উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ভাৰত ৰত্ন ড০ বি. আৰ. আম্বেদকাৰৰ ১৩৫ তম জন্ম বাৰ্ষিকী উদযাপন
মালিগাঁও, পি এন চি, ১৬ এপ্ৰিল: ভাৰত ৰত্ন ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ ১৩৫ তম জন্ম বাৰ্ষিকী আজি বৃহস্পতিবাৰ, ১৬ এপ্ৰিল তাৰিখে উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় চৌহদৰ ড০ ভূপেন হাজৰিকা সভা গৃহত উদযাপন কৰা হয়৷ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱ আৰু অন্যান্য বিষয়াবৰ্গই বন্তি প্ৰজ্জ্বলন কৰি ভাৰতীয় সংবিধানৰ জনক হিচাপে পৰিচিত ভাৰত ৰত্ন ড০ বি আৰ আম্বেদকাৰৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অনুষ্ঠানটোত উত্তৰ-পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয়ৰ বিষয়াবৰ্গ, কৰ্মচাৰী আৰু বিভিন্ন সংস্থা আৰু ইউনিয়নৰ প্ৰতিনিধিসকলো উপস্থিত আছিল৷ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নিৰ্মাণ সংস্থাৰ দ্বাৰা একেই কাৰ্যসূচী মালিগাঁৱত নৱনিৰ্মিত মহাপ্ৰবন্ধক (নিৰ্মাণ) কাৰ্যালয় ভৱনৰ নতুন কনকোৰ্ছ হলত আয়োজন কৰা হয়৷ এই অনুষ্ঠানত পুষ্পাঞ্জলি অৰ্পণ, ড° আম্বেদকাৰৰ জীৱন আৰু অৱদানৰ বিষয়ে পাঠ আৰু সামাজিক ন্যায় আৰু সমতাৰ প্ৰতি তেওঁৰ আজীৱন দায়বদ্ধতাৰ ওপৰত পৰ্যালোচনা অন্তৰ্ভুক্ত আছিল৷ এই উপলক্ষ্যে ভাষণ প্ৰদান কৰি উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱে আমাৰ সংবিধানৰ গঠন, সমাজৰ সকলো শ্ৰেণীক ন্যায় আৰু সমতা প্ৰদানৰ ক্ষেত্ৰত ড০ বি আৰ আম্বেদকাৰৰ অৱদানৰ বিষয়ে উল্লেখ কৰে৷ তেখেতে লগতে মহিলা সৱলীকৰণ আৰু সমাজৰ বঞ্চিত শ্ৰেণীৰ বিকাশৰ ক্ষেত্ৰত ড০ বি আৰ আম্বেদকাৰৰ ভূমিকাৰ প্ৰশংসা কৰে৷ তেখেতৰ সমগ্ৰ জীৱন সমাজৰ সকলো শ্ৰেণীৰ বাবে এক অনুপ্ৰেৰণা হৈ ৰব বুলি মহাপ্ৰবন্ধকে লগতে কয়৷

