অৰুনোদয় ৩.০ৰ অধীনত মাৰ্ঘেৰিটাত মুঠ ২৮,৬২২ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিলে ৯০০০ টকা
দুৰ্নীতিৰ দৰ্পণ, মাৰ্ঘেৰিটা,১০ মাৰ্চঃ ৰাজ্যৰ বাকী অংশৰ লগতে আজি মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ অন্তৰ্গত সামুকজান গাঁও পঞ্চায়তত অৰুণোদয় ৩.০ বিশেষ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰাজ্যজোৰা কাৰ্যসূচীৰ অংশ হিচাপে প্ৰদান কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লাইভ ভাষণো উপস্থিত হিতাধিকাৰীসকলে প্ৰত্যক্ষ কৰে। অনুষ্ঠানত উপস্থিত থাকে ৮৩-মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা লগতে মাৰ্ঘেৰিটাৰ সম-জিলা আয়ুক্ত ৰাহুল ডলে; ৰোহিত কুমাৰ যাদৱ, মাৰ্ঘেৰিটা উন্নয়ন খণ্ড; গাঁও পঞ্চায়তৰ সভাপতি, পঞ্চায়ত সম্পাদক, বিভিন্ন বিভাগৰ বিষয়া, হিতাধিকাৰী আৰু সংবাদ মাধ্যমৰ সদস্য সকল। মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ অধীনত মুঠ ২৮,৬২২ হিতাধিকাৰীক অৰুনোদয় ৩.০ৰ অধীনত সামৰি লোৱা হৈছে। এই আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি যোগ্য মহিলা হিতাধিকাৰীয়ে প্ৰত্যক্ষ সুবিধা স্থানান্তৰৰ জৰিয়তে প্ৰতিমাহে ১২৫০ টকা লাভ কৰাৰ লগতে চাৰি মাহ সামৰি ৯,০০০ অতিৰিক্ত আৰ্থিক সাহায্য লাভ কৰে। মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়ত, পৌৰ ৱাৰ্ড আৰু ভিচিডিচি এলেকাত একেলগে এই কাৰ্যসূচীৰ আয়োজন কৰি যোগ্য হিতাধিকাৰীক বিতৰণৰ সুবিধা প্ৰদান কৰা হয়।

