35.1 C
New Delhi
Sunday, July 26, 2026
spot_img
Homeঅসমমহাকাশ গৱেষণাৰ নতুন দিগন্ত অন্বেষণ কৰিবলৈ আছাম বিশ্ববিদ্যালয়ত আৰম্ভ  কৰ্মশালা 

মহাকাশ গৱেষণাৰ নতুন দিগন্ত অন্বেষণ কৰিবলৈ আছাম বিশ্ববিদ্যালয়ত আৰম্ভ  কৰ্মশালা 

মহাকাশ গৱেষণাৰ নতুন দিগন্ত অন্বেষণ কৰিবলৈ আছাম বিশ্ববিদ্যালয়ত আৰম্ভ  কৰ্মশালা 

শিলচৰ, পিএনচি,২২ এপ্ৰিল: সোমবাৰৰ পৰা আছাম বিশ্ববিদ্যালয়ত আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ আৰু ইয়াৰ ভৱিষ্যত দৃষ্টিভংগীৰ ওপৰত পাঁচদিনীয়া আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ হয়। বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগ, পুনেৰ আন্তঃবিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞান কেন্দ্ৰ (আয়ুকা) আৰু আইচিআৰডিয়ে আয়োজন কৰিছে ‘আইনষ্টাইনৰ সাধাৰণ তত্ত্ব আৰু ইয়াৰ বাহিৰত’ শীৰ্ষক এই বিশেষ কাৰ্যসূচী। পাঠ্যপুথিৰ তাত্ত্বিক জ্ঞান আধুনিক গৱেষণাৰ সৈতে সংযুক্ত কৰি এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৱেষণাৰ বাবে উপযোগী কৰি তোলাটোৱেই এই কৰ্মশালাৰ মূল উদ্দেশ্য।

দিনটোৰ উদ্বোধনী অধিৱেশনৰ সভাপতিত্ব কৰে আছাম বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক অশোক কুমাৰ সেনে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট গৱেষক পেট্ৰিক দাসগুপ্তাই। পৰম্পৰা অনুসৰি গছপুলিৰ ওপৰত পানী ঢালি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। মঞ্চত উপস্থিত থাকে পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিমাদ্ৰী শেখৰ দাস, ভৌতিক বিজ্ঞান বিদ্যালয়ৰ ডীন তথা কৰ্মশালাৰ সমন্বয়ক অধ্যাপক অত্ৰি দেশমুখ্য আৰু আয়ুকাৰ সমন্বয়ক ড° অপ্ৰতিম গংগোপাধ্যায়। তদুপৰি আই এছ আই কলকাতাৰ ড০ ভাস্বতী মণ্ডাল আৰু আই আই টি গুৱাহাটীৰ ড০ সায়ন চক্ৰৱৰ্তী বিশেষ আমন্ত্ৰিত গৱেষক বা ‘সম্পদ ব্যক্তি’ হিচাপে উপস্থিত থাকে। লগতে এই অনুষ্ঠানত উপস্থিত থাকে বিভাগটোৰ অধ্যাপক বি ইন্দ্ৰজিৎ শৰ্মা, ড° উৎপল সৰকাৰ, ড° বিধান মহন্ত আৰু ড° মহানন্দ বাৰো।

বিভাগটোৰ মুৰব্বী অধ্যাপক হিমাদ্ৰী শেখৰ দাসে আইকাৰ্ডৰ জৰিয়তে আয়োজন কৰা বিভিন্ন শৈক্ষিক আৰু জনসংযোগ কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে বিভাগটোত প্ৰতি বছৰে এনে উচ্চমানৰ আলোচনাৰ আয়োজন কৰা হয়, যাৰ ধাৰাবাহিকতাত বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অধ্যাপক জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ স্মৃতিত এক বিশেষ বক্তৃতাৰ আয়োজন কৰা হৈছিল। অধ্যাপক অত্ৰি দেশমুখ্য আৰু ড০ অপ্ৰতিম গংগোপাধ্যায়ে এনে কৰ্মশালাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰি আয়ুকাই কেনেদৰে শিক্ষানুষ্ঠানসমূহক এনে প্ৰথাৰ অনুশীলন কৰিবলৈ উৎসাহিত কৰি আছে তাৰ ওপৰত আলোকপাত কৰে। আনহাতে মুখ্য অতিথি পেট্ৰিক দাসগুপ্তাই নিপুণভাৱে বুজাই দিলে যে বৰ্তমানৰ কৃত্ৰিম বুদ্ধিমত্তাৰ যুগতো মানুহৰ বুদ্ধিমত্তা আৰু গণিতৰ অনুশীলন কিয় অপৰিহাৰ্য। তেওঁৰ মতে হাতেৰে অংক কৰিলে মগজুৰ চিন্তা শক্তিক এক নতুন মাত্ৰা প্ৰদান কৰে।

এই কৰ্মশালাত অসম আৰু ত্ৰিপুৰাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা মুঠ ৬১ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত পি এইচ ডি গৱেষক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ লগতে তিনিজন স্নাতক ছাত্ৰ-ছাত্ৰীও আছে। অতিথি শিক্ষয়িত্ৰী সঞ্চলি নাথ মজুমদাৰে আঁত ধৰা সমগ্ৰ অনুষ্ঠানটি ৰাষ্ট্ৰীয় সংগীতেৰে উদ্বোধনী অধিৱেশনৰ সামৰণি পৰে। কৃষ্ণগহ্বৰৰ পৰা আৰম্ভ কৰি বিশ্বব্ৰহ্মাণ্ডৰ বিৱৰ্তনলৈকে দেশৰ বিশিষ্ট বিজ্ঞানীসকলৰ আলোচনাত বিজ্ঞানৰ বিভিন্ন জটিল দিশা দিব।

RELATED ARTICLES
Lucknow
overcast clouds
34.1 ° C
34.1 °
34.1 °
52 %
2.5kmh
100 %
Sun
34 °
Mon
38 °
Tue
38 °
Wed
34 °
Thu
35 °

Most Popular