কলিয়াবৰ বামুনীত আৰম্ভ হৈছে বিৰাট মেলা, আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে কেশৱ মহন্তই
দুৰ্নীতিৰ দৰ্পন: কলিয়াবৰ শিলঘাট অশোকাষ্টমী মেলাৰ পিছতে আৰম্ভ হয় বামুনী বিৰাট মেলা। অৱশ্যে বিধানসভা নিৰ্বাচনৰ বাবে এই বৰ্ষত কিছু পলমকৈ আৰম্ভ হৈছে বামুনী বিৰাট মেলা। বামুনী বিৰাট মেলা আচলতে শ্ৰী শ্ৰী হনুমান মেলা হিচাপেও জনা যায়। আজিৰে পৰা ১৯ মাৰ্চ অৰ্থাৎ পাচঁ দিনীয়া ভাবে আৰম্ভ হোৱা এই বিৰাট মেলা খন আজি ৰামভক্ত হনুমানৰ শ্ৰী চৰনত সেৱা জনাই আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে কেশৱ মহন্তই। আনন্দ আৰু শান্তিপূৰ্ণ ভাৱে এই মেলা ভাগ অনুস্থিত কৰিবৰ বাবে ৰাইজক আহ্বান জনোৱাৰ লগতে সমুহ কলিয়াবৰ তথা নগাওঁ বাসী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে।

