29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমঅসমৰ ৰাজনীতিত জয়ন্ত কুমাৰ নাথৰ বৰ্ণিল যাত্ৰা

অসমৰ ৰাজনীতিত জয়ন্ত কুমাৰ নাথৰ বৰ্ণিল যাত্ৰা

অসমৰ ৰাজনীতিত জয়ন্ত কুমাৰ নাথৰ বৰ্ণিল যাত্ৰা

দুৰ্নীতিৰ দৰ্পণ, খৰ্গেশ্বৰ নাথ আমিনগাঁও, ৫ এপ্ৰিল- অসমৰ ৰাজনীতি সদায়েই এক জটিল পৰিস্থিতিৰ মাজেৰে আগুৱাই গৈছে । বিশেষকৈ ছাত্ৰ আন্দোলনৰ পৰা আৰম্ভ হোৱা আঞ্চলিক ৰাজনীতিৰ ধাৰাটোৱে দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ ৰাজনৈতিক মানচিত্ৰ গঢ়ি তুলিছে। এই পৰিপ্ৰেক্ষিতত জাতীয়তাবাদী জয়ন্ত কুমাৰ নাথৰ ৰাজনৈতিক যাত্ৰা কেৱল এজন ব্যক্তিৰ জীৱনৰ কাহিনী নহয়, বৰঞ্চ অসমৰ ৰাজনৈতিক পৰিৱৰ্তনৰ এক প্ৰতীকী প্ৰতিফলন। ৯০ৰ দশক অসমৰ বাবে এক জটিলতা আৰু সংঘৰ্ষৰ ভৰা সময় আছিল। এই সময়ছোৱাত সদৌ অসম ছাত্ৰ সন্থাৰ দৰে সংগঠনৰ নেতৃত্বত ছাত্ৰ আন্দোলনে জাতীয়তাবাদৰ এক শক্তিশালী ধাৰা সৃষ্টি কৰিছিল। জয়ন্ত কুমাৰ নাথো এই ধাৰাৰেই এজন সক্ৰিয় নেতা আছিল। উত্তৰ গুৱাহাটীৰ মাটিত তেওঁ ছাত্ৰ ৰাজনীতিৰ পাতনি মেলি নিজৰ বলিষ্ঠ নেতৃত্বৰ চানেকী দাঙি ধৰি স্থানীয় পৰ্য্যায়ত এক শক্তিশালী জাতীয়তাবাদী কণ্ঠ হিচাপে পৰিচিত হৈছিল। ত্ৰ ৰাজনীতিৰ পৰা আগবাঢ়ি তেওঁ অসম গণ পৰিষদত যোগদান কৰে, যি দলটোৱে মূলতঃ আঞ্চলিক স্বাৰ্থ আৰু অসমীয়াত্বৰ ভিত্তিত ৰাজনীতি আগবঢ়াই আহিছে। অসম যুৱ পৰিষদৰ বিত্তীয় সম্পাদক, উপ-সভাপতি আদি বিভিন্ন দায়িত্ব পালন কৰি তেওঁ দলটোৰ সংগঠনগত ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিশেষকৈ জালুকবাৰী সমষ্টিত দলৰ ভিত্তি সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদান আছিল । ১৯৭৯ চনৰ পৰা বিগত ৪টা দশকত ৰাজনীতি স্পষ্টভাৱে আঞ্চলিক জাতীয়তাবাদৰ সৈতে সংলগ্ন আছিল—য’ত অসমৰ পৰিচয়, অধিকাৰ আৰু সাংস্কৃতিক সুৰক্ষা মুখ্য বিষয় হিচাপে স্থান পাইছিল। কিন্তু সময়ৰ লগে লগে বিশেষকৈ ২০১৪ চনৰ পিছৰেপৰা অসমৰ ৰাজনীতিৰ ধাৰাত পৰিৱৰ্তন আহিবলৈ ধৰিলে। আঞ্চলিক দলসমূহৰ প্ৰভাৱ ক্ৰমাৎ হ্ৰাস পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিসমূহৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিলে। এই পৰিৱৰ্তনৰ মাজতেই ২০২৬ চনৰ ২৬ মাৰ্চ তাৰিখে জয়ন্ত কুমাৰ নাথৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনা হিচাপে পৰিগণিত হয়। এই সিদ্ধান্তে কেৱল তেওঁৰ ব্যক্তিগত ৰাজনৈতিক পথকেই নহয়, বৰঞ্চ অসমৰ ৰাজনীতিৰ দিশ নিৰ্দেশনাৰ ক্ষেত্ৰতো এক নতুন সংকেত প্ৰদান কৰে। মোৰ দৃষ্টিৰে এই ঘটনাটো কেইবাটাও দিশৰ পৰা মূল্যায়ন কৰিব পাৰি। প্ৰথমতে, এইটো আঞ্চলিক আদৰ্শৰ পৰা ৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিসৰৰ ফালে হোৱা এক সজাগ সঁহাৰি । দ্বিতীয়তে, এইটো আঞ্চলিক দলসমূহৰ সংগঠনগত দুৰ্বলতা আৰু নেতৃত্ব সংকটৰ প্ৰতিফলন। তৃতীয়তে, এইটো বৰ্তমান ৰাজনীতিত টিকি থাকিবলৈ ব্যক্তিগত কৌশলৰ অংশ হিচাপে বুজা যায়। ইয়াৰ লগতে, “জাতীয়তাবাদ”ৰ ধাৰণাটো নিজেই এক পৰিৱৰ্তনৰ মাজেদি গৈছে। এসময়ত যি অসমীয়াত্বৰ ভিত্তিত গঢ় লৈ উঠিছিল, এতিয়া সেয়া ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ সৈতে একাত্ম হোৱাৰ প্ৰৱণতা দেখা গৈছে। এইটো এক বৃহৎ মতাদৰ্শিক পৰিৱৰ্তন, যাৰ প্ৰভাৱ আগন্তুক সময়ত অধিক স্পষ্ট হ’ব। শেষত জয়ন্ত কুমাৰ নাথৰ ৰাজনৈতিক যাত্ৰা এক বৰ্ণিল আৰু শিক্ষণীয় অধ্যায়। এই যাত্ৰাই আমাক বুজাই দিয়ে যে ৰাজনীতি কেতিয়াও স্থিৰ নহয়—ই সদায় সময়, পৰিস্থিতি আৰু প্ৰয়োজনৰ সৈতে সলনি হৈ থাকে। আশাকৰোঁ অনাগত দিনত তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় নেতা হিচাবে অসমবাসী তথা উত্তৰ গুৱাহাটীবাসীৰ আশা আকাংক্ষা পূৰণ কৰি ৰাইজৰ বাবে সেৱা আগবঢ়াই যাব।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular