29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমজাগীৰোডৰ শিলচাঙত দিব্যাংগ আৰু বয়োজ্যেষ্ঠ লোকৰ মাজত সহায়ক সামগ্ৰী বিতৰণ , উপস্থিত...

জাগীৰোডৰ শিলচাঙত দিব্যাংগ আৰু বয়োজ্যেষ্ঠ লোকৰ মাজত সহায়ক সামগ্ৰী বিতৰণ , উপস্থিত জিলা আয়ুক্ত অনামিকা তেৱাৰী

জাগীৰোডৰ শিলচাঙত দিব্যাংগ আৰু বয়োজ্যেষ্ঠ লোকৰ মাজত সহায়ক সামগ্ৰী বিতৰণ , উপস্থিত জিলা আয়ুক্ত অনামিকা তেৱাৰী

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড,, ১৫ মে’ :: বিশেষভাৱে সক্ষম আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে এ ডি আই পি আৰু আৰ ভি,ৱাই, আঁচনিৰ অধীনত সহায়ক সামগ্ৰী বিতৰণৰ উদ্দেশ্যে আজি মৰিগাঁও জিলাৰ শিলচাং বিষ্ণুজ্যোতি সংঘৰ ৰঙ্গমঞ্চত জিলা পৰ্যায়ৰ এটা সামগ্ৰী বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে মৰিগাঁও জিলাৰ জিলা আয়ুক্ত অনামিকা তেৱাৰী উপস্থিত থাকে। লগতে অতিৰিক্ত আয়ুক্ত নীতিশা বৰা, আৰ্টিফিচিয়েল লিম্ব মেনুফেকচাৰিং কৰপ’ৰেচন অব ইণ্ডিয়া- চমুকৈ এলিমকোৰ পৰিচালক প্ৰকাশ সিং, নৌৰিন মোল্লা, মনিষ কুমাৰ সিং, মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া মণিকা বৰঠাকুৰ, শিলচাং খলা ৰজা প্ৰবীণ কোঁৱৰ, শিল্পী পেঞ্চনাৰ সুভেন বৰদলৈ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জিলা আয়ুক্ত তেৱাৰীয়ে বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ শুভ উদ্বোধন কৰে। ভাষণত তেওঁ দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনি আৰু সুবিধাসমূহৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। লগতে বিতৰণ কৰা সহায়ক সামগ্ৰীসমূহ সঠিক আৰু ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰি অধিক স্বাৱলম্বী, মৰ্যাদাপূৰ্ণ আৰু স্বাচ্ছন্দ্যময় জীৱন যাপন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলক তেওঁলোকৰ কল্যাণ, সবলীকৰণ আৰু সুবিধাসমূহ প্ৰদানৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনি আৰু সহায়ক সেৱাসমূহৰ বিষয়েও বিভাগীয় বিষয়াসকলে অৱগত কৰে। উল্লেখযোগ্য যে এলিমকো ৰ উদ্যোগত মৰিগাঁৱৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আয়োজিত এই সামগ্ৰী বিতৰণী শিবিৰৰ জৰিয়তে মুঠ ১,০২৭ গৰাকী লোক উপকৃত হয়। তেওঁলোকক ইলেক্ট্ৰনিক ট্ৰাইচাইকেল, হুইল চেয়াৰ, শ্ৰৱণ যন্ত্ৰ, শিকন সামগ্ৰী আদি অতি প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হয়। জানিব পৰা মতে জিলাখনৰ আন আন অঞ্চলৰ দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলকো পৰ্যায়ক্ৰমে এই সুবিধা প্ৰদান কৰা হ’ব।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular