29.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমঅসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ নগৰ সমিতি পুনৰ গঠনঃসভাপতি প্ৰাঞ্জল কাকতি আৰু সম্পাদক...

অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ নগৰ সমিতি পুনৰ গঠনঃসভাপতি প্ৰাঞ্জল কাকতি আৰু সম্পাদক সন্দীপ গগৈ

অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ নগৰ সমিতি পুনৰ গঠনঃসভাপতি প্ৰাঞ্জল কাকতি আৰু সম্পাদক সন্দীপ গগৈ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৩০ মাৰ্চঃ অসমৰ অন্যতম জাতীয় সংগঠন ‘অসমীয়া যুৱ মঞ্চ’ৰ শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্ভুক্ত শিৱসাগৰ নগৰ সমিতিখন আজি আনুষ্ঠানিকভাৱে পুনৰ গঠন কৰা হয়৷ যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি যদুমনি কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত এই নতুন সমিতিখন গঠন কৰা হয়৷ শিৱসাগৰ নগৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক যুৱকৰ উপস্থিতিত অনুষ্ঠিত এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণুজ্যোতি শইকীয়াই৷ ​ সভাত জিলা সভাপতি যদুমনি কলিতাৰ লগতে মুখ্য সাংগঠনিক সম্পাদক ৰাজীৱ ফুকন, অসমীয়া মহিলা মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সভানেত্ৰী পুষ্পাঞ্জলী দত্ত, কাৰ্যকৰী সভানেত্ৰী শান্তিৰাণী গগৈ আৰু সম্পাদিকা পাপৰি বৰুৱা ফুকনে উপস্থিত থাকি জাতীয় সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত বিশেষ বক্তব্য আগবঢ়ায়৷ তেওঁলোকে যুৱ শক্তিৰ একত্ৰীকৰণ আৰু জাতীয় স্বাৰ্থত সংগঠনটোৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ ​সভাৰ সৰ্বসন্মতি মৰ্মে প্ৰাঞ্জল কাকতিক সভাপতি, মৌচিন খানক কাৰ্যকৰী সভাপতি, সন্দীপ গগৈক সম্পাদক আৰু প্ৰণয় দত্তক সহ-সম্পাদক হিচাপে লৈ ৪১ জনীয়া এখন শক্তিশালী নগৰ সমিতি গঠন কৰা হয়৷ নৱ-গঠিত এই সমিতিখনক জিলা সভাপতি যদুমনি কলিতা আৰু সাধাৰণ সম্পাদক বিষ্ণুজ্যোতি শইকীয়াই শুভেচ্ছা জ্ঞাপন কৰি আগন্তুক দিনত জাতীয় স্বাৰ্থত নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়৷

RELATED ARTICLES
Lucknow
broken clouds
29.3 ° C
29.3 °
29.3 °
74 %
3.5kmh
63 %
Tue
29 °
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °

Most Popular