33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমএক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰিছে ৰাজ্য ■ ৰামদিয়াৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত বিপুল...

এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰিছে ৰাজ্য ■ ৰামদিয়াৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত বিপুল ডেকাক গুৱাহাটীত গ্ৰেপ্তাৰ

এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰিছে ৰাজ্য ■ ৰামদিয়াৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত বিপুল ডেকাক গুৱাহাটীত গ্ৰেপ্তাৰ

দুৰ্নীতিৰ দৰ্পণ হাজো, ৭ মে’: কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত ৰামদিয়া মাজৰকুৰি ৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত বিপুল ডেকা(৩৫)ক নিশা ৰামদিয়া আৰক্ষীয়ে গণেশগুৰি ফ্লাই অভাৰৰ তলত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ যে এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰিছে ৰাজ্য৷ ৰামদিয়া মাজৰকুৰি গাঁৱৰ দুই ভাতৃয়ে মোমায়েকৰ সৈতে মিলি একেখন গাঁৱৰে মুনিন্দ্ৰ ডেকা(১৯)ওৰফে চিকনা নামৰ যুৱক জনক ৰামদিয়াৰ হীৰাপাৰাত হত্যাকৰি ক’লাজল নদীত পেলাই দিয়াৰ এক ঘটনা পোহৰলৈ আহিছিল৷ ঘটনাৰ সন্দৰ্ভত প্ৰকাশ যে এক মে’ৰ নিশাৰ পৰা ৰামদিয়া মাজৰকুৰিৰ বাবুল ডেকাৰ পুত্ৰ মুনিন্দ্ৰ ডেকা ওৰফে চিকনা নামৰ যুৱক গৰাকী নিৰুদ্দেশ হৈ আছিল৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত ৰামদিয়া আৰক্ষীয়ে সোধ-পোচৰ বাবে ৰামদিয়া মাজৰকুৰিৰ প্ৰয়াত দিপুল ডেকা (ভেল্কা)ৰ দুই পুত্ৰ ৰাজু ডেকা আৰু মৃদুল ডেকাৰ লগতে আন দুগৰাকী যুৱকক সোধ পোচৰ বাবে আৰক্ষীয়ে থানালৈ আনি জেৰা কৰিছিল৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়তে ৰামদিয়া হীৰাপাৰাৰ এটা পথত কিছু তেজৰ দাগ দেখিবলৈ পাইছিল৷ যাৰ ফলত আৰক্ষীৰ সন্দেহ ওপজাত আটকাধীন যুৱক কেইজনক ঘটনাৰ সন্দৰ্ভত মাৰাথন জেৰা চলাইছিল আৰক্ষীৰ মাৰাথান জেৰাত জোলোঙাৰ মেকুৰী ওলাই পৰিছিল৷ ইফালে আৰক্ষীৰ জেৰাত দুই ভাতৃ ৰাজু ডেকা আৰু মৃদুল ডেকা লগতে তেওঁলোকৰ মোমায়েক বিপুল ডেকাই লগ লাগি মুনিন্দ্ৰ ডেকাক চোকা অস্ত্ৰৰে হত্যা কৰাৰ লগতে এটা বস্তাত ভৰাই ক’লাজল নৈৰ পানীত পেলাই দিয়া বুলি স্বীকাৰ কৰে৷ ৰাজু ডেকা আৰু মৃদুল ডেকাৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি গেন্ধেলেতাৰিৰ হীৰাপাৰাৰ ক’লাজল নদীত কামৰূপ আৰক্ষীৰ সহযোগত এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে যৌথ ভাৱে ক’লাজল নৈত মুনীন্দ্ৰ ডেকা নামৰ যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰিছিল৷ ৰামদিয়াৰ মিলপাৰাৰ সমীপত মেটেকাৰে আৱৰি থকা ক’লাজল নৈৰ বুকুৰ পৰা এন ডি আৰ এফ আৰু এচ ডি আৰ এফৰ ডুৱাৰুৱে মুনিন্দ্ৰৰ মৃতদেহ এটা বস্তাৰ ভিতৰত বান্ধি থকা অবস্থাত কৰিছিল৷ মৃতদেহৰ শৰীৰত চোকা অস্ত্ৰৰে আঘাত কৰা চিহ্ন স্পষ্ট হৈ আছিল৷ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকলৰ লগতে হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীৰ উপস্থিতিত মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰা হৈছিল৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে এই হত্যাকাণ্ডত অভিযুক্ত আন গৰাকী যুৱক বিপুল দাস পলাতক অৱস্থাত আছিল৷ ইফালে নিশা ৰামদিয়া আৰক্ষীয়ে অনুসন্ধান চলাই লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত বিপুল ডেকা(৩৫)ক গুৱাহাটীৰ গণেশগুৰি ফ্লাই অভাৰৰ তলত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আজি পুৱাৰ ভাগত অভিযুক্তক লগত লৈ আৰক্ষীয়ে ৰামদিয়াৰ হীৰাপাৰালৈ নি হত্যাকাণ্ডৰ সন্দৰ্ভত চৰদমিন তদন্তও চলাইছিল৷ সম্প্ৰতি অধিক তথ্যৰ বাবে তিনি হত্যাকাৰীক মাৰাথান জেৰা অব্যাহত ৰাখিছে৷ ইফালে আজি বিয়লি ভাগত মূনীন্দ্ৰ ডেকাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত লৈ অনাৰ পিছত আৰক্ষীৰ উপস্থিতত শোকাকুল পৰিবেশত স্থানীয় শ্মশানত শেষকৃত সম্পন্ন কৰা হয়৷

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular