ইতিহাসক লৈ অকল গৌৰৱ কৰিলেই নহ’ব, লাগে নতুন ইতিহাস গঢ়িব পৰা উন্নয়নঃ বিধায়কৰ বিৰুদ্ধে সৰৱ বিশ্ব ভূঞা আৰু জ্যোতি প্ৰসাদ কলিতা
দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৩০ মাৰ্চঃ শিৱসাগৰৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশ আৰু উন্নয়নৰ স্থিতিৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় সচেতন ৰাইজে৷ বৰ্তমান সময়ত শিৱসাগৰত যিটো ৰাজনৈতিক পৰিৱেশ সৃষ্টি হৈছে, সেইয়া অত্যন্ত লজ্জাজনক বুলি অভিহিত কৰিছে স্থানীয় ব্যক্তি জ্যোতি প্ৰসাদ কলিতাই৷ তেওঁ অভিযোগ কৰে যে বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰখন কেৱল চৰিত্ৰ হননৰ থলীত পৰিণত হৈছে আৰু আগন্তুক পাঁচ বছৰত বিধায়কগৰাকীয়ে কি কৰিব তাৰ কোনো স্পষ্ট পৰিকল্পনা দেখিবলৈ পোৱা হোৱা নাই৷ বিধায়কজনে উন্নয়নৰ যি দাবী কৰিছে, তাক খণ্ডন কৰি কলিতাই কয় যে ৰাস্তা-ঘাটৰ সাময়িক উন্নয়ন এক অৱধাৰিত আৰু অস্থায়ী প্ৰক্ৰিয়াহে৷ বিশেষকৈ গেম’নৰ দলং ভগাৰ পিছত সৃষ্টি হোৱা যান-জঁটৰ সমস্যা লাঘৱ কৰিবলৈ মেটেকাঘাটৰ দলংখনৰ দৰে স্থায়ী পদক্ষেপৰ অতি প্ৰয়োজন আছিল৷ ইয়াৰ উপৰি নগৰৰ দ’লমুখ চাৰিআলিৰ পৰা মুক্তিনাথ চাৰিআলিলৈকে নিৰ্মাণ কৰা লোহাৰ ৰেলিংবোৰত মাত্ৰ এবছৰতে মামৰে ধৰা কাৰ্যই উন্নয়নৰ গুণাগুণৰ ওপৰত প্ৰশ্নচিহ্ন থিয় কৰিছে৷ তেওঁৰ মতে, কেৱল পুৰণি ইতিহাসক লৈ গৌৰৱ কৰি থাকিলেই নহ’ব, নৱপ্ৰজন্মৰ বাবে নতুন ইতিহাস গঢ়িব পৰা স্থায়ী উন্নয়নৰহে প্ৰয়োজন৷ একেদৰে, সমষ্টিটোৰ কৃষি খণ্ডৰ ব্যৰ্থতাক লৈ তীব্ৰ সমালোচনা আগবঢ়াইছে বিশ্ব ভূঞাই৷ এজন কৃষক নেতা হিচাপে বিধায়কগৰাকীৰ পৰা যি কৃষি বিপ্লৱৰ আশা কৰা হৈছিল, সেয়া সম্পূৰ্ণ ওলোটা হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে৷ ভূঞাৰ অভিযোগ অনুসৰি, উজনি অসমৰ কৃষিৰ চাহিদা পূৰণ কৰাৰ পৰিৱৰ্তে সমষ্টিটোত ৰবি শস্য, ধান বা সৰিয়হ— কোনো ক্ষেত্ৰতে বিধায়কগৰাকীৰ বিশেষ পদক্ষেপ দেখা নগ’ল৷ আনকি এজন আদৰ্শ কৃষকে বিভাগীয় সহায় লাভ কৰিলেও স্থানীয় বিধায়কৰ ওচৰৰ পৰা নিৰাশ হৈ উভতি আহিবলগীয়া হোৱা ঘটনাই তেওঁৰ কৃষক-বিৰোধী স্থিতি উদঙাই দিছে৷ নিৰ্বাচনৰ স্বাৰ্থত বিধায়কজনে বিৰোধী প্ৰাৰ্থী জয়ন্ত কুশল দুৱৰীৰ বিৰুদ্ধে মনেসজা আৰু চক্ৰান্তমূলক বক্তব্য প্ৰদান কৰি সুস্থ পৰিৱেশ বিনষ্ট কৰা বুলিও তেওঁ তীব্ৰ সমালোচনা কৰে৷ ভূঞাই লগতে কয় যে যোৱাবাৰ আৱেগৰ ৰাজনীতিৰে জয়ী হোৱা বিধায়কজনে এইবাৰ পূৰ্বৰ সহযোগী দল-সংগঠনবোৰৰো আস্থা হেৰুৱাইছে৷ এতিয়া শিৱসাগৰৰ ৰাইজে কেৱল আৱেগ নহয়, বৰঞ্চ প্ৰকৃত উন্নয়ন আৰু ৰাজনৈতিক সুস্থতাহে বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে৷

