31.9 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমআমগুৰিত পি.এম.শ্ৰী. বিদ্যালয়ৰ পুঁজি লুণ্ঠনৰ অভিযোগঃ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাষ...

আমগুৰিত পি.এম.শ্ৰী. বিদ্যালয়ৰ পুঁজি লুণ্ঠনৰ অভিযোগঃ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাষ চাপিল আমগুৰি নৱনিৰ্মাণ সমিতি*

আমগুৰিত পি.এম.শ্ৰী. বিদ্যালয়ৰ পুঁজি লুণ্ঠনৰ অভিযোগঃ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাষ চাপিল আমগুৰি নৱনিৰ্মাণ সমিতি*

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ১৬ মে’: শিৱসাগৰ জিলাৰ আমগুৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পি.এম.শ্ৰী. ৭৯৪ নং কিষ্টুৰচান্দ আগৰৱালা নগৰ প্ৰাথমিক বিদ্যালয়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লাখ লাখ টকাৰ পুঁজি অপব্যৱহাৰ আৰু বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘আমগুৰি নৱনিৰ্মাণ সমিতি’য়ে বিদ্যালয়খনৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ দাবী জনাই অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ লগতে জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এখন আনুষ্ঠানিক আবেদন দাখিল কৰিছে। তথ্য জনাৰ অধিকাৰ আইন (RTI) ৰ অধীনত লাভ কৰা তথ্যৰ ভিত্তিত সংগঠনটোৱে এই ভয়ংকৰ দুৰ্নীতিৰ খতিয়ান ফাদিল কৰিছে।​অভিযোগ অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত বিদ্যালয়খনৰ মেৰামতি, খেল-ধেমালিৰ সামগ্ৰী, আন্তঃগাঁঠনি উন্নীতকৰণ, ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম, সংগীতৰ বাদ্যযন্ত্ৰ ক্ৰয়, চিচিটিভি কেমেৰা স্থাপন, স্বাস্থ্য শিবিৰ আৰু বৃক্ষৰোপণ আদিকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ বাবে চৰকাৰে বৃহৎ ধনৰাশি আবণ্টন দিছিল। কিন্তু এই পুঁজিসমূহৰ ব্যাপক লুণ্ঠন চলোৱা হৈছে বুলি সমিতিয়ে দাবী কৰিছে। বিশেষকৈ বিদ্যালয়ৰ চৌহদত এশ মিটাৰ দৈৰ্ঘ্যৰ পকী দেৱাল নিৰ্মাণ কৰাৰ নিয়ম আছিল যদিও মাত্ৰ প্ৰায় ৫০ মিটাৰমান নিৰ্মাণ কৰিয়েই বাকী অংশৰ সম্পূৰ্ণ ধন আত্মসাৎ কৰা হয়। একেদৰে পৰিৱেশ সজাগতা আৰু বৃক্ষৰোপণৰ নামত প্ৰায় ৫০ হাজাৰ টকা আবণ্টন দিয়া হৈছিল যদিও বিদ্যালয়খনত বৰ্তমান এটাও নতুন গছৰ পুলি দেখিবলৈ পোৱা নাযায়। ইয়াৰ উপৰিও বিদ্যালয়ৰ মেৰামতিৰ কামত ব্যৱহাৰ কৰা সামগ্ৰীসমূহো অতি নিম্ন মানদণ্ডৰ আছিল বুলি অভিযোগ কৰিছে।​আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াই জানিবলৈ দিয়া মতে, বিদ্যালয়ৰ পুঁজি আত্মসাৎ কৰা অভিযুক্ত প্ৰধান শিক্ষক প্ৰায় পাঁচ মাহ পূৰ্বে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। চৰকাৰী ধন লুণ্ঠন কৰি অৱসৰপ্ৰাপ্ত শিক্ষকজনে নামে-বেনামে বিশাল সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰে। সমিতিয়ে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ ওচৰত আবেদন জনাই এই সমগ্ৰ কেলেংকাৰীৰ এক উচ্চস্তৰীয় নিৰপেক্ষ তদন্ত বিচাৰিছে। লগতে দুৰ্নীতিৰ সৈতে জড়িত প্ৰধান শিক্ষকজনৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ খতিয়ান লৈ আয়ৰ সৈতে সংগতি নথকা অবৈধ সম্পত্তি বাজেয়াপ্ত কৰাৰ উপৰিও তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সমিতিয়ে জোৰদাৰ দাবী উত্থাপন কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
30.4 ° C
30.4 °
30.4 °
64 %
5.8kmh
100 %
Thu
30 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular