41.3 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমনাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সম-জিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামঃবিভাগীয় কাম-কাজৰ খতিয়ান ল’বলৈ...

নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সম-জিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামঃবিভাগীয় কাম-কাজৰ খতিয়ান ল’বলৈ উপস্থিত অতিৰিক্ত জিলা আয়ুক্তও*

নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সম-জিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামঃবিভাগীয় কাম-কাজৰ খতিয়ান ল’বলৈ উপস্থিত অতিৰিক্ত জিলা আয়ুক্তও*

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ১৬ মে’:নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰশাসনীয় কাম-কাজ অধিক ক্ষিপ্ৰ আৰু জনমুখী কৰাৰ উদ্দেশ্যে কালি এক বিশেষ পৰিদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নাজিৰাৰ সম-জিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম আৰু অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ) লুকুমণি বড়াই কালি কাৰ্যালয়টোত উপস্থিত হৈ বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ এক বিস্তৃত পৰ্যালোচনা চলায়। পৰিদৰ্শনকালত নাজিৰাৰ ৰাজহ চক্ৰ বিষয়া চন্দনা বৰুৱাৰ উপস্থিতিত উচ্চপদস্থ বিষয়া দুগৰাকীয়ে কাৰ্যালয়টোৰ সমূহ লাট মণ্ডল আৰু অন্যান্য কৰ্মচাৰীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ মত-বিনিময়ত মিলিত হয়। এই আলোচনাৰ জৰিয়তে চক্ৰটোৰ অন্তৰ্গত বিভিন্ন বিভাগীয় আঁচনি আৰু ৰাজহ সম্পৰ্কীয় ফাইলসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ ওজৰ-আপত্তিৰ বিষয়সমূহ সোনকালে নিষ্পত্তি কৰিবলৈ কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে।​ইফালে, এই পৰিদৰ্শন কাৰ্যসূচীৰ সংগতি ৰাখি কাৰ্যালয় চৌহদত উপস্থিত থকা স্থানীয় গাঁওপ্ৰধানসকলৰ সৈতেও সম-জিলা আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তগৰাকী এক আলোচনাত বহে। চৰকাৰী আঁচনিসমূহ তৃণমূল পৰ্যায়ত সঠিকভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গাঁওপ্ৰধানসকলৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি ৰাজহ চক্ৰটোৰ অন্তৰ্গত সৰ্বাংগীণ কাম-কাজসমূহ কেনেকৈ অধিক ফলপ্ৰসূ আৰু ক্ষিপ্ৰতৰ কৰিব পৰা যায়, সেই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। গাঁওপ্ৰধানসকলেও নিজ নিজ অঞ্চলৰ বিভিন্ন স্থানীয় সমস্যা তথা উন্নয়নমূলক কাম-কাজৰ খতিয়ান বিষয়া বৰ্গৰ আগত দাঙি ধৰে।প্ৰশাসন আৰু জনসাধাৰণৰ মাজৰ সংযোগকাৰী সেতুস্বৰূপ গাঁওপ্ৰধান তথা ৰাজহ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ এনে সঁহাৰিৰ জৰিয়তে আগন্তুক দিনত নাজিৰা ৰাজহ চক্ৰৰ কাম-কাজত অধিক গতিশীলতা আহিব বুলি আশা প্ৰকাশ কৰা হৈছে।

RELATED ARTICLES
Lucknow
clear sky
40.6 ° C
40.6 °
40.6 °
16 %
5.8kmh
1 %
Mon
40 °
Tue
42 °
Wed
44 °
Thu
45 °
Fri
46 °

Most Popular