আকাশবাণীৰ নব্বৈ বছৰ উপলক্ষে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ সংগীতানুষ্ঠান সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ,প্ৰশান্ত শইকীয়া, ডিব্ৰুগড় ১৫ মে’: আকাশবাণীৰ নব্বৈ বছৰীয়া পূৰ্তি উপলক্ষ্যে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড়স্থিত শ্ৰীশ্ৰীআউনীআটী সত্ৰ প্ৰেক্ষাগৃহত ‘সুৰভিত ক্ষণ’ [এ মিউজিকেল কনচাৰ্ট] শীৰ্ষক এক সংগীতানুষ্ঠানৰ আয়োজন কৰে৷ আকাশবাণীৰ ঘোষিকা পপী দাসে আঁত ধৰা অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কাৰ্যালয়ৰ অধ্যক্ষ কে কে ৰেংমা, কেন্দ্ৰটোৰ অনুষ্ঠান মুৰব্বী ইন্দিৰা মৰাং, আকাশবাণী ডিব্ৰুগড় আৰু ডিডিকে ডিব্ৰুগড়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী বিষয়া লোহিত ডেকাই৷ সংগীতানুষ্ঠানৰ মঞ্চ মুকলি কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ জিতেন হাজৰিকাই৷ উদ্বোধনী ভাষণ প্ৰসংগত তেখেতে আকাশবাণীয়ে এতিয়াও অতি সু-ৰুচিসন্মতভাৱে কাৰ্যসূচী প্ৰচাৰ কৰি আছে বুলি মন্তব্য দিয়ে৷ বিশেষকৈ শব্দৰ উচ্ছাৰণ তথা ভাষাৰ প্ৰতি থকা দায়ৱদ্ধতা আৰু বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত থকা বিশ্বাসযোগ্যতাৰ কথা তেখেতে উল্লেখ কৰে৷ ইয়াৰ পিছতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কলা-কুশলী আৰু কৰ্মচাৰীয়ে পৰিৱেশন কৰা সমবেত সংগীত, বৈশালী বৰাৰ কণ্ঠৰ গজল, পৰীস্মিতা ফুকনৰ কণ্ঠৰ আধুনিক গীত আৰু পৰশমণি বৰগোহাঁইৰ দ্বাৰা পৰিচালিত জেং বিহুৱে প্ৰায় দুঘণ্টা জোৰা সাংগীতিক অনুষ্ঠাটো জীপাল কৰি তোলে৷ ডেৰশতাধিক শ্ৰোতা-দৰ্শকৰ উপস্থিতিত আমন্ত্ৰিত অতিথিসকলৰ সমূহীয়া বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা ‘সুৰভিত ক্ষণ’ শীৰ্ষক সাংগীতিক অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় আকাশবাণীৰ ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰসাৰণ কাৰ্যবাহী পৰশা কোঁৱৰে৷
আকাশবাণীৰ নব্বৈ বছৰ উপলক্ষে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ সংগীতানুষ্ঠান সম্পন্ন
Lucknow
overcast clouds
30
°
C
30
°
30
°
67 %
1.6kmh
95 %
Tue
36
°
Wed
36
°
Thu
35
°
Fri
35
°
Sat
35
°

