37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমগৌৰীপুৰত প্ৰাথমিক শিক্ষাৰ অৱসৰ প্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ পুনৰ মিলন সমাৰোহ অনুষ্ঠান পালন

গৌৰীপুৰত প্ৰাথমিক শিক্ষাৰ অৱসৰ প্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ পুনৰ মিলন সমাৰোহ অনুষ্ঠান পালন

দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ১১ মে ২৬ঃ আজি ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ মাজমজিয়াত থকা গৌৰীপুৰ ছোৱালী হাই স্কুল প্ৰাংগণত প্ৰাথমিক শিক্ষাৰ অৱসৰ প্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীসকলৰ পুনৰ মিলন এক অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰায় শতাধিক শিক্ষক, প্ৰাক্তন শিক্ষক, কৰ্মচাৰী আৰু প্ৰাক্তন কৰ্মচাৰী সকলে উপস্থিত থাকে। এই সভাকক্ষৰ সভাত উপস্থিত থাকে বহুত বিশিষ্ট বিশিষ্ট অৱসৰ প্ৰাপ্ত শিক্ষক বিষয়া আৰু কৰ্মচাৰী সকলে। উক্ত সভাৰ আৰম্ভণিতে সভাখনিত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত বিদ্যালয় উপপৰিদৰ্শক আনোৱাৰ হুছেইনে। তাৰ পিছত সভা চলাৰ মাজতে উক্ত সভাত “সময়” নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে গৌৰীপুৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক জ্যোতিষ চন্দ্ৰ ৰায়ে। আৰু লগতে স্মৃতিৰ অনুভৱ নামৰ বিশেষ অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষক প্ৰকাশ দত্তই। অনুষ্ঠানৰ আয়োজক সকলে এই অনুষ্ঠানৰ বিষয়ে সাংবাদিকৰ আগতে প্ৰকাশ কৰে যে এই অনুষ্ঠানটো মাত্ৰ কেৱল স্মৃতিৰ বাবে। আৰু বিভিন্ন কথা উল্লেখ কৰে। আৰু অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন স্থানৰ শিক্ষক সকল। তাৰ লগতে উপস্থিত থাকে অবিভক্ত গোৱালপাৰা জিলাৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীবৃন্দ্ৰ সকল আৰু গৌৰীপুৰ,ধুবুৰীৰ শিক্ষক আৰু কৰ্মচাৰীসকল।

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular