29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমআজৱ দেশৰ গজৱ কাহিনী: মৰিগাঁও অসামৰিক চিকিৎসালয়ত ট্ৰলীৰ অভাৱ, জাবৰ কঢ়িওৱা ঠেলাত...

আজৱ দেশৰ গজৱ কাহিনী: মৰিগাঁও অসামৰিক চিকিৎসালয়ত ট্ৰলীৰ অভাৱ, জাবৰ কঢ়িওৱা ঠেলাত ৰোগীক নিলে পৰিয়ালে

আজৱ দেশৰ গজৱ কাহিনী: মৰিগাঁও অসামৰিক চিকিৎসালয়ত ট্ৰলীৰ অভাৱ, জাবৰ কঢ়িওৱা ঠেলাত ৰোগীক নিলে পৰিয়ালে

দুৰ্নীতিৰ দৰ্পন, মকিবুদ্দিন আহমেদ, মৰিগাওঁ সদৰ ১০ মে’: চৰকাৰী স্বাস্থ্য খণ্ডৰ তথাকথিত উন্নয়নৰ ফোঁপোলা স্বৰূপটো পুনৰ এবাৰ উদঙাই দিলে মৰিগাঁও জিলাৰ মুখ্য চিকিৎসালয়খনে। জিলাখনৰ চিকিৎসা সেৱাৰ শীৰ্ষত থকা বুলি গণ্য কৰা মৰিগাঁও অসামৰিক চিকিৎসালয়ত এতিয়া এজন জৰুৰীকালীন ৰোগীক কঢ়িয়াবলৈ এখন ট্ৰলীৰো অভাৱ। ফলত জাবৰ পেলোৱা আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱহৃত এখন ভঙা ঠেলাত তুলি ৰোগীক চিকিৎসকৰ ওচৰলৈ নিবলগীয়া হোৱা এক হৃদয়বিদাৰক ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কি আছিল ঘটনাটো? প্ৰাপ্ত তথ্য অনুসৰি, মৰিগাঁও জিলাৰ মনহাৰ নিবাসী দিপু ডেকা নামৰ এজন ব্যক্তি গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ আহে। ৰোগীজনৰ অৱস্থা অতি সংকটজনক হোৱা হেতুকে তেওঁক লগে লগে জৰুৰীকালীন চিকিৎসা কক্ষলৈ নিয়াৰ প্ৰয়োজন আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে, এখন ট্ৰলী বিচাৰি পৰিয়ালৰ লোকে চিকিৎসালয়খনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় দুঘণ্টা ধৰি হাহাকাৰ কৰি ফুৰিবলগীয়া হয়। জাবৰ কঢ়িওৱা ঠেলাই হ’ল ভৰসা: বহু বিচাৰ-খোচৰ কৰিও এখন ট্ৰলী যোগাৰ কৰিব নোৱাৰি অৱশেষত উপায়হীন হৈ পৰিয়ালৰ লোকে চিকিৎসালয়ৰ চৌহদত পৰি থকা এখন ভঙা ঠেলাৰ আশ্ৰয় লয়। উল্লেখ্য যে, এইখন ঠেলা সাধাৰণতে জাবৰ-জোঁথৰ পেলোৱা আৰু মৰণোত্তৰ পৰীক্ষা কক্ষত মৃতদেহ কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হয়। সেই লেতেৰা আৰু অস্বাস্থ্যকৰ ঠেলাখনতে দিপু ডেকাক উঠাই পৰিয়ালৰ লোকে চিকিৎসকৰ কোঠালৈ লৈ যাবলগীয়া হয়। এই দৃশ্য দেখি চিকিৎসালয়লৈ অহা আন ৰোগী আৰু অভিভাৱকসকল স্তম্ভিত হৈ পৰে।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular