষেত্ৰী বিধনসভা সমষ্টি,৩৯ নং নলবাৰী বিধানসভা সমষ্টি আৰু ৪০ নং টিহু বিধানসভা সমষ্টিত বিজেপিৰ তিনি গৰাকী প্ৰাৰ্থী নাৰায়ণ ডেকা,জয়ন্ত মল্ল বৰুৱা আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ জয় লাভ।। নিৰ্বাচনী তথ্য ম’তে ৩৯ নং নলবাৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰ ২০০,২৭৮ গৰাকী। ভোট পোল হয়=৯০.৪৩% , অৰ্থাৎ প্ৰায় ১,৮১,২০০ গৰাকী। ৪০ নং টিহু বিধানসভা সমষ্টিত মুঠ ভোটাৰ ২০৪,৪৪১ টা , ভোট পোল হয়ঃ ৮৭.০১% , অৰ্থাৎ ১,৭৮,১৯৪ , ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰঃ ২,১৯,৬৭২ , ভোট পোল হয়ঃ ৯০.০০% , অৰ্থাৎ ২,০০,৬৩৮ , বৰক্ষী সমষ্টিত বিজেপি প্ৰাৰ্থী নাৰায়ন ডেকাই ১১৩০১ লাভকৰিলে কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনে লাভ কৰিলে৮৪১৫৭ , নাৰায়ন ডেকা,,২৮৪৮৩ভোটৰ ব্যৱধানত বিজয়ী.
নলবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই লাভকৰিলে,,১১৮৬১১ , কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাই লাভ কৰিলে,,,৫৮৫১০, জয়ন্ত মল্ল বৰুৱাই,,৬০১০১ ভোটৰ ব্যৱধানত বিজয়ী , টিহু সমষ্টিৰ বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ লাভকৰিলে ১০০৮৫৫ , কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে লাভকৰিলে,,৭৪৩৫৯ , চন্দ্ৰ মোহন পাটোৱাৰী ২৬৪৯৬ভোটত বিজয়ী সাব্যস্ত কৰে , তৃতীয়বাৰৰ বাবে নলবাৰীৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন জয়ন্ত মল্ল বৰুৱাৰ , ঘগ্রাপাৰতো বিজয় উল্লাস , আজি ভোট গণনাৰ অন্তত নলবাৰী জিলাৰ ৩৯ নং লবাৰী বিধানসভা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছতে সমষ্টিবাসী ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে নলবাৰীৰ নবনিৰ্বাচিত বিধায়ক জয়ন্ত মল্ল বৰুৱাই । নলবাৰী সমষ্টিৰ পৰা ৰেকৰ্ড সংখ্যক ভোট বিজয় হোৱাৰ পিছত জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে, নলবাৰী সমষ্টিৰ ৰাইজে পুনৰ বিশ্বাস আৰু আশীৰ্বাদ প্ৰদান কৰি তেওঁক সেৱাৰ নতুন দায়িত্ব অৰ্পণ কৰিছে। এই মৰম, সহায়-সহযোগিতা আৰু উৎসাহৰ বাবে তেওঁ সমষ্টিবাসীক সশ্ৰদ্ধ প্ৰণাম জনায়। বিধায়কে উল্লেখ কৰে যে, পূৰ্বৰ দুটা কাৰ্যকালত বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো নলবাৰীক অধিক উন্নত আৰু সপোনৰ সমষ্টি হিচাপে গঢ়ি তুলিবলৈ আন্তৰিকভাৱে কাম কৰি আহিছে। বিগত সময়ছোৱাত যিবোৰ আশা-আকাংক্ষা সম্পূৰ্ণ কৰিব নোৱাৰা হৈছিল, সেয়া আগন্তুক সময়ছোৱাত ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰে বাস্তৱায়িত কৰাৰ সংকল্প ব্যক্ত কৰে।তেওঁ আৰু কয় যে, আগন্তুক পাঁচ বছৰত সমষ্টিবাসীৰ মৰম-চেনেহ, আশীৰ্বাদ আৰু ঐক্যই তেওঁৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব। সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাৰে এখন উন্নত, আটকধুনীয়া আৰু সৰ্বাংগীণভাৱে বিকশিত নলবাৰী গঢ়ি তোলাৰ লক্ষ্যৰে কাম অব্যাহত থাকিব বুলিও তেওঁ মন্তব্য কৰে। শেষত সমষ্টিৰ সকলো ৰাইজৰ সুস্বাস্থ্য, শান্তি আৰু মঙ্গল কামনা কৰি পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰে নবনিৰ্বাচিত বিধায়কে।ইফালে জয়ন্ত মল্ল বৰুৱাৰ প্রায় ৬৫ হাজাৰ ভোটৰ ব্যবধানত বিজয় হোৱাৰ পিছত সমষ্টিৰ বিভিন্ন প্রান্তৰ লগতে ঘগ্রাপাৰ মণ্ডল বিজেপিৰ অন্তৰ্গত ৮২ টা বুথে দলীয় কাৰ্যকৰ্তাসকলে বিজয় উল্লাস পালন কৰে। আজি সন্ধিয়া ঘগ্রাপাৰ চ’কত বিজেপিৰ দলীয় কৰ্মীসকলে ফটকা ফুটাই বিজয় উৎসৱ পালন কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
30.4 ° C
30.4 °
30.4 °
64 %
5.8kmh
100 %
Thu
30 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular