29.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমশিৱসাগৰত ‘নৱজ্যোতি সাংস্কৃতিক উন্নয়ন সংস্থা’ৰ উদ্যোগত বসন্তক আদৰাৰ ব্যাপক প্ৰস্তুতি

শিৱসাগৰত ‘নৱজ্যোতি সাংস্কৃতিক উন্নয়ন সংস্থা’ৰ উদ্যোগত বসন্তক আদৰাৰ ব্যাপক প্ৰস্তুতি

শিৱসাগৰত ‘নৱজ্যোতি সাংস্কৃতিক উন্নয়ন সংস্থা’ৰ উদ্যোগত বসন্তক আদৰাৰ ব্যাপক প্ৰস্তুতি

​ দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৩০ মাৰ্চঃ বসন্তক আদৰাৰ ব্যাপক প্ৰচেষ্টাৰে যোৱা ২৮ মাৰ্চ, ২০২৬ তাৰিখে ‘নৱজ্যোতি সাংস্কৃতিক উন্নয়ন সংস্থা’ই আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানে শিৱসাগৰৰ ৰাইজক আনন্দিত কৰি তোলে৷ অনুষ্ঠানটিত কুণ্ডলীকৃত কণ কণ মইনা-মাইনীসকলে নৃত্য, গীত, কবিতা আৰু কৌতুক অভিনয় প্ৰদৰ্শন কৰে৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো শিল্পীকে ‘নৱজ্যোতি সাংস্কৃতিক উন্নয়ন সংস্থা’ৰ প্ৰতিষ্ঠাপক তথা পৰিচালক, উদীয়মান ব্যতিক্ৰমী যুৱক নৱজ্যোতি আকাশ দাসে প্ৰশংসা পত্ৰ প্ৰদান কৰে৷ ​সাংস্কৃতিক অনুষ্ঠানভাগিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পবিত্ৰ কলিতা ওৰফে মিনতি৷ ইয়াৰ লগতে বিশিষ্ট সাংবাদসেৱী অৰ্পণা ভৰালী, নূপুৰ শইকীয়া আৰু কবি আশ্ৰাফুল হক মাণিকেও অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ সমগ্ৰ অনুষ্ঠানটো ওতপ্ৰোতভাৱে জড়িত থাকি সাফল্যমণ্ডিত কৰি তোলাত মণি বৰ্ণালী দুৱৰা আৰু নৃত্যশিল্পী আকাশদ্বীপ দত্তই বিশেষ সহায় আগবঢ়ায়৷ গীত-নৃত্যৰ উমাল পৰিৱেশে শিৱসাগৰৰ সাংস্কৃতিক পৰিৱেশটোক অধিক প্ৰাণৱন্ত কৰি তোলে৷

RELATED ARTICLES
Lucknow
broken clouds
29.3 ° C
29.3 °
29.3 °
74 %
3.5kmh
63 %
Tue
29 °
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °

Most Popular