35.1 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমঅৰুণোদয় আঁচনিত বৃহৎ উপহাৰঃ ১০ মাৰ্চত ৪০ লাখ মহিলাৰ একাউণ্টত সোমাব ৩৬০০...

অৰুণোদয় আঁচনিত বৃহৎ উপহাৰঃ ১০ মাৰ্চত ৪০ লাখ মহিলাৰ একাউণ্টত সোমাব ৩৬০০ কোটি টকা

অৰুণোদয় আঁচনিত বৃহৎ উপহাৰঃ ১০ মাৰ্চত ৪০ লাখ মহিলাৰ একাউণ্টত সোমাব ৩৬০০ কোটি টকা

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ৯ মাৰ্চ: বিজেপি শাসিত অসম চৰকাৰে ১০ মাৰ্চৰ পুৱা ১০:৩০ বজাত ‘অৰুণোদয় ‘ আঁচনিৰ অধীনত প্ৰায় ৪০ লাখ মহিলা হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ৩,৬০০ কোটি টকা স্থানান্তৰ কৰিব। এইটো অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ আটাইতকৈ ডাঙৰ এদিনীয়া প্ৰত্যক্ষ সুবিধা হস্তান্তৰ (ডিবিটি) হ’ব, যি এপ্ৰিলৰ নিৰ্বাচনৰ পূৰ্বে শাসকীয় দলৰ আটাইতকৈ উচ্চাকাংক্ষী মহিলা-সৱলীকৰণ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব। উত্তৰ অসমৰ মাৰ্ঘেৰিটাৰ পৰা ‘জন আশীৰ্বাদ যাত্ৰা’ পুনৰ আৰম্ভ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভত এক আহ্বান জনায়। ৰাজ্যখনৰ প্ৰতিখন পঞ্চায়ত, পৌৰ ৱাৰ্ড, কাৰ্বি আংলং, ডিমা হাচাও আৰু বোড়োলেণ্ড অঞ্চলত ডিবিটি সভা অনুষ্ঠিত হ’ব। মুখ্য অনুষ্ঠানটো গুৱাহাটীত অনুষ্ঠিত হ’ব। মূখ্যমন্ত্ৰী শৰ্মাই হিতাধিকাৰীসকলক উপস্থিত থাকিবলৈ আহ্বান জনাই- “৩,৬০০ কোটি টকাৰ এদিনীয়া হস্তান্তৰে অসমত এক অভিলেখ স্থাপন কৰিব। ” প্ৰতিগৰাকী যোগ্য মহিলাই চাৰি মাহৰ (জানুৱাৰী-এপ্ৰিল) বাবে একেলগে ৯,০০০ টকা লাভ কৰিব। এই আঁচনিৰ অধীনত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মহিলাসকলক প্ৰতি মাহে ১,২৫০ টকাকৈ প্ৰদান কৰা হয়। এপ্ৰিলত বিহুৰ বাবে বেলেঞ্চটো এটা বিশেষ বোনাচ। এই ঘোষণাটো আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা কৰা হয় । মূখ্যমন্ত্ৰী শৰ্মাই কয় যে “নাৰী সবলীকৰণ হৈছে অসমৰ বিকাশৰ কেন্দ্ৰ। আর্থিক নিৰাপত্তাৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্য, উদ্যমিতা আদি আমাৰ উদ্যোগসমূহে লাখ লাখ মহিলাক আস্থা প্ৰদান কৰিছে। বিজেপি পৰ্যৱেক্ষকসকলে বিশ্বাস কৰে যে পঞ্চায়তৰ সভাবোৰে মহিলা ভোটাৰৰ প্ৰসাৰ বৃদ্ধি কৰিব । আনহাতে বিৰোধীয়ে ইয়াক ‘নিৰ্বাচনী ৰণকৌশল ‘ বুলি অভিহিত কৰিছে ।

RELATED ARTICLES
Lucknow
light rain
33.5 ° C
33.5 °
33.5 °
56 %
8.1kmh
98 %
Fri
34 °
Sat
36 °
Sun
36 °
Mon
30 °
Tue
32 °

Most Popular