29.7 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমআমগুৰি নগৰত “আই লভ আমগুৰি“ জয় জুবিন দা“ প্ৰতীকি চিহ্ন উন্মোচনঃ

আমগুৰি নগৰত “আই লভ আমগুৰি“ জয় জুবিন দা“ প্ৰতীকি চিহ্ন উন্মোচনঃ

আমগুৰি নগৰত “আই লভ আমগুৰি“ জয় জুবিন দা“ প্ৰতীকি চিহ্ন উন্মোচনঃ
দুৰ্নীতি দৰ্পণ সেৱা: ১২ এপ্ৰিলঃ শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ মাজমজিয়াত আজি অসমীয়া যুৱ মঞ্চৰ আমগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ’আই লভ আমগুৰি“ আৰু “জয় জুবিন দা“ শীৰ্ষক প্ৰতীক চিহ্ন সম্বলিত এক ছেলফি পইণ্ট উন্মোচন কৰা হয়৷ এই উপলক্ষে আয়োজিত অনুষ্ঠান জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আমগুৰি চক্ৰ আৰক্ষী বিষয়া মৃদুল হাজৰিকাই৷ আনহাতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আমগুৰি পৌৰসভাৰ পৌৰপতি অনামিকা নেওগ বৈশ্যই৷ “আই লভ আমগুৰি“ আৰু “জয় জুবিন দা“ প্ৰতিকী চিহ্ন শুভ উদ্বোধন কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ম‌ইনুল ইছলামে৷ ইয়াৰ পিছতে আয়োজিত এক অনুষ্ঠানত শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকন, আমগুৰিৰ বিশিষ্ট চিকিৎসক ডাঃ হেমেন গগৈ, আমগুৰি পৌৰসভাৰ পৌৰপতি অনামিকা নেওগ বৈশ্য, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ, সংগঠনটোৰ শিৱসাগৰ জিলা কাৰ্যকৰী সভাপতি, বিকাশ কোঁচ, সমাজকৰ্মী পংকজ ভট্টাচাৰ্য প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে৷ অনুষ্ঠানত লেংডন হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰে৷

RELATED ARTICLES
Lucknow
overcast clouds
28.1 ° C
28.1 °
28.1 °
79 %
6.3kmh
97 %
Fri
34 °
Sat
36 °
Sun
35 °
Mon
31 °
Tue
28 °

Most Popular