প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত ৰেল সংযোগ আৰু উন্নয়নত নতুন গতি , উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো প্ৰান্তক সংযোগ কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি
মালিগাঁও, পিএন চি, ১০ মাৰ্চ, :দীৰ্ঘদিন ধৰি অসম আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰেলৱে ইতিহাস সীমিত সংযোগ আৰু লেহেমীয়া অগ্ৰগতিৰে পৰিচিত আছিল। কঠিন ভৌগোলিক স্থিতি, সীমিত বিনিয়োগ আৰু অসম্পূৰ্ণ প্ৰকল্পসমূহ আছিল অঞ্চলটোৰ উন্নয়নৰ দিশত মূল বাধাস্বৰূপ। কিন্তু এতিয়া এই পৰিস্থিতি দ্ৰুতগতিত পৰিৱৰ্তন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্ব্বাঞ্চল ভাৰতৰ ৰেল উন্নয়নৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে আগবাঢ়িছে, যি আধুনিক সংযোগ, সুৰক্ষা আৰু অৰ্থনৈতিক সুযোগৰ নতুন দিগন্তৰ দুৱাৰ মুকলি কৰিছে। এই ৰূপান্তৰণৰ দিশত দৃষ্টিগোচৰ হোৱা অধিকাংশ নিদৰ্শন ৰেলৱে বাজেটৰ আৱন্টনত প্ৰত্যক্ষ কৰা গৈছে। ২০০৯–১৪ বৰ্ষৰ সময়ছোৱাত অসম আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ বাবে গড় বাৰ্ষিক ৰেলৱে বাজেট আৱন্টন আছিল প্ৰায় ২,১২২ কোটি টকা। ই ২০২৬–২৭ বৰ্ষত প্ৰায় পাঁচগুণ বৃদ্ধি হৈ ১১,৪৮৬ কোটি টকালৈ বৃদ্ধি হৈছে। এই বৃদ্ধি কেৱল অধিক ধনৰ বিনিয়োগৰ প্ৰতিফলনে নহয়, বৰঞ্চ কেন্দ্ৰীয় চৰকাৰৰ এই অঞ্চলটোৰ উন্নয়নৰ দিশত থকা দৃঢ় প্ৰতিশ্ৰুতিৰেই প্ৰতিফলন। এই গুৰুত্বপূৰ্ণ বিনিয়োগে অসম আৰু উত্তৰ-পূৰ্ব্বাঞ্চলত বৃহৎ পৰিমাণৰ ৰেলৱে ৰূপান্তৰণকে ত্বৰান্বিত কৰিছে। বৰ্তমানে অঞ্চলটোত বিভিন্ন পৰ্যায়ত ৭২,৪৬৮ কোটি টকাৰো অধিক মূল্যৰ ৰেলৱে প্ৰকল্পসমূহ নিৰ্মাণাধীন অৱস্থাত আছে। ইয়াৰ ভিতৰত নতুন ৰেলপথ নিৰ্মাণ, ষ্টেচন আধুনিকীকৰণ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সুৰক্ষা সম্পৰ্কীয় প্ৰকল্প অন্তৰ্ভুক্ত আছে। যাত্ৰীৰ সুবিধা উন্নত কৰিবলৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ৬০টা ৰে’ল ষ্টেচন অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ বিকাশ কৰা হৈছে। প্ৰায় ২,১০১ কোটি টকাৰ আনুমানিক বিনিয়োগৰে এই ষ্টেচনসমূহক আধুনিক যাত্ৰী সুবিধা, উন্নত সুগমতা, সমসাময়িক ডিজাইন আৰু ডিজিটেল সুবিধাৰে উন্নীত কৰা হৈছে। ইয়াৰ ভিতৰত হয়বৰগাঁও ষ্টেচনৰ পুনৰ বিকাশৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। ৰেল নেটৱৰ্কৰ সম্প্ৰসাৰণো উল্লেখযোগ্য গতিত আগবাঢ়ি আছে। ২০১৪ চনৰ পৰা অসম আৰু উত্তৰ-পূৰ্ব্বাঞ্চলত প্ৰায় ১,৯০০ কিলোমিটাৰ নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে। এই সম্প্ৰসাৰণ হৈছে শ্ৰীলংকাৰ সমগ্ৰ ৰেল নেটৱৰ্কতকৈও অধিক। ৰেলৱে বৈদ্যুতিকৰণতো অভূতপূৰ্ব অগ্ৰগতি হৈছে। অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু মিজোৰামৰ দৰে ৰাজ্যসমূহে ১০০ শতাংশ বৈদ্যুতিকৰণ লাভ কৰিছে, আনহাতে অসমো সম্পূৰ্ণ বিদ্যুতিকৰণৰ পৰ্যায়ত উপনীত হৈছে। সুৰক্ষিত আৰু সুগম যাতায়ত নিশ্চিত কৰাৰ অৰ্থে ৫০২ খন ৰেলৱে ফ্লাইঅভাৰ আৰু আণ্ডাৰপাছ নিৰ্মাণ কৰা হৈছে, যিয়ে লেভেল ক্ৰছিং সম্পৰ্কীয় সমস্যাসমূহ হ্ৰাস কৰি যাত্ৰী আৰু বাহনৰ সুৰক্ষিত চলাচল নিশ্চিত কৰিছে। ৰেলৱে সুৰক্ষাতো যথেষ্ট অগ্ৰগতি হৈছে। ভাৰতৰ স্বদেশী ‘কৱচ’ অটোমেটিক ৰেল প্ৰটেকচন চিষ্টেম অসম আৰু উত্তৰ-পূৰ্ব্বাঞ্চলত কাৰ্যকৰী কৰা হৈ আছে। এই পদক্ষেপসমূহৰ বাবে ১,১৯৭ ৰুট কিলোমিটাৰত অনুমোদন দিয়া হৈছে, আৰু ২৩৫ ৰুট কিলোমিটাৰত কাম আৰু টেণ্ডাৰ প্ৰক্ৰিয়া চলি আছে। আধুনিক ৰেল সেৱাও সংযোগ উন্নত কৰাৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে। এতিয়া এই অঞ্চলত বন্দে ভাৰত এক্সপ্ৰেছ, বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ আৰু অমৃত ভাৰত এক্সপ্ৰেছৰ দৰে উন্নত ৰেল সেৱা চলি আছে, যি উত্তৰ-পূৰ্ব্বাঞ্চল আৰু দেশৰ বাকী প্ৰান্তৰ মাজত দ্ৰুততৰ, সুৰক্ষিত আৰু অধিক আৰামদায়ক ৰেল সংযোগ প্ৰদান কৰিছে। এই পদক্ষেপসমূহ অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰীয়ে অসমৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ৰেলৱে প্ৰকল্প আৰু ৰেল সেৱাৰ উদ্বোধন আৰু শুভাৰম্ভ কৰিব। এই পদক্ষেপসমূহে কেৱল ৰেল ভ্ৰমণ সহজ কৰাই নহয় আনহাতে অঞ্চলটোৰ অৰ্থনীতি, বাণিজ্য, পৰ্যটন আৰু সামাজিক বিকাশকো ত্বৰান্বিত কৰিব। প্ৰধানমন্ত্ৰীয়ে ফৰকাটিং–তিনিচুকীয়া দ্বৈতৰেল প্ৰকল্প (১৯৪ কিমি)ৰ আধাৰশিলা স্থাপন কৰিব, যি উজনি অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে। সম্পূৰ্ণ হোৱাৰ পিছত এই দ্বৈত ৰেলপথে ৰুটটোত ৰেলৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে যাত্ৰীবাহী আৰু মালবাহী ৰেলৰ সুগম চলাচল নিশ্চিত কৰি তুলিব। ইয়াৰ উপৰিও বাসবাৰীস্থিত এটা পিঅএইচ কৰ্মশালাৰ বাবে আধাৰশিলা স্থাপন কৰা হ’ব, যি ৰেলৱে ডবা আৰু ৱাগনৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ বাবে ব্যৱহাৰ কৰা হ’ব। উত্তৰ-পূৰ্ব্বাঞ্চলত এনেধৰণৰ আধুনিক ৰক্ষণাবেক্ষণ সুবিধাৰ বিকাশে ৰেলৱেৰ পৰিচালন ক্ষমতা যথেষ্ট উন্নত কৰিব। ইয়াৰ উপৰিও ৫৫৮ কিলোমিটাৰ ৰঙিয়া–মুৰকংচেলেক ৰেলপথ, ৫৭১ কিলোমিটাৰ চাপৰমুখ–ডিব্ৰুগড় ৰেলপথ আৰু ৩১৫ কিলোমিটাৰ বদৰপুৰ–শিলচৰ আৰু বদৰপুৰ–চুৰাইবাৰী ৰেলপথৰ বৈদ্যুতীকৰণ ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰা হ’ব। ইয়াৰ উপৰিও তিনিখন নতুন ৰেল সেৱাৰো শুভাৰম্ভ কৰা হ’ব: কামাখ্যা – চাৰ্লাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, গুৱাহাটী–নিউ জলপাইগুড়ী এক্সপ্ৰেছ আৰু নাৰেঙ্গী–আগৰতলা এক্সপ্ৰেছ। এই নতুন সেৱাসমূহে অসম আৰু দেশৰ অন্যান্য অংশৰ মাজত সংযোগ অধিক শক্তিশালী কৰিব আৰু ব্যৱসায়-বাণিজ্য, পৰ্যটন আৰু সামাজিক যোগাযোগ বৃদ্ধি কৰিব। আজিৰ দিনত অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে এক নতুন ৰে’ল বিপ্লৱৰ সাক্ষী হৈ আছে ই পৰিৱৰ্তন কেৱল নতুন ৰে’ল লাইন বা ৰেলৰ সংখ্যা বৃদ্ধি নহয়; ইয়াৰ সৈতে জড়িত আছে নতুন আৰ্থিক সম্ভাৱনা, আঞ্চলিক উন্নয়ন আৰু ৰাষ্ট্ৰীয় সংহতিৰ অধিক শক্তিশালীকৰণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় ৰে’লৱে এখন শক্তিশালী আৰু আধুনিক পৰিবহণ নেটৱৰ্ক গঢ়ি তুলিছে, যিয়ে “বিকশিত উত্তৰ-পূৰ্ব্বাঞ্চল বিকশিত ভাৰত”ৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত ৰেল সংযোগ আৰু উন্নয়নত নতুন গতি , উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো প্ৰান্তক সংযোগ কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি
Lucknow
broken clouds
43.1
°
C
43.1
°
43.1
°
18 %
6.4kmh
84 %
Sun
40
°
Mon
45
°
Tue
45
°
Wed
46
°
Thu
47
°

