31.9 C
New Delhi
Thursday, July 30, 2026
spot_img
Homeআঞ্চলিকযক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ

যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ

যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ৩ মার্চঃ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ তৰফৰ পৰা নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত কালি জাগীৰোডৰ যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। এই উপলক্ষে জাগীৰোডৰ লোকনির্মাণ বিভাগৰ পৰিদর্শন বাংলাত জিলা প্রশাসনৰ উদ্যোগত আৰু মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ সহযোগত যক্ষ্মামুক্ত ভাৰত অভিযানৰ সমর্থনত অনুষ্ঠিত এখন সভাত জিলা আয়ুক্ত অনামিকা তেৱাৰী আৰু টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিষয়াসকল উপস্থিত হৈ পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰে। জিলা আয়ুক্ত গৰাকীয়ে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিষয়ববীয়াসকলক ভূয়সী প্রশংসা কৰি কয় যে টাটা ছেমিকণ্ডাক্টৰ প্রকল্পত এতিয়াও উৎপাদন আৰম্ভ হোৱা নাই যদিও প্রতিষ্ঠানটোৱে সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছে। তেওঁ লগতে কয় যে যক্ষ্মা ৰোগীসকলক ৰোগী বুলি অৱহেলা কৰাৰ পৰিৱৰ্তে তেওঁলোকক সমাজৰ এটা অংশ বুলি ভাবিব লাগে। যক্ষ্মা ৰোগীসকলক একাষৰীয়া কৰি নাৰাখি সকলো সময়তে মৰম আৰু সহানুভূতিৰে চাব লাগে।মৰিগাঁও জিলাখনক যক্ষ্মা ৰোগমুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰত্যেকেই বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) নীতিশা বৰা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ শৈলেন্দ্র বৰ্দ্ধন বৰা, টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিষয়া ভাস্বতী শৰ্মা বৰঠাকুৰ, বন্দনা শৰ্মা আৰু ধৰিত্ৰী বুঢ়াগোহাঁই, ঝাৰগাঁওস্থিত চিকিৎসালয়ৰ মহকুমা চিকিৎসক আৰু স্বাস্থ্য বিষয়া ডাঃ পৱন চন্দ্ৰ পাটৰৰ লগতে কেইবাগৰাকীও চিকিৎসক, স্বাস্থ্যকর্মী তথা জিলা যক্ষ্মা কাৰ্যালয়ৰ কেইবাজনো কৰ্মচাৰী উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰি জিলা যক্ষ্মা বিষয়া ডাঃ অমৰজ্যোতি ডেকাই যক্ষ্মা ৰোগীসকলক এনেদৰে সহায় কৰাৰ বাবে সকলোৰে শলাগ লয়।

RELATED ARTICLES
Lucknow
overcast clouds
30.4 ° C
30.4 °
30.4 °
64 %
5.8kmh
100 %
Thu
30 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular