37.1 C
New Delhi
Thursday, April 30, 2026
spot_img
Homeঅসমআসাম ভূমিপুত্ৰ গণমঞ্চৰ গোৱালপাৰা জিলা কমিটি গঠন সম্পুৰ্ণ

আসাম ভূমিপুত্ৰ গণমঞ্চৰ গোৱালপাৰা জিলা কমিটি গঠন সম্পুৰ্ণ

আসাম ভূমিপুত্ৰ গণমঞ্চৰ গোৱালপাৰা জিলা কমিটি গঠন সম্পুৰ্ণ

ষ্টাফ ৰিপ’ৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ, বৰপেটা : ২৭ এপ্ৰিল, অসমৰ সাম্প্ৰতিক বাঙালী মুছলমানৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আজি গোৱালপাৰাত আসাম ভূমিপুত্ৰ গণমঞ্চৰ কাৰ্যকৰী সভাপতি এচ, এম জিয়াউল হক,নজৰুল ইছলামৰ আহ্বানত আৰু আসাম ভূমিপুত্ৰ গণমঞ্চৰ সভাপতি আব্দুল আওৱাল আহম্মেদৰ সভাপতিত্বত গোৱালপাৰা জিলা আসাম ভূমিপুত্ৰ গণমঞ্চৰ জিলা কমিটি গঠন সম্পৰ্কে এখন কাৰ্যকৰী সভা অনুষ্ঠিত হয় । উক্ত সভাত জুলফিকৰ আলীক সভাপতি, জেহিৰুল ইছলামক কাৰ্যকৰী সভাপতি, নিজাম উদ্দিনক, জাকিৰ হুছেইন,হৰফ আলী,ছফিউৰ ইছলাম,হানিফ আলী আৰু আবু হানিফ,ক সাধাৰণ সম্পাদক হিচাপে লৈ এখন বলিষ্ঠ জিলা কমিটি গঠন কৰা হয়। সমগ্ৰ অসমৰ ভিতৰত যি কেইটা জিলা কমিটি গঠন কৰা হ’ব উক্ত সকলোবোৰ কমিটিতকৈ গোৱালপাৰা জিলাৰ জিলা কমিটিয়ে সকলোতকৈ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰে এইখন কমিটী গঠন কৰা হয় বুলি জানিব দিয়ে। উল্লেখ্য যে বঙালী মুছলমান আৰু বঙালী হিন্দু সম্প্ৰদায়ৰ লোক সকলে নিজৰ নিজৰ মাতৃভাষা ব্যৱহাৰ কৰাৰ উপৰিও অসমৰ ৰাজ্যিক ভাষা অসমীয়াক প্ৰতিটো ক্ষেত্ৰত আপোন কৰি লোৱাৰ পিছতো এই দুটা সম্প্ৰদায়ে বিশেষ সম্প্ৰদায়ৰ হাতত লাঞ্চিত বঞ্চিত হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত বহুতো হাৰাশাস্তিৰ উপৰি এশ এবুৰি সমস্যাৰে জৰ্জৰিত হ’বলগীয়া হৈছে। উক্ত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ গণতান্ত্ৰিক পদ্ধতিৰে ইয়াৰ সমাধান উলিওৱাটো এই সংগঠনৰ মূল লক্ষ্য বুলি জানিব দিয়ে। উক্ত সভাত উপস্থিত থাকে দলৰ সাধাৰণ সম্পাদক এম আৰ চৌধুৰী অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়, দলৰ কাৰ্যকৰী সভাপতি কুশল পাল ডিব্ৰুগড়, দলৰ সাধাৰণ সম্পাদক নজৰুল ইছলাম অধিবক্তা, দলৰ সাধাৰণ সম্পাদক আব্দুল মালেক আদি কৰি দলৰ বিভিন্ন পৰ্যায়ৰ প্ৰায় ৪০ গঢ়াকী ব্যক্তিৰ উপস্থিতিত এই সভা অনুষ্ঠিত হয়।

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
58 %
5.1kmh
75 %
Thu
37 °
Fri
38 °
Sat
41 °
Sun
40 °
Mon
40 °

Most Popular