33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমনাপ্তাপাৰাৰ শ্ৰীশ্ৰীমহাভৈৰৱ মন্দিৰ প্ৰাংগন ব্ৰাহ্মণ সমাজৰ শততম বাৰ্ষিক অধিৱেশন

নাপ্তাপাৰাৰ শ্ৰীশ্ৰীমহাভৈৰৱ মন্দিৰ প্ৰাংগন ব্ৰাহ্মণ সমাজৰ শততম বাৰ্ষিক অধিৱেশন

নাপ্তাপাৰাৰ শ্ৰীশ্ৰীমহাভৈৰৱ মন্দিৰ প্ৰাংগন ব্ৰাহ্মণ সমাজৰ শততম বাৰ্ষিক অধিৱেশন
ষ্টাফ ৰিপ’ৰ্টাৰ; ওদালগুৰি, ৯ মে: এইবেলি দৰং – ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ শততম বাৰ্ষিক অধিৱেশনখনি নাপ্তাপাৰা ব্ৰাহ্মণ খেলৰ নিমন্ত্ৰণ আৰু আতিথ্যত ৯ আৰু ১০ মে শনি আৰু ৰবিবাৰে দুদিনীয়া বিস্তৃত কাৰ্যসুচীৰে নাপ্তাপাৰা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমহাভৈৰৱ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছে৷ প্ৰথম দিনৰ কাৰ্যসূচীমৰ্মে ৯ মে শনিবাৰে পুৱা ৫ বজাত নাপ্তাপাৰৰ অটুল শৰ্মা আৰু পংকজ শৰ্মাৰ পৰিচালনাত প্ৰাতঃ বন্দনা; ৮ বজাত জয়ন্ত কুমাৰ শৰ্মা, সৌৰভ শৰ্মা, ৰমেশ কাকতি, দুৰ্লভ কাকতিৰ পৰিচালনাত পৰিৱেশ নিকাকৰণ; ৯ বজাত মহাভৈৰৱ মন্দিৰৰ দেউৰী প্ৰতাপ শৰ্মা, নাপ্তাপাৰৰ গাওঁ প্ৰধান যোগেন্দ্ৰ নাথ কলিতা, নগাঁৱৰ গাওঁ প্ৰধান জ্যোতি কাকতি, বিশিষ্ট সমাজকৰ্মী বংশীধৰ ডেকা আৰু ধীৰেশ্বৰ কলিতাৰ দ্বাৰা গছপুলি ৰোপণ; ১০ বজাত দীননাথ বৃন্দা সোঁৱৰণী তোৰণ উন্মোচন কৰিব দৰং – ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ উপ সভাপতি জিতেন্দ্ৰ নাথ শৰ্মাই, দাতা নাপ্তাপাৰা মহাদেৱ শৰ্মা শাস্ত্ৰী আৰু পৰিয়ালবৰ্গ; স্বাধীনতা সংগ্ৰামী তথা বিশিষ্ট সমাজকৰ্মী দিবাকৰ গোস্বামী সোঁৱৰণী তোৰণ উন্মোচন কৰিব গোবিন্দধামৰ অৱসৰ প্ৰাপ্ত শিক্ষক অচ্যুতানন্দ শৰ্মাই, দাতা নগাঁৱৰ মাধৱ গোস্বামী আৰু পৰিয়ালবৰ্গ; ১০.৩০ বজাত শিক্ষাবিদ হংসধৰ গোস্বামী সোঁৱৰণী ক্ষেত্ৰ উন্মোচন কৰিব বামুণপাৰাৰ তৰুণ চন্দ্ৰ শৰ্মাই, দাত নগাৱৰ গৌতম গোস্বামী আৰু পৰিয়ালবৰ্গ; ১০.৪৫ বজাত লোকনাথ – সাবিত্ৰী সোঁৱৰণী সভাগৃহ উন্মোচন কৰিব অসম ব্ৰাহ্মণ সমাজৰ মণ্ডল সম্পাদক পৱন কুমাৰ শৰ্মাই; ১১ বজাত ধৰ্ম্মধ্বজা উত্তোলন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি চক্ৰধৰ শৰ্মা শাস্ত্ৰীয়ে; ২.৩০ বজাত প্ৰতিনিধি পঞ্জীয়ন আৰু আদৰণি৷ আদৰণী জনাব অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি মহাদেৱ শৰ্মা শাস্ত্ৰীয়ে৷ ৩ বজাত দৰং – ওডালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি ড০ প্ৰণৱ কুমাৰ শৰ্মাৰ সভাপতিত্বত হবলগীয়া প্ৰতিনিধি সভা উদ্বোধন কৰিব গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী গজেন শৰ্মাই৷ সন্ধিয়া ৬ বজাত দৰং – ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ ক্ৰমে উপদেষ্টা ভূচন্দ্ৰ শৰ্মা, উপসভাপতি হেমকান্ত শৰ্মা, সম্পাদক হিৰণ্য শৰ্মা, সহকাৰী সম্পাদক চন্দ্ৰ কুমাৰ শৰ্মা, সহকাৰী সম্পাদক ধ্ৰুৱজ্যোতি শৰ্মা, সহকাৰী সম্পাদক যোগেন্দ্ৰ শৰ্মা, ভেৰুৱাৰ অৱসৰ প্ৰাপ্ত কৃতি শিক্ষক তৰণ শৰ্মা, ভেৰুৱাৰ বিশিষ্ট সমাজকৰ্মী ভৱেশ শৰ্মাৰ সমন্বিতে উপস্থিত ৰাইজৰ দ্বাৰা এশগছি বন্তি প্ৰজ্বলন৷ সন্ধিয়া ৬.১৫ বজাত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ব বিভাগৰ সহযোগী অধ্যাপক ড০ সেউজী শৰ্মাই বন্তি প্ৰজ্বলন কৰিব; সন্ধিয়া ৬.৪৫ বজাত শ্ৰীশ্ৰীবিষ্ণুযজ্ঞৰ অধিবাস৷ নিশা ৮ বজাত অধিবাসৰ সেৱা আৰু নিৰ্মালি গ্ৰহণ; নিশা ৯ বজাত নৈশ ভোজন, দাতা নাপ্তাপাৰা মণিকা দেৱী আৰু পৰিয়ালবৰ্গ৷ দ্বিতীয় দিন ১০ মে ৰবিবাৰে পুৱা ৫ বজাত প্ৰাতঃ বন্দনা, ৭.৩০ বজাত পৰিৱেশ নিকাকৰণ, ৮.৩০ বজাত শ্ৰীশ্ৰী বিষ্ণুযজ্ঞ আৰম্ভ, যজ্ঞৰ সামগ্ৰী দাতা কটাহীৰ অৱসৰপ্ৰাপ্ত এপিবিএন তিলক শৰ্মা৷ ৮.৪৫ বজাত স্মৃতি তৰ্পণৰ তৰ্পক নগাঁৱৰ অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক মাধৱ গোস্বামী, ৯ বজাত অসম ব্ৰাহ্মণ সমাজৰ পতাকা উত্তোলন কৰিব অসম ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি সুনীল কুমাৰ গোস্বামীয়ে৷ ৯.১৫ বজাত দৰং – ওডালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ পতাকা উত্তোলন কৰিব দৰং – ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি ড০ প্ৰণৱ কুমাৰ শৰ্মাই, ৯.৩০ বজাত শিৱনাথ – প্ৰমিলা সোঁৱৰণী মঞ্চ উন্মোচন কৰিব কমলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মুনীন্দ্ৰ কুমাৰ গোস্বামীয়ে, দাতা নাপ্তাপাৰাৰ চক্ৰধৰ শৰ্মা শাস্ত্ৰীয়ে৷ ৯.৪৫ বজাত দৰং – ওদালগুৰি জিলা ব্ৰাহ্মণ মহিলা মঞ্চৰ সভানেত্ৰী অৰুণা দেৱীৰ সভাপতিত্বত হবলগীয়া মহিলা সন্মিলনত অসম ব্ৰাহ্মণ সমাজৰ মহিলা মঞ্চৰ সভানেত্ৰী অঞ্জলি গোস্বামী শৰ্মা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব; ১১ বজাত দৰং – ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি ড০ প্ৰণৱ কুমাৰ শৰ্মাৰ সভাপতিত্বৰ হ’বলগীয়া মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰিব ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়ন্ত কুমাৰ শৰ্মা আৰু উদ্বোধন কৰিব দিপীলা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিষয় শিক্ষক অখিলৰঞ্জন ভট্টই; উক্ত সভাত মুখপত্ৰ ব্ৰহ্মজ্যোতি উন্মোচন কৰিব অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ যুটীয়া সঞ্চালক মুকুট শৰ্মাই; নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০দীপজ্যোতি বৰপূজাৰী৷ মুখ্য অতিথি দৰং – ওদালগুৰি সংসদীয় সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সন্মানীয় অতিথি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, অসম ব্ৰাহ্মণ সমাজৰ সভাপতি অমূল্য নাথ শৰ্মা, সম্পাদক প্ৰধান তুতুল বৰঠাকুৰ, অসম ব্ৰাহ্মণ সমাজৰ যুৱ মঞ্চৰ সভাপতি – সম্পাদক, অসম ব্ৰাহ্মণ সমাজৰ পুৰোহিত সন্মিলনৰ সভাপতি -সম্পাদক; আমন্ত্ৰিত অতিথি শিলচৰ খণ্ড উন্নয়ন বিষয়া চম্পক শৰ্মা, অসম ব্ৰাহ্মণ সমাজৰ উপদেষ্টা বীৰেণ শৰ্মা, জাতীয় আদৰ্শ শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠ; দিনৰ ১২ বজাত লঘু আহাৰ, দাতা নাপ্তাপাৰাৰ খগেন শৰ্মা, পংকজ শৰ্মা আৰু পৰিয়ালবৰ্গ; দিনৰ ১ বজাত যজ্ঞৰ পূৰ্ণাহুতি, শান্তি আৰু নিৰ্মালি গ্ৰহণ; দুপৰীয়া ২ বজাত মধ্যাহ্ন ভোজন, দাতা নৰেন্দ্ৰ শৰ্মা আৰু পৰিয়ালবৰ্গ; সন্ধিয়া ৫ বজাত দৰং – ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ উপদেষ্টা বিষ্ণু গোস্বামীৰ দ্বাৰা ধৰ্মধ্বজা আৰু পতাকা অৱৰোহণেৰে অধিৱেশনৰ সমূহ কাৰ্যসূচীৰ সামৰণি পৰিব৷ দুয়ো দিনৰ সমূহ কাৰ্যসূচীত দৰং -ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ সকলো পৰিয়ালকে সহায়, সহযোগ, উপস্থিতি, দিহা – পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে আয়োজক মণ্ডলীয়ে৷

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular