36.1 C
New Delhi
Saturday, May 2, 2026
spot_img
Homeসম্পাদকীয়আগন্তুক নতুন চৰকাৰে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সম-উন্নয়নৰ জৰিয়তে জনদৰোধী অভিলেখ গঢ়ক; সংখ্যালঘুৰ সাংবিধানিক...

আগন্তুক নতুন চৰকাৰে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সম-উন্নয়নৰ জৰিয়তে জনদৰোধী অভিলেখ গঢ়ক; সংখ্যালঘুৰ সাংবিধানিক অধিকাৰ আৰু সংস্থাপনৰ দাবীত চামচুল হকৰ হুংকাৰ

আগন্তুক নতুন চৰকাৰে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সম-উন্নয়নৰ জৰিয়তে জনদৰোধী অভিলেখ গঢ়ক; সংখ্যালঘুৰ সাংবিধানিক অধিকাৰ আৰু সংস্থাপনৰ দাবীত চামচুল হকৰ হুংকাৰ

গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)-ৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক চামচুল হকে আজি এক হুংকাৰসদৃশ সংবাদ বিবৃতিৰ জৰিয়তে ৰাজ্যৰ শেহতীয়া ফেচিবাদী আৰু দমনমূলক চৰকাৰী কাৰ্যপন্থাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে গণতান্ত্ৰিক মূল্যবোধক কুঠাৰাঘাত কৰি চৰকাৰে যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে, তাক নেমছুৰ দৰে সংগ্ৰামী সংগঠনে কোনো কাৰণতে সহ্য নকৰে। তেওঁ কয় যে এফালে উচ্ছেদৰ নামত দৰিদ্ৰ জনসাধাৰণৰ ওপৰত চলোৱা ৰাজ্যিক সন্ত্ৰাস আৰু আনফালে জনসাধাৰণৰ পেটত মৰা মূল্যবৃদ্ধিৰ চাবুকে চৰকাৰৰ জনবিৰোধী চৰিত্ৰ উদঙাই দিছে। বিশেষকৈ অসমৰ গৌৰৱ, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ দৰে ব্যক্তিয়েও যেতিয়া ন্যায়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়, তেতিয়াই প্ৰমাণিত হয় যে এই চৰকাৰৰ দিনত ন্যায় ব্যৱস্থা কিদৰে পঙ্গু হৈ পৰিছে। চৰকাৰক সকীয়াই দি তেওঁ কয় যে যদি এজন বলিষ্ঠ শিল্পীক চৰকাৰে ন্যায় দিব পৰা নাই, তেন্তে নিৰীহ সংখ্যালঘুৰ ওপৰত চৰকাৰে কেনে নিৰ্যাতন চলাব পাৰে সেয়া ৰাইজে ভালদৰেই বুজি উঠিছে।

চামচুল হকে ‘ডি-ভোটাৰ’ নামৰ কলঙ্কিত সমস্যাটোৰ এক স্থায়ী আৰু চূড়ান্ত সমাধানৰ বাবে চৰকাৰক হুংকাৰ দিয়ে। তেওঁ কয় যে এজন বৈধ ভাৰতীয় নাগৰিকক কিমান দিনলৈ নিজ দেশতে আশ্ৰিতাৰ দৰে মানসিক নিৰ্যাতন চলাই থকা হ’ব? উচ্ছেদৰ সময়ত লোকসকলক ‘বাংলাদেশী’ বুলি কৰা চৰকাৰী অপপ্ৰচাৰক প্ৰত্যাহ্বান জনাই হকে কয়— “যদি এই লোকসকল প্ৰকৃততে বাংলাদেশী, তেন্তে চৰকাৰৰ কূটনৈতিক ব্যৰ্থতাৰ বাবেই তেওঁলোকক আজিলৈকে বাংলাদেশলৈ প্ৰেৰণ কৰিব পৰা নাই নেকি? নে কেৱল ৰাজনৈতিক লাভৰ বাবেহে এই ‘বাংলাদেশী’ শব্দটো জিলাই থোৱা হৈছে?” তেওঁ অবিলম্বে উচ্ছেদিত ভূমিহীন পৰিয়ালসমূহক সংস্থাপন দিয়াৰ লগতে শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপন নিশ্চিত কৰিবলৈ চৰকাৰক চৰম সময়সীমা বান্ধি দিয়ে।

শিক্ষাক্ষত্ৰৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি বলিষ্ঠ ছাত্ৰ নেতাগৰাকীয়ে কয় যে সংখ্যালঘু অঞ্চলৰ শিক্ষা অনুষ্ঠান সমূহত ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি নিদি চৰকাৰে এটা পুৰুষক অন্ধকাৰলৈ ঠেলি দিব বিচাৰিছে। সংখ্যালঘু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মেধাৰে যি কৃতিত্ব দেখুৱাইছে, তাক চৰকাৰে উচিত মৰ্যাদা দিবই লাগিব। বিশেষকৈ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিগৰাকীয়ে উল্লেখ কৰাৰ দৰে অসমীয়া ভাষাৰ সৈতে সংখ্যালঘু সমাজৰ যি এৰাব নোৱাৰা সম্পৰ্ক, তাক চৰকাৰে স্বীকৃতি দি ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত এই ছাত্ৰ সমাজৰ অৱদানক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগে।

সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চামচুল হকে এক সাহসী স্থিতি গ্ৰহণ কৰি কয় যে ক্ষমতাৰ গাদীত যিয়েই নবহক কিয়, তেওঁলোকে পাহৰি যোৱা উচিত নহয় যে এই দেশৰ মালিক জনসাধাৰণ। চৰকাৰে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে বাবে সম-উন্নয়নৰ দ্বাৰ মুকলি কৰিব লাগিব। ভাৰতীয় সংবিধানে দিয়া মৌলিক আৰু সংখ্যালঘুৰ প্ৰাপ্য অধিকাৰসমূহ যদি চৰকাৰে আখৰে আখৰে পালন কৰি সাম্প্ৰতিক জটিল সমস্যাসমূহ সমাধান কৰে, তেন্তে সেই চৰকাৰে বিশ্বৰ ইতিহাসত এক ‘জনদৰোধী চৰকাৰ’ হিচাপে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হ’ব। অন্যথা, নেমছুৰ সংগ্ৰামী সেনানীসকলে চৰকাৰৰ এনে দমননীতিৰ বিৰুদ্ধে ৰাজপথত অধিক তীব্ৰতৰ গণ-আন্দোলন গঢ়ি তুলিব বুলিও তেওঁ চৰম সকীয়নী প্ৰদান কৰে।

(চামচুল হক)
প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক,
উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)।

RELATED ARTICLES
Lucknow
haze
31 ° C
31 °
31 °
48 %
6.2kmh
0 %
Sat
39 °
Sun
40 °
Mon
40 °
Tue
35 °
Wed
38 °

Most Popular